--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অষ্ট্ৰেলিয়ান  অপেনাৰ ডেভিদ ৱাৰ্ণাৰে 'দ্য ইউনিভাৰ্ছ বছ'ক অতিক্ৰম কৰিছে। দিল্লী কেপিটেলছৰ অপেনাৰজনে টি-২০ ক্ৰিকেটত অৰ্ধশতক অৰ্জন কৰা কেৰিবিয়ান দৈত্য ক্ৰিছ গেইলৰ অভিলেখ অতিক্ৰম কৰিছে। বৃহস্পতিবাৰে আইপিএলৰ পুৰণা দল হায়দৰাবাদক কাষত পাই জ্বলি উঠিছিল ডেভিদ ৱাৰ্ণাৰ। খেলিলে অপৰাজিত ৯২ ৰানৰ দুৰ্দান্ত ইনিংছ। দলক দিলে চমকপ্ৰদ জয়। আৰু ইয়াৰ লগতে বিশ্বৰেকৰ্ডৰ গৰাকী হ’ল ডেভিদ ৱাৰ্ণাৰ। অভিলেখৰ সমান্তৰালকৈ ল’লে প্ৰতিশোধো।

টি-২০ ক্ৰিকেটত এতিয়া সৰ্বাধিক অৰ্ধশতক অৰ্জনকাৰী ক্ৰিকেটাৰত পৰিণত হৈছে ডেভিদ ৱাৰ্ণাৰ। হায়দৰাবাদৰ বিৰুদ্ধে মাত্ৰ ৩৪টা বলত অৰ্ধশতক অৰ্জন কৰিলে এইগৰাকী অষ্ট্ৰেলিয়ান তাৰকা ক্ৰিকেটাৰে। ইয়াৰ লগে লগে ৱাৰ্ণাৰে অতিক্ৰম কৰিলে ক্ৰিছ গেইলক। টি-২০ ক্ৰিকেটত এতিয়ালৈকে সৰ্বাধিক ৮৮টা অৰ্ধশকত অৰ্জেনেৰে অভিলেখ আছিল ক্ৰিছ গেইলৰ নামত। এতিয়াৰে পৰা সৰ্বাধিক অৰ্ধশতক অৰ্জনকাৰীৰ তালিকাৰ শীৰ্ষ স্থানত ডেভিদ ৱাৰ্ণাৰ। বৰ্তমান ৱাৰ্ণাৰ বেটৰ পৰা মুঠ ৮৯টা অৰ্ধশতক আহিছে।

ৱাৰ্ণাৰ আৰু গেইলৰ পিছতে আছে বিৰাট কোহলী (৭৭), এৰন ফিঞ্চ (৭০) আৰু ৰোহিত শৰ্মা (৬৯)।ৰোমাঞ্চকৰ খেলখনৰ শেষত ৱাৰ্ণাৰে ৫৮ টা বলত ৯২ ৰান সংগ্ৰহ কৰে।  ১২ টা বাউণ্ডেৰী আৰু ৩টা অ’ভাৰ বাউণ্ডেৰীৰে এই লক্ষ্যত উপনীত হয় ৱাৰ্ণাৰে। স্মৰ্তব্য যে, ৱাৰ্ণাৰৰ নেতৃত্বতে ৬বছৰ পূৰ্বে হায়দৰাবাদে আইপিএলৰ খিতাপ দখল কৰিছিল। তাৰ পিছত তেওঁ কেইবা বছৰ ধৰি দলটোৰ হৈ ভাল ৰান কৰিছিল; কিন্তু বিগত ছিজনত দুৰ্বল প্ৰদৰ্শনৰ বাবে প্ৰথমে তেওঁৰ পৰা কাঢ়ি লোৱা হৈছিল অধিনায়ক পদ।

স্বাভাৱিকতে অপমানিত হৈছিল ৱাৰ্ণাৰ।পৰৱৰ্তী সময়ত দলৰ পৰাও বাদ দিয়া হয় এইগৰাকী ক্ৰিকেটাৰক। হায়দৰাবাদক পৰাস্ত কৰি একপ্ৰকাৰ প্ৰতিশোধ লোৱা বুলিয়েই এতিয়া ধাৰণা কৰি লৈছে ক্ৰীড়ানুৰাগীয়ে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
সেমেকা মন, সেমেকা দুচকু; ‘হিয়াৰ আমঠু’ অবিহনে আজি প্ৰথমটো জন্মদিন উদযাপন অসমীয়াৰ
নগৰবেৰাত ১২টা চুৰি গৰু জব্দ; গ্ৰেপ্তাৰ দুই সৰবৰাহকাৰী চাত্তাৰ আলী আৰু আবেদ আলী
ডিগবৈত ভয়ংকৰ পথ দুৰ্ঘটনা; ডাম্পাৰ-মটৰচাইকেলৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত সেনা জোৱান
মহাৰাষ্ট্ৰত মহাবিকাশ অঘাড়ীত বিভাজনৰ সম্ভাৱনা, BMCৰ নিৰ্বাচনত অকলে যুঁজিব কংগ্ৰেছে
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ওপজা দিন ৩ দিনীয়াকৈ উদযাপন আছুৰ
'বিহাৰত ব্যাপক হাৰত হৈছিল ভোট চুৰি', শোচনীয় পৰাজয়ৰ পাছত কংগ্ৰেছৰ চিন্তন বৈঠকত অভিযোগ
দুবৰি বনৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ! জানিলে আচৰিত হʼব আপুনি
তিৰুপতি মন্দিৰলৈ ২৫০ কোটি টকাৰ ভেজাল ঘিউ
ৰূপহীহাটৰ ঔআনাত বৃহৎ পৰিমাণৰ নিষিদ্ধ ক'ফ চিৰাফ জব্দ; আটক ৰফিকুল ইছলাম
কেপচিকামৰ নানা স্বাস্থ্য উপকাৰী গুণ
হাজো উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হুৱাদুৱা! বিদ্যালয়খনৰ পুৰণি বিজ্ঞান ভৱনৰ দুৱাৰত দুৰ্বৃত্তই লগাই দিলে জুই
দিল্লীত বছৰটোৰ ভিতৰতে সবাতোকৈ শোচনীয় বায়ুৰ মান সূচকাংক
ফতেহপুৰৰ ঘৰে ঘৰে চলালে তালাচী; ফালাহ বিশ্ববিদ্যালয়ত এহাজাৰ আৰক্ষীৰ
ঘৰত অপৰাজিতাৰ ফুল থকাটো অতি শুভ! কোন দিশত ৰোপণ কৰিলে শুভফল পোৱা যায়, জানেনে?