--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে আগৰ এখন মেচত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে মাত্ৰ ৬৮ ৰানতে অল আউট হৈছিল। ছানৰাইজাৰ্ছে অতি সহজে এই মেচখনত জয়ী হৈছিল। দেওবাৰে পূৰ্বৰ সেই পৰাজয়ৰ যেন মধুৰ প্ৰতিশোধ ল’লে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে। এইবাৰ আৰচিবিৰ হাতত ছানৰাইজাৰ্ছ হায়দৰাবাদে ৬৭ ৰানত পৰাস্ত হয়। টছত জয়ী হৈ প্ৰথমে ইনিংছ মুকলিৰ সিদ্ধান্ত লয় বাংগালুৰুৱে। কিন্তু আৰম্ভণিতে বিপৰ্যয়ৰ সন্মুখীন হয় বাংগালুৰু। 

এবাৰ দুবাৰ নহয়, তিনিবাৰ। আকৌ এবাৰ 'গোল্ডেন ডাক' কোহলীৰ। অৰ্থাৎ, প্ৰথম বলতেই আউট। বিফলতাই যেন লগ নেৰা হৈছে বিৰাট কোহলীক। দেওবাৰে ইনিংছ মুকলি কৰিবলৈ আহি প্ৰথম বলতে পেভেলিয়নমুখী হয়। কোহলীৰ উইকেটৰ প্ৰভাৱ পৰে দলটোত। অৱশ্যে, ফাফ ডু প্লেচি আৰু ৰজত পাতিদাৰৰ প্ৰত্যাৱৰ্তে দলটোক গতি দিয়ে। ১০৫ৰানৰ যুটীয়া ইনিংছ উপহাৰ দিয়ে দুয়ো। 

ৰজত পাতিদাৰে পেভেলিয়নমুখী হোৱাৰ পাছত আৰচিবিৰ অধিনায়ক ডু প্লেচিছ আৰু গ্লেন মেক্সৱেলে  অব্যাহত ৰাখিছিল যুঁজ। দুয়োজনে ৫৪ ৰানৰ অংশীদাৰীত্ব আগবঢ়ায়। গ্লেন মেক্সৱেলে ২৪ টা বলত ৩৩ ৰানৰ বৰঙণি আগবঢ়ায়। প্ৰতিযোগিতাৰ শেষত দেখিবলৈ পোৱা যায় দীনেশ কাৰ্তিকৰ বেটিং ধুমুহা। পূৰ্বৰ প্ৰতিযোগিতা সমূহৰ দৰে আজিও ইয়াৰ ব্যতিক্ৰম নহয়। কাৰ্তিকে মাত্ৰ ৮ টা বলতে ৩০ ৰানৰ ঈৰ্ষণীয় ইনিংছ খেলে। তেওঁৰ বেটৰ পৰা আহে ৪টা অ’ভাৰ বাউণ্ডেৰী। কাৰ্তিকৰ বেটিং ধুমুহাৰ বাবেই আৰচিবিয়ে ১৯২ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়। 

মন কৰিবলগীয়া যে, দুঃস্বপ্নৰ আইপিএল চলিছে কোহলী, কেন উইলিয়ামছনৰ। কোহলীৰ দৰে উইলিয়ামছনেও নিজৰ একাউণ্ট নোখোলাকৈয়ে আউট হয়। আন এজন অপেনাৰ অভিষেক শৰ্মাও মেক্সৱেলৰ বলত আউট হয়। ইনিংছৰ আৰম্ভণিতে ২টা উইকেট হেৰুৱাই চাপ অনুভৱ কৰিবলৈ আৰম্ভ কৰে ছানৰাইজাৰ্ছ হায়দৰাবাদে। ৰাহুল ত্ৰিপাঠী আৰু মাৰ্ক্ৰামে ৪৯ ৰানৰ বৰঙণি আগবঢ়ায়।  হাচাৰাঙ্গাৰ বলত কোহলীৰ হাতত কেচ তুলি দিয়ে মাৰ্ক্ৰামে।ব্যৰ্থ হয়  নিক’লাছ পুৰণো। মাত্ৰ ১৯ ৰান সংগ্ৰহ কৰিয়েই ডাগ-আউটলৈ উভতে তেওঁ। ফলত ৮৯ ৰানতে ৪টা উইকেট হেৰুৱায় ছানৰাইজাৰ্ছ হায়দৰাবাদে । টপ অৰ্ডাৰ বেটছমেনৰ ক্ৰমাগত ব্যৰ্থতাৰ পাছত আৰু জয়ৰ স্বপ্ন ধূসৰ হৈ পৰে হায়দৰাবাদৰ।১২৫ৰানতে ইনিংছ সামৰে দলটোৱে। আৰু ইয়াৰ লগে লগে পূৰ্বৰ পৰাজয়ৰ এক মিঠা প্ৰতিশোধেই যেন ল’লে বাংগালুৰুৱে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ