--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অষ্ট্ৰেলিয়ান  অপেনাৰ ডেভিদ ৱাৰ্ণাৰে 'দ্য ইউনিভাৰ্ছ বছ'ক অতিক্ৰম কৰিছে। দিল্লী কেপিটেলছৰ অপেনাৰজনে টি-২০ ক্ৰিকেটত অৰ্ধশতক অৰ্জন কৰা কেৰিবিয়ান দৈত্য ক্ৰিছ গেইলৰ অভিলেখ অতিক্ৰম কৰিছে। বৃহস্পতিবাৰে আইপিএলৰ পুৰণা দল হায়দৰাবাদক কাষত পাই জ্বলি উঠিছিল ডেভিদ ৱাৰ্ণাৰ। খেলিলে অপৰাজিত ৯২ ৰানৰ দুৰ্দান্ত ইনিংছ। দলক দিলে চমকপ্ৰদ জয়। আৰু ইয়াৰ লগতে বিশ্বৰেকৰ্ডৰ গৰাকী হ’ল ডেভিদ ৱাৰ্ণাৰ। অভিলেখৰ সমান্তৰালকৈ ল’লে প্ৰতিশোধো।

টি-২০ ক্ৰিকেটত এতিয়া সৰ্বাধিক অৰ্ধশতক অৰ্জনকাৰী ক্ৰিকেটাৰত পৰিণত হৈছে ডেভিদ ৱাৰ্ণাৰ। হায়দৰাবাদৰ বিৰুদ্ধে মাত্ৰ ৩৪টা বলত অৰ্ধশতক অৰ্জন কৰিলে এইগৰাকী অষ্ট্ৰেলিয়ান তাৰকা ক্ৰিকেটাৰে। ইয়াৰ লগে লগে ৱাৰ্ণাৰে অতিক্ৰম কৰিলে ক্ৰিছ গেইলক। টি-২০ ক্ৰিকেটত এতিয়ালৈকে সৰ্বাধিক ৮৮টা অৰ্ধশকত অৰ্জেনেৰে অভিলেখ আছিল ক্ৰিছ গেইলৰ নামত। এতিয়াৰে পৰা সৰ্বাধিক অৰ্ধশতক অৰ্জনকাৰীৰ তালিকাৰ শীৰ্ষ স্থানত ডেভিদ ৱাৰ্ণাৰ। বৰ্তমান ৱাৰ্ণাৰ বেটৰ পৰা মুঠ ৮৯টা অৰ্ধশতক আহিছে।

ৱাৰ্ণাৰ আৰু গেইলৰ পিছতে আছে বিৰাট কোহলী (৭৭), এৰন ফিঞ্চ (৭০) আৰু ৰোহিত শৰ্মা (৬৯)।ৰোমাঞ্চকৰ খেলখনৰ শেষত ৱাৰ্ণাৰে ৫৮ টা বলত ৯২ ৰান সংগ্ৰহ কৰে।  ১২ টা বাউণ্ডেৰী আৰু ৩টা অ’ভাৰ বাউণ্ডেৰীৰে এই লক্ষ্যত উপনীত হয় ৱাৰ্ণাৰে। স্মৰ্তব্য যে, ৱাৰ্ণাৰৰ নেতৃত্বতে ৬বছৰ পূৰ্বে হায়দৰাবাদে আইপিএলৰ খিতাপ দখল কৰিছিল। তাৰ পিছত তেওঁ কেইবা বছৰ ধৰি দলটোৰ হৈ ভাল ৰান কৰিছিল; কিন্তু বিগত ছিজনত দুৰ্বল প্ৰদৰ্শনৰ বাবে প্ৰথমে তেওঁৰ পৰা কাঢ়ি লোৱা হৈছিল অধিনায়ক পদ।

স্বাভাৱিকতে অপমানিত হৈছিল ৱাৰ্ণাৰ।পৰৱৰ্তী সময়ত দলৰ পৰাও বাদ দিয়া হয় এইগৰাকী ক্ৰিকেটাৰক। হায়দৰাবাদক পৰাস্ত কৰি একপ্ৰকাৰ প্ৰতিশোধ লোৱা বুলিয়েই এতিয়া ধাৰণা কৰি লৈছে ক্ৰীড়ানুৰাগীয়ে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ