--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দ্ৰুতগতিত আগবাঢ়িছে সময়। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ আয়ুস আৰু কমেও তিনি বছৰ! দুৰাৰোগ্য ৰোগত আক্ৰান্ত পুটিনে লাহে লাহে দৃষ্টিশক্তিও হেৰুৱাই পেলাইছে। শেহতীয়া, এক প্ৰতিবেদনত এই চাঞ্চল্যকৰ তথ্য প্ৰকাশ পাইছে।

ব্ৰিটিছ সংবাদ মাধ্যম ‘দ্য ইণ্ডিপেণ্ডেণ্ট’ত প্ৰকাশিত এক প্ৰতিবেদনত ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীক লৈ চাঞ্চল্যকৰ দাবী উত্থাপিত হৈছে। ফেডাৰেল ছিকিউৰিটি চাৰ্ভিচৰ এগৰাকী চোৰাংচোৱা বিষয়াৰ উদ্ধৃতিৰে এই প্ৰতিবেদনত প্ৰকাশ পাইছে। কৰ্কট ৰোগত আক্ৰান্ত হৈছে ভ্লাদিমিৰ পুটিন। অতি কমেও আৰু ৩বছৰহে জীয়াই থাকিব তেওঁ। 

দুৰাৰোগ্য ৰোগত আক্ৰান্ত  ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীৰ দৃষ্টিশক্তিও ক্ৰমাত্‍ লোপ পাইছে। প্ৰতিবেদনত দাবী কৰা হৈছে যে, এফ এছ বিৰ বিষয়াগৰাকীয়ে বৰ্তমান ব্ৰিটেইনত বাস কৰা প্ৰাক্তন ৰাছিয়াৰ চোৰাংচোৱা বৰিছ কাৰ্পিচকোভলৈ গোপনে এই বাৰ্তা প্ৰেৰণ কৰিছিল। তাতে তেওঁ পুটিনৰ শাৰীৰিক অৱস্থাৰ বিষয়ে বৰ্ণনা কৰা বুলি জানিবলৈ পোৱা গৈছে।

কাৰ্পিচকোভলৈ প্ৰেৰণ কৰা ৰাছিয়াৰ চোৰাংচোৱা বাৰ্তাৰ কিছু অংশ তুলি ধৰা হৈছে news.com.au ত। তেওঁ কয় যে, ‘আমাক জনোৱা মতে তীব্ৰ মূৰৰ বিষত ভুগিছে পুটিনে। টিভিত কথা পতা সময়ত কাগজ এখনত ডাঙৰ ডাঙৰ আখৰেৰে লিখি দিবলগীয়া লাগে। ক্ৰমান্বয়ে চকুৰ দৃষ্টিশক্তিও কমি আহিছে।’

ইফালে, ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী ছাৰ্গেই লাভ্ৰভে পুটিনৰ অৱস্থা সন্দৰ্ভত সকলো জল্পনা-কল্পনা খাৰিজ কৰিছে। দেওবাৰে ফ্ৰান্সৰ এটা সংবাদ সংস্থাৰ আগত লাভ্ৰভে কয় যে, পুটিনৰ কোনো শাৰীৰিক সমস্যা নাই। মই নাভাবো যে এজন মানসিকভাৱে সুস্থ ব্যক্তিয়ে তেওঁৰ শৰীৰত ৰোগৰ কোনো লক্ষণ বিচাৰি পাব। অহা অক্টোবৰ মাহত তেওঁ ৭০ বছৰত ভৰি দিব। প্ৰতিদিনে লোকচক্ষুৰ সন্মুখত দেখিবলৈ পোৱা যায় তেওঁক। আপোনালোকে তেওঁক টিভিত দেখিব। তেওঁৰ ভাষণ শুনিবলৈ পাব।’

ইউক্ৰেইনত যুদ্ধৰ সামৰণি পৰাৰ পাছতে পুটিন অসুস্থ বুলি কেইবাটাও সংবাদ মাধ্যমত প্ৰকাশ পাইছিল। পুটিনৰ অনুপস্থিতিত দেশখন ৰাছিয়াৰ নিৰাপত্তা পৰিষদৰ মুৰব্বী নিকোলাই পেট্ৰ’ছেভৰ হাতত  থাকিব বুলিও খবৰ ওলাইছিল।



FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ