--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আইআইটি!দেশৰ কাৰিকৰী শিক্ষাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান৷যিখন শিক্ষানুষ্ঠানত অধ্যয়ন কৰাৰ সপোন অধিকাংশ শিক্ষাৰ্থীয়ে বুকুত কঢ়িয়াই ফুৰে৷কিন্তু এই আইআইটিৰ পাঠ্যক্ৰমৰ বোজা সহ্য কৰাটো সকলোৰে বাবে সহজ হৈ নুঠে৷পঢ়াৰ অত্যধিক বোজাৰ বাবে বহু শিক্ষাৰ্থীয়ে চৰম পন্থা বাছি ল’বলগীয়া হয়৷শেহতীয়াকৈ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান,খড়গপুৰৰ চতুৰ্থ বৰ্ষৰ এগৰাকী ছাত্ৰৰ মৃত্যুৰ ঘটনাই পুনৰবাৰ দেশৰ প্ৰতিথযশা শিক্ষানুষ্ঠানসমূহত শৈক্ষিক চাপৰ সন্মুখীন হোৱা ছাত্ৰ-ছাত্ৰীসকলৰ মানসিক স্বাস্থ্যৰ উদ্বেগজনক পৰিস্থিতি উদঙাই দিছে।

আইআইটি,খড়গপুৰৰ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং বিভাগৰ ছাত্ৰ কে কিৰণ চন্দ্ৰই বুধবাৰে আত্মহত্যা কৰি মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। মৃত ছাত্ৰজনৰ পিতৃয়ে দাবী কৰে যে চন্দ্ৰৰ ওপৰত পঢ়াৰ যথেষ্ট হেঁচা পৰিছিল।তদুপৰি কৰ্তৃপক্ষক প্ৰশ্ন কৰে যে “ইমান মানসিক চাপ কিয়? আমাৰ ল’ৰাটোক আইআইটিত ইমান কষ্ট কিয় দিয়া হৈছিল?” 

আইআইটি,খড়গপুৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা বিবৃতিত কোৱা হৈছে যে, "নিশা প্ৰায় ৭:৩০ মান বজালৈকে ছাত্ৰজন তেওঁৰ দুজন ৰুমমেটৰ সৈতে  হোষ্টেলৰ কোঠাত আছিল। পাছত বাকী দুজন ছাত্ৰই শৈক্ষিক কাৰ্যকলাপৰ বাবে ৰুমৰ পৰা আঁতৰি যায়। পৰৱৰ্তী সময়ত নিশা প্ৰায় ৮:৩০ বজাত আৱাসখনৰ সহযোগী বৰ্ডাৰে তেওঁৰ কোঠাটো ভিতৰৰ পৰা লক্‌ কৰা অৱস্থাত উদ্ধাৰ কৰে।"

উল্লেখ্য যে ছাত্ৰজনে লাল বাহাদুৰ শাস্ত্ৰী (এল বি এছ)ৰ আৱাসগৃহত বাস কৰিছিল। গোচৰ ৰুজু কৰাৰ পাছত ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত আৰম্ভ হৈছে।

ইয়াৰ পূৰ্বে ২০২২ চনত অসমৰ মেকানিকেল ইঞ্জিনিয়াৰিঙৰ তৃতীয় বৰ্ষৰ ছাত্ৰ এজনক হোষ্টেলৰ কোঠাত মৃত অৱস্থাত উদ্ধাৰ হৈছিল। ২৩ বছৰীয়া যুৱকজনৰ পিতৃ-মাতৃয়ে তেওঁক হত্যা কৰাৰ অভিযোগ তুলি কলিকতা উচ্চ ন্যায়ালয়ত দাখিল কৰিছিল। পাছত উচ্চ ন্যায়ালয়ে সমগ্ৰ ঘটনা তদন্তৰ বাবে বিশেষ তদন্তকাৰী দল (এছ আই টি) গঠন কৰিছিল,তদুপৰি মৃত্যুৰ তদন্তৰ বাবে আৰু সাক্ষীসকলৰ নাৰ্কো-এনালাইছিছ পৰীক্ষাৰো অনুমতি দিছিল।





FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement