--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে আগৰ এখন মেচত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে মাত্ৰ ৬৮ ৰানতে অল আউট হৈছিল। ছানৰাইজাৰ্ছে অতি সহজে এই মেচখনত জয়ী হৈছিল। দেওবাৰে পূৰ্বৰ সেই পৰাজয়ৰ যেন মধুৰ প্ৰতিশোধ ল’লে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে। এইবাৰ আৰচিবিৰ হাতত ছানৰাইজাৰ্ছ হায়দৰাবাদে ৬৭ ৰানত পৰাস্ত হয়। টছত জয়ী হৈ প্ৰথমে ইনিংছ মুকলিৰ সিদ্ধান্ত লয় বাংগালুৰুৱে। কিন্তু আৰম্ভণিতে বিপৰ্যয়ৰ সন্মুখীন হয় বাংগালুৰু। 

এবাৰ দুবাৰ নহয়, তিনিবাৰ। আকৌ এবাৰ 'গোল্ডেন ডাক' কোহলীৰ। অৰ্থাৎ, প্ৰথম বলতেই আউট। বিফলতাই যেন লগ নেৰা হৈছে বিৰাট কোহলীক। দেওবাৰে ইনিংছ মুকলি কৰিবলৈ আহি প্ৰথম বলতে পেভেলিয়নমুখী হয়। কোহলীৰ উইকেটৰ প্ৰভাৱ পৰে দলটোত। অৱশ্যে, ফাফ ডু প্লেচি আৰু ৰজত পাতিদাৰৰ প্ৰত্যাৱৰ্তে দলটোক গতি দিয়ে। ১০৫ৰানৰ যুটীয়া ইনিংছ উপহাৰ দিয়ে দুয়ো। 

ৰজত পাতিদাৰে পেভেলিয়নমুখী হোৱাৰ পাছত আৰচিবিৰ অধিনায়ক ডু প্লেচিছ আৰু গ্লেন মেক্সৱেলে  অব্যাহত ৰাখিছিল যুঁজ। দুয়োজনে ৫৪ ৰানৰ অংশীদাৰীত্ব আগবঢ়ায়। গ্লেন মেক্সৱেলে ২৪ টা বলত ৩৩ ৰানৰ বৰঙণি আগবঢ়ায়। প্ৰতিযোগিতাৰ শেষত দেখিবলৈ পোৱা যায় দীনেশ কাৰ্তিকৰ বেটিং ধুমুহা। পূৰ্বৰ প্ৰতিযোগিতা সমূহৰ দৰে আজিও ইয়াৰ ব্যতিক্ৰম নহয়। কাৰ্তিকে মাত্ৰ ৮ টা বলতে ৩০ ৰানৰ ঈৰ্ষণীয় ইনিংছ খেলে। তেওঁৰ বেটৰ পৰা আহে ৪টা অ’ভাৰ বাউণ্ডেৰী। কাৰ্তিকৰ বেটিং ধুমুহাৰ বাবেই আৰচিবিয়ে ১৯২ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়। 

মন কৰিবলগীয়া যে, দুঃস্বপ্নৰ আইপিএল চলিছে কোহলী, কেন উইলিয়ামছনৰ। কোহলীৰ দৰে উইলিয়ামছনেও নিজৰ একাউণ্ট নোখোলাকৈয়ে আউট হয়। আন এজন অপেনাৰ অভিষেক শৰ্মাও মেক্সৱেলৰ বলত আউট হয়। ইনিংছৰ আৰম্ভণিতে ২টা উইকেট হেৰুৱাই চাপ অনুভৱ কৰিবলৈ আৰম্ভ কৰে ছানৰাইজাৰ্ছ হায়দৰাবাদে। ৰাহুল ত্ৰিপাঠী আৰু মাৰ্ক্ৰামে ৪৯ ৰানৰ বৰঙণি আগবঢ়ায়।  হাচাৰাঙ্গাৰ বলত কোহলীৰ হাতত কেচ তুলি দিয়ে মাৰ্ক্ৰামে।ব্যৰ্থ হয়  নিক’লাছ পুৰণো। মাত্ৰ ১৯ ৰান সংগ্ৰহ কৰিয়েই ডাগ-আউটলৈ উভতে তেওঁ। ফলত ৮৯ ৰানতে ৪টা উইকেট হেৰুৱায় ছানৰাইজাৰ্ছ হায়দৰাবাদে । টপ অৰ্ডাৰ বেটছমেনৰ ক্ৰমাগত ব্যৰ্থতাৰ পাছত আৰু জয়ৰ স্বপ্ন ধূসৰ হৈ পৰে হায়দৰাবাদৰ।১২৫ৰানতে ইনিংছ সামৰে দলটোৱে। আৰু ইয়াৰ লগে লগে পূৰ্বৰ পৰাজয়ৰ এক মিঠা প্ৰতিশোধেই যেন ল’লে বাংগালুৰুৱে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত