--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আইআইটি!দেশৰ কাৰিকৰী শিক্ষাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান৷যিখন শিক্ষানুষ্ঠানত অধ্যয়ন কৰাৰ সপোন অধিকাংশ শিক্ষাৰ্থীয়ে বুকুত কঢ়িয়াই ফুৰে৷কিন্তু এই আইআইটিৰ পাঠ্যক্ৰমৰ বোজা সহ্য কৰাটো সকলোৰে বাবে সহজ হৈ নুঠে৷পঢ়াৰ অত্যধিক বোজাৰ বাবে বহু শিক্ষাৰ্থীয়ে চৰম পন্থা বাছি ল’বলগীয়া হয়৷শেহতীয়াকৈ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান,খড়গপুৰৰ চতুৰ্থ বৰ্ষৰ এগৰাকী ছাত্ৰৰ মৃত্যুৰ ঘটনাই পুনৰবাৰ দেশৰ প্ৰতিথযশা শিক্ষানুষ্ঠানসমূহত শৈক্ষিক চাপৰ সন্মুখীন হোৱা ছাত্ৰ-ছাত্ৰীসকলৰ মানসিক স্বাস্থ্যৰ উদ্বেগজনক পৰিস্থিতি উদঙাই দিছে।

আইআইটি,খড়গপুৰৰ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং বিভাগৰ ছাত্ৰ কে কিৰণ চন্দ্ৰই বুধবাৰে আত্মহত্যা কৰি মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। মৃত ছাত্ৰজনৰ পিতৃয়ে দাবী কৰে যে চন্দ্ৰৰ ওপৰত পঢ়াৰ যথেষ্ট হেঁচা পৰিছিল।তদুপৰি কৰ্তৃপক্ষক প্ৰশ্ন কৰে যে “ইমান মানসিক চাপ কিয়? আমাৰ ল’ৰাটোক আইআইটিত ইমান কষ্ট কিয় দিয়া হৈছিল?” 

আইআইটি,খড়গপুৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা বিবৃতিত কোৱা হৈছে যে, "নিশা প্ৰায় ৭:৩০ মান বজালৈকে ছাত্ৰজন তেওঁৰ দুজন ৰুমমেটৰ সৈতে  হোষ্টেলৰ কোঠাত আছিল। পাছত বাকী দুজন ছাত্ৰই শৈক্ষিক কাৰ্যকলাপৰ বাবে ৰুমৰ পৰা আঁতৰি যায়। পৰৱৰ্তী সময়ত নিশা প্ৰায় ৮:৩০ বজাত আৱাসখনৰ সহযোগী বৰ্ডাৰে তেওঁৰ কোঠাটো ভিতৰৰ পৰা লক্‌ কৰা অৱস্থাত উদ্ধাৰ কৰে।"

উল্লেখ্য যে ছাত্ৰজনে লাল বাহাদুৰ শাস্ত্ৰী (এল বি এছ)ৰ আৱাসগৃহত বাস কৰিছিল। গোচৰ ৰুজু কৰাৰ পাছত ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত আৰম্ভ হৈছে।

ইয়াৰ পূৰ্বে ২০২২ চনত অসমৰ মেকানিকেল ইঞ্জিনিয়াৰিঙৰ তৃতীয় বৰ্ষৰ ছাত্ৰ এজনক হোষ্টেলৰ কোঠাত মৃত অৱস্থাত উদ্ধাৰ হৈছিল। ২৩ বছৰীয়া যুৱকজনৰ পিতৃ-মাতৃয়ে তেওঁক হত্যা কৰাৰ অভিযোগ তুলি কলিকতা উচ্চ ন্যায়ালয়ত দাখিল কৰিছিল। পাছত উচ্চ ন্যায়ালয়ে সমগ্ৰ ঘটনা তদন্তৰ বাবে বিশেষ তদন্তকাৰী দল (এছ আই টি) গঠন কৰিছিল,তদুপৰি মৃত্যুৰ তদন্তৰ বাবে আৰু সাক্ষীসকলৰ নাৰ্কো-এনালাইছিছ পৰীক্ষাৰো অনুমতি দিছিল।





FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
কোটিপতি অৰ্জুন তেণ্ডুলকাৰ! আপুনি জানেনে জুনিয়ৰ শচীনৰ নেট ৱৰ্থ?
১৩টা বলত ৫০ ৰান! ১৩৬ বছৰীয়া অভিলেখ ভংগ এইগৰাকী খেলুৱৈৰ
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক