--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমেৰিকা যুক্তৰাষ্ট্ৰত কিছুদিনপূৰ্বে সংঘটিত হোৱা গুলীয়াগুলীৰ ঘটনাৰ পাছত স্মৃতিচাৰণ অনুষ্ঠান তথা গ্ৰীষ্মকালীন বেচৰকাৰী সূচনাৰ পাছতে দেশখনত বিগত ৭ দিনত ক’ভিড-১৯ৰ সংক্ৰমণৰ হাৰ ৬গুণলৈ বৃদ্ধি পাইছে। বিগত বৰ্ষৰ তুলনাত ক্ৰমশঃ কৰ’না সংক্ৰমণৰ হাৰ বৃদ্ধি পোৱা বুলি ‘দ্য হিল’ কাকতত প্ৰকাশ পাইছে।

জনছ হপকিন্স ক’ৰোনা ভাইৰাছ ৰিচ’ৰ্ছ চেণ্টাৰে জনোৱা মতে, আমেৰিকাত শনিবাৰলৈ ৭ দিনত গড়ে ১ লাখ ১৯ হাজাৰ ৭২৫ গৰাকী কৰ’নাক্ৰান্তক চিনাক্ত কৰা হৈছে। বিগত বৰ্ষৰ ২৬ মে’ত আক্ৰান্তৰ সংখ্যা আছিল ১৬,০০৬ জন।

বহু লোকে ঘৰতে ক’ভিড-১৯ পৰীক্ষা কৰিছে যদিও ৰিপৰ্ট অহা নাই। সেইবাবে আক্ৰান্তৰ সংখ্যা আৰু অধিক বৃদ্ধি পাব বুলি বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে। আমেৰিকাৰ স্বাস্থ্য বিষয়াসকলে পুনৰ এই মহামাৰীৰ আন এক ঢৌৰ মুখামুখি হ’বলৈ বিচৰা নাই। এই সন্দৰ্ভত আমেৰিকাৰ জনসাধাৰণক সতৰ্ক কৰি দিছে বিশেষজ্ঞসকলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত