--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিৰাট কোহলীৰ বেটত ভাল ৰান আহিবনে?  অনুৰাগীৰ মনত এইটো এতিয়া দৈনন্দিন প্ৰশ্নত পৰিণত হৈছে। মুকলি মনেৰে বেটিং কৰিম বুলি কিং কোহলীয়ে বিগত ছিজনতে অধিনায়কত্বৰ পৰা আঁতৰি আহিছিল। কিন্তু অশেষ প্ৰচেষ্টাৰ অন্ততো কোহলীৰ বেটৰ পৰা অহা নাই প্ৰত্যাশিত ৰান। আগৰ দৰে চলিত ছিজনৰ আইপিএলত উজলি উঠা নাই কোহলী। বেছিভাগ খেলতে স্তবিৰ হৈ পৰিছে কোহলীৰ বেট।শূন্যৰ আতংকই যেন খেদি ফুৰিছে কোহলীক! কোহলীৰ উন্নত প্ৰদৰ্শনক কেন্দ্ৰ কৰি নানা ধৰণৰ কথা-বাৰ্তা চৰ্চা হৈ থকাৰ সময়তে দিল্লী কেপিটেলছৰ তাৰকা বেটাৰ ডেভিদ ৱাৰ্ণাৰে বিৰাট কোহলীক দিছে এক বিশেষ পৰামৰ্শ। আৰু এই পৰামৰ্শই এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰা পৰিলক্ষিত হৈছে।

উন্নত ফৰ্মত আছে ৱাৰ্ণাৰ। চলিত ছিজনত অপেনিং কৰিবলৈ যোৱা বেটাৰগৰাকীয়ে ১৫০ তকৈ অধিক ষ্ট্ৰাইক ৰেটৰ সৈতে ২৬৪ ৰান সংগ্ৰহ কৰিছে। অষ্ট্ৰেলিয়ান অপেনাৰজনৰ মতে, সকলো খেলুৱৈৰ জীৱনলৈ বেয়া সময় আহে।  কিন্তু তেনে সময়ত প্ৰচেষ্টা এৰি দিয়া উচিত নহয়। ৱাৰ্ণাৰে কয়, ‘এই সময়ত নিজৰ ওপৰত আস্থা ৰখাটো অতি গুৰুত্বপূৰ্ণ। যিমানেই মহান খেলুৱৈ নহওক কিয়, বেয়া সময় আহিবই। কিছুমান ক্ষেত্ৰত, এই সময় দীঘলীয়াও হ'ব পাৰে, কিন্তু নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগিব। ’

কিন্তু ৱাৰ্ণাৰে কোহলীক দিয়া বিশেষ পৰামৰ্শটো কি? তেওঁ কয়, ‘আৰু দুটা সন্তান জন্ম দিয়ক। তেওঁলোকৰ প্ৰেম উপভোগ কৰক।’ ৱাৰ্ণাৰে লগতে কয় যে, শেহতীয়া ফৰ্ম বেয়া হ'লেও, এজন খেলুৱৈৰ দক্ষতা হ্ৰাস নাপায় কেতিয়াও। গতিকে, ইয়াৰ বিষয়ে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। উল্লেখ্য যে, ৱাৰ্ণাৰ তিনি কন্যাৰ পিতৃ। বল টেম্পাৰিং কেলেংকাৰীৰ বাবে এবছৰ নিষেধাজ্ঞা আৰোপ কৰাৰ পাছত তেওঁৰ জীৱনলৈ আহিছিল তৃতীয় কন্যা। ৱাৰ্ণাৰে বহুবাৰ কৈছে যে, আইলা তেওঁৰ জীৱনলৈ অহাৰ লগে লগে বেয়া সময়ত তেওঁ মানসিক সকাহ লাভ কৰিছিল। অৱশ্যে, ৱাৰ্ণাৰৰ শেহতীয়া পৰামৰ্শৰ প্ৰতি বিৰাট কোহলীয়ে কোনোধৰণৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত