--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিৰাট কোহলীৰ বেটত ভাল ৰান আহিবনে?  অনুৰাগীৰ মনত এইটো এতিয়া দৈনন্দিন প্ৰশ্নত পৰিণত হৈছে। মুকলি মনেৰে বেটিং কৰিম বুলি কিং কোহলীয়ে বিগত ছিজনতে অধিনায়কত্বৰ পৰা আঁতৰি আহিছিল। কিন্তু অশেষ প্ৰচেষ্টাৰ অন্ততো কোহলীৰ বেটৰ পৰা অহা নাই প্ৰত্যাশিত ৰান। আগৰ দৰে চলিত ছিজনৰ আইপিএলত উজলি উঠা নাই কোহলী। বেছিভাগ খেলতে স্তবিৰ হৈ পৰিছে কোহলীৰ বেট।শূন্যৰ আতংকই যেন খেদি ফুৰিছে কোহলীক! কোহলীৰ উন্নত প্ৰদৰ্শনক কেন্দ্ৰ কৰি নানা ধৰণৰ কথা-বাৰ্তা চৰ্চা হৈ থকাৰ সময়তে দিল্লী কেপিটেলছৰ তাৰকা বেটাৰ ডেভিদ ৱাৰ্ণাৰে বিৰাট কোহলীক দিছে এক বিশেষ পৰামৰ্শ। আৰু এই পৰামৰ্শই এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰা পৰিলক্ষিত হৈছে।

উন্নত ফৰ্মত আছে ৱাৰ্ণাৰ। চলিত ছিজনত অপেনিং কৰিবলৈ যোৱা বেটাৰগৰাকীয়ে ১৫০ তকৈ অধিক ষ্ট্ৰাইক ৰেটৰ সৈতে ২৬৪ ৰান সংগ্ৰহ কৰিছে। অষ্ট্ৰেলিয়ান অপেনাৰজনৰ মতে, সকলো খেলুৱৈৰ জীৱনলৈ বেয়া সময় আহে।  কিন্তু তেনে সময়ত প্ৰচেষ্টা এৰি দিয়া উচিত নহয়। ৱাৰ্ণাৰে কয়, ‘এই সময়ত নিজৰ ওপৰত আস্থা ৰখাটো অতি গুৰুত্বপূৰ্ণ। যিমানেই মহান খেলুৱৈ নহওক কিয়, বেয়া সময় আহিবই। কিছুমান ক্ষেত্ৰত, এই সময় দীঘলীয়াও হ'ব পাৰে, কিন্তু নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগিব। ’

কিন্তু ৱাৰ্ণাৰে কোহলীক দিয়া বিশেষ পৰামৰ্শটো কি? তেওঁ কয়, ‘আৰু দুটা সন্তান জন্ম দিয়ক। তেওঁলোকৰ প্ৰেম উপভোগ কৰক।’ ৱাৰ্ণাৰে লগতে কয় যে, শেহতীয়া ফৰ্ম বেয়া হ'লেও, এজন খেলুৱৈৰ দক্ষতা হ্ৰাস নাপায় কেতিয়াও। গতিকে, ইয়াৰ বিষয়ে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। উল্লেখ্য যে, ৱাৰ্ণাৰ তিনি কন্যাৰ পিতৃ। বল টেম্পাৰিং কেলেংকাৰীৰ বাবে এবছৰ নিষেধাজ্ঞা আৰোপ কৰাৰ পাছত তেওঁৰ জীৱনলৈ আহিছিল তৃতীয় কন্যা। ৱাৰ্ণাৰে বহুবাৰ কৈছে যে, আইলা তেওঁৰ জীৱনলৈ অহাৰ লগে লগে বেয়া সময়ত তেওঁ মানসিক সকাহ লাভ কৰিছিল। অৱশ্যে, ৱাৰ্ণাৰৰ শেহতীয়া পৰামৰ্শৰ প্ৰতি বিৰাট কোহলীয়ে কোনোধৰণৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ