--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ  উচ্চতম ন্যায়ালয়ে শেহতীয়াকৈ  সমকামী বিবাহক আইনী বৈধতা প্ৰদান কৰিবলৈ অস্বীকাৰ কৰিছে। উচ্চতম ন্যায়ালয়ৰ এনে ৰায়ৰ পিছতে বহু চৰ্চিত লেখিকা তছলিমা নাছৰিনে ৰায়টোৰ  বিৰোধিতা কৰিছে। 

তছলিমাই ফেচবুকত লিখিছে , "দুজন মানুহে ইজনে সিজনক ভালপায়, তেওঁলোকে একেলগে থাকিব বিচাৰে। আইনে তেওঁলোকক দম্পতী হিচাপে স্বীকৃতি দিয়াটো উচিৎ  নহয় নেকি? তেওঁলোকৰ কাপোৰৰ আঁৰত কেনে ধৰণৰ লিংগ আছে, তেওঁলোকে  কেনেদৰে যৌন সম্ভোগ কৰিব সেয়া চোৱাৰ প্ৰয়োজনীয়তা কি?  যদি তেওঁলোক সুখী হয়, আমি যুঁজিবলৈ কোন? যদি তেওঁলোকে আনৰ কোনো ক্ষতি নকৰে, তেন্তে  কোনেও এইবিষয়ত আপত্তি কৰিব নালাগে। "


তছলিমাই কৈছে  যে তেওঁ বহু সমকামী দম্পতীক আনৰ  শুক্ৰাণুৰ জড়িয়তে  গৰ্ভৱতী হোৱা দেখিছে। তছলিমাৰ মতে শিশুৰ প্ৰতিপালনৰ ক্ষেত্ৰত সমকামীসকল আন  ছোৱালীতকৈ কোনো গুণে কম নহয়। বহুক্ষেত্ৰত, তেওঁলোকে এই বিষয়ত  অধিক জানে বুলিও তছলিমাই মন্তব্য কৰে। ।উল্লেখ্য  দেশত বহু দিনৰে পৰা সমকামী বিবাহৰ অনুমতি বিচাৰি বিভিন্ন সংগঠনে দাবী জনাই আহিছে।  এনে সময়তে অলপতে  উচ্চতম ন্যায়ালয়ে সমলিংগ বিবাহৰ প্ৰসংগত এক গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰে।  উচ্চতম ন্যায়ালয়ে কয় যে সমলিংগ বিবাহক আইনী বৈধতা প্ৰদান কৰিব নোৱাৰি। আদালতে এই বিষয়ত  সিদ্ধান্ত লোৱাৰ ভাৰ  চৰকাৰৰ ওপৰত এৰি দিয়ে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে মন্তব্য কৰে, "বিবাহৰ পৰম্পৰা এক কঠোৰ, অটল বস্তু বিষয় । বিবাহত বিৱৰ্তন আহে। জীৱন সংগী বাছনি কৰাটো সকলোৰে জীৱনৰ এক অবিচ্ছেদ্য অংগ। "

তেওঁ অৱশ্যে সমলিংগ বিবাহক আইনী বৈধতা প্ৰদান কৰিব নোৱাৰি বুলি কয়। অৱশ্যে মঙলবাৰে  উচ্চতম ন্যায়ালয়ে মঙলবাৰে সমলিংগ বিবাহ আইনৰ গোচৰত ৰায় প্ৰদান কৰি স্পষ্টভাবে কয় যে  সমলিংগ  বিবাহৰ বাবে এই মুহূৰ্তত কোনো সন্মতি নাই। আদালতে কয়-" সমলিংগ বিবাহৰ অনুমতি এই মুহূৰ্তত নাই। উচ্চতম ন্যায়ালয়ে সিদ্ধান্তটো চৰকাৰৰ ওপৰত এৰি দিছে।’’


মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ৰ নেতৃত্বত পাঁচজনীয়া সংবিধান বিচাৰপীঠে ১০ দিনীয়া শুনানিৰ পিছত ১১ মে'ত ইয়াৰ ৰায় সংৰক্ষিত ৰাখিছিল।  আদালতে সমকামী বিবাহৰ পক্ষপাতী আছিল কিন্তু আইনী সিদ্ধান্ত লোৱাৰ দায়িত্ব কেন্দ্ৰৰ ওপৰত এৰি দিয়ে। অৱশ্যে কেন্দ্ৰই আৰম্ভণিৰে পৰাই সমকামী বিবাহ বৈধকৰণৰ দাবীৰ বিৰোধিতা কৰি আহিছে। কেন্দ্ৰই কৈ আহিছে  যে এয়া  চহৰীয়া অভিজাত লোক একাংশৰ  ধাৰণা। কেন্দ্ৰই এইবুলিও কৈ আহিছে যে যে যদি এনে বিবাহ বৈধ কৰা হয়, তেন্তে বিবাহ নামৰ প্ৰতিষ্ঠানটোক আক্ৰমণ কৰা হ'ব। বৰ্তমানৰ উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ ওপৰত কেন্দ্ৰই কি সিদ্ধান্ত লয় সেয়া লক্ষ্যণীয় হ’ব।






FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ ক্ষতি নকৰিব; কি খাদ্যৰ লগত কি খাদ্য খাব নালাগে জানি লওক
আমেৰিকা-ইজৰাইলৰ প্রবল আক্রমণৰ পাছতো ক্ষেপণাস্ত্র-ড্র’ন অক্ষত অৱস্থাত মজুত হৈ আছে ইৰানৰ
মেৰাপানীত অৰুণাচলী সুৰা ভৰ্ত্তি এখন বৃহৎ ট্ৰাক জব্দ
ডিব্ৰুগড় জে’লত পুনৰ গ্ৰেপ্তাৰ হ’ব অমৃতপাল সিং, NSAৰ জিম্মাৰ ম্যাদ অন্ত
সেনাৰ গতি-বিধিৰ ছবি পাকিস্তানলৈ, গ্ৰেপ্তাৰ ৩০
চৰকাৰী চাকৰি সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়; অৰ্হতাৰ মূল মাপকাঠীসমূহ পূৰণ নকৰিলে পদৰ অযোগ্য হ’ব প্রার্থী
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান