--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ  উচ্চতম ন্যায়ালয়ে শেহতীয়াকৈ  সমকামী বিবাহক আইনী বৈধতা প্ৰদান কৰিবলৈ অস্বীকাৰ কৰিছে। উচ্চতম ন্যায়ালয়ৰ এনে ৰায়ৰ পিছতে বহু চৰ্চিত লেখিকা তছলিমা নাছৰিনে ৰায়টোৰ  বিৰোধিতা কৰিছে। 

তছলিমাই ফেচবুকত লিখিছে , "দুজন মানুহে ইজনে সিজনক ভালপায়, তেওঁলোকে একেলগে থাকিব বিচাৰে। আইনে তেওঁলোকক দম্পতী হিচাপে স্বীকৃতি দিয়াটো উচিৎ  নহয় নেকি? তেওঁলোকৰ কাপোৰৰ আঁৰত কেনে ধৰণৰ লিংগ আছে, তেওঁলোকে  কেনেদৰে যৌন সম্ভোগ কৰিব সেয়া চোৱাৰ প্ৰয়োজনীয়তা কি?  যদি তেওঁলোক সুখী হয়, আমি যুঁজিবলৈ কোন? যদি তেওঁলোকে আনৰ কোনো ক্ষতি নকৰে, তেন্তে  কোনেও এইবিষয়ত আপত্তি কৰিব নালাগে। "


তছলিমাই কৈছে  যে তেওঁ বহু সমকামী দম্পতীক আনৰ  শুক্ৰাণুৰ জড়িয়তে  গৰ্ভৱতী হোৱা দেখিছে। তছলিমাৰ মতে শিশুৰ প্ৰতিপালনৰ ক্ষেত্ৰত সমকামীসকল আন  ছোৱালীতকৈ কোনো গুণে কম নহয়। বহুক্ষেত্ৰত, তেওঁলোকে এই বিষয়ত  অধিক জানে বুলিও তছলিমাই মন্তব্য কৰে। ।উল্লেখ্য  দেশত বহু দিনৰে পৰা সমকামী বিবাহৰ অনুমতি বিচাৰি বিভিন্ন সংগঠনে দাবী জনাই আহিছে।  এনে সময়তে অলপতে  উচ্চতম ন্যায়ালয়ে সমলিংগ বিবাহৰ প্ৰসংগত এক গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰে।  উচ্চতম ন্যায়ালয়ে কয় যে সমলিংগ বিবাহক আইনী বৈধতা প্ৰদান কৰিব নোৱাৰি। আদালতে এই বিষয়ত  সিদ্ধান্ত লোৱাৰ ভাৰ  চৰকাৰৰ ওপৰত এৰি দিয়ে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে মন্তব্য কৰে, "বিবাহৰ পৰম্পৰা এক কঠোৰ, অটল বস্তু বিষয় । বিবাহত বিৱৰ্তন আহে। জীৱন সংগী বাছনি কৰাটো সকলোৰে জীৱনৰ এক অবিচ্ছেদ্য অংগ। "

তেওঁ অৱশ্যে সমলিংগ বিবাহক আইনী বৈধতা প্ৰদান কৰিব নোৱাৰি বুলি কয়। অৱশ্যে মঙলবাৰে  উচ্চতম ন্যায়ালয়ে মঙলবাৰে সমলিংগ বিবাহ আইনৰ গোচৰত ৰায় প্ৰদান কৰি স্পষ্টভাবে কয় যে  সমলিংগ  বিবাহৰ বাবে এই মুহূৰ্তত কোনো সন্মতি নাই। আদালতে কয়-" সমলিংগ বিবাহৰ অনুমতি এই মুহূৰ্তত নাই। উচ্চতম ন্যায়ালয়ে সিদ্ধান্তটো চৰকাৰৰ ওপৰত এৰি দিছে।’’


মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ৰ নেতৃত্বত পাঁচজনীয়া সংবিধান বিচাৰপীঠে ১০ দিনীয়া শুনানিৰ পিছত ১১ মে'ত ইয়াৰ ৰায় সংৰক্ষিত ৰাখিছিল।  আদালতে সমকামী বিবাহৰ পক্ষপাতী আছিল কিন্তু আইনী সিদ্ধান্ত লোৱাৰ দায়িত্ব কেন্দ্ৰৰ ওপৰত এৰি দিয়ে। অৱশ্যে কেন্দ্ৰই আৰম্ভণিৰে পৰাই সমকামী বিবাহ বৈধকৰণৰ দাবীৰ বিৰোধিতা কৰি আহিছে। কেন্দ্ৰই কৈ আহিছে  যে এয়া  চহৰীয়া অভিজাত লোক একাংশৰ  ধাৰণা। কেন্দ্ৰই এইবুলিও কৈ আহিছে যে যে যদি এনে বিবাহ বৈধ কৰা হয়, তেন্তে বিবাহ নামৰ প্ৰতিষ্ঠানটোক আক্ৰমণ কৰা হ'ব। বৰ্তমানৰ উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ ওপৰত কেন্দ্ৰই কি সিদ্ধান্ত লয় সেয়া লক্ষ্যণীয় হ’ব।






FOLLOW US F
POPULAR
FEATURE
TRENDY
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
তিতাবৰত লাভ জেহাদৰ ভয়ংকৰ ঘটনা!  বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন
অটো চালক জামছেদ আলীৰ অসভ্যালি! মহিলাক যাত্ৰীক গন্তব্য স্থানৰ পৰিবৰ্তে অন্য স্থানলৈ নিয়াৰ চেষ্টা
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক