--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জ্যোতিষশাস্ত্ৰৰ(Astrology) বহু কথাৰ আঁৰত কিছুমান বিশ্বাস লুকাই থাকে যিবোৰ কম সংখ্যক লোকেহে জানে। কিন্তু সেইবোৰ কথা অনুসৰণ কৰিলে জীৱনত সুফল পোৱা যায় বুলি ভবা হয়। এনে এটা বিশ্বাস হ’ল তিনিখন ৰুটী একেলগে এখন প্লেটত পৰিবেশন কৰিব নালাগে। হয়, প্ৰায়ে ঘৰত আইতা বা মায়ে কোৱা আমি শুনিবলৈ পাওঁ যে এখন প্লেটত একেলগে তিনিখন ৰুটী, লুচী,পুৰী বা পৰঠা দিব নালাগে।  ইয়াৰ আঁৰৰ বিশ্বাসৰ কথা আমি বহুতেই জানো আৰু বহুতেই নাজানো। জ্যোতিষশাস্ত্ৰত এই বিষয়ে কি কয় জানো আহক।

৩খন ৰুটী একেখন প্লেটত পৰিবেশন কৰা নহয় কাৰণ...

জ্যোতিষশাস্ত্ৰত তিনি নম্বৰটো ভাল বুলি গণ্য কৰা নহয়। বিশ্বাস অনুসৰি তিনি সংখ্যাটোক পূজাৰ পৰা বা আনকি সাধাৰণ জীৱনৰ পৰাও আঁতৰাই ৰখা হয়, যাৰ ফলত জীৱনত ইয়াৰ বেয়া প্ৰভাৱ কমি যায়। বিশ্বাস অনুসৰি মৃতকৰ বাবে সজোৱা থালত তিনিখন ৰুটী ৰখা হয় সেইবাবেই জীৱিত মানুহৰ থালত তিনিখন ৰুটী ৰখা নহয়। তেনে কৰাটো অশুভ বুলি গণ্য কৰা হয়। সেয়ে পৰিয়ালৰ লোকে এখন প্লেটত একেলগে ২-৪-৫ বা যিকোনো সংখ্যক ৰুটী দিয়ক মাত্ৰ তিনিখন ৰুটী দিয়াতো এৰাই চলিব লাগে।

ৰুটীৰ বাহিৰেও আমাৰ পৰিয়ালবোৰত খাদ্যৰ লগত জড়িত আন বহুতো বিশ্বাস জড়িত হৈ থাকে, যিবোৰ বহু লোকেই মানি আহিছে। মানুহে যুগ যুগ ধৰি ৩ ৰুটীৰ কথা বিশ্বাস কৰি আহিছে। ইয়াৰ কোনো বৈজ্ঞানিক ভিত্তি নাই। কিন্তু তথাপিও এইবোৰ কথা এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ চলি আহিছে আৰু জনসাধাৰণৰ জীৱনশৈলীৰ অংশ হৈ পৰিছে।


 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ