--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দ্ৰুতগতিত আগবাঢ়িছে সময়। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ আয়ুস আৰু কমেও তিনি বছৰ! দুৰাৰোগ্য ৰোগত আক্ৰান্ত পুটিনে লাহে লাহে দৃষ্টিশক্তিও হেৰুৱাই পেলাইছে। শেহতীয়া, এক প্ৰতিবেদনত এই চাঞ্চল্যকৰ তথ্য প্ৰকাশ পাইছে।

ব্ৰিটিছ সংবাদ মাধ্যম ‘দ্য ইণ্ডিপেণ্ডেণ্ট’ত প্ৰকাশিত এক প্ৰতিবেদনত ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীক লৈ চাঞ্চল্যকৰ দাবী উত্থাপিত হৈছে। ফেডাৰেল ছিকিউৰিটি চাৰ্ভিচৰ এগৰাকী চোৰাংচোৱা বিষয়াৰ উদ্ধৃতিৰে এই প্ৰতিবেদনত প্ৰকাশ পাইছে। কৰ্কট ৰোগত আক্ৰান্ত হৈছে ভ্লাদিমিৰ পুটিন। অতি কমেও আৰু ৩বছৰহে জীয়াই থাকিব তেওঁ। 

দুৰাৰোগ্য ৰোগত আক্ৰান্ত  ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীৰ দৃষ্টিশক্তিও ক্ৰমাত্‍ লোপ পাইছে। প্ৰতিবেদনত দাবী কৰা হৈছে যে, এফ এছ বিৰ বিষয়াগৰাকীয়ে বৰ্তমান ব্ৰিটেইনত বাস কৰা প্ৰাক্তন ৰাছিয়াৰ চোৰাংচোৱা বৰিছ কাৰ্পিচকোভলৈ গোপনে এই বাৰ্তা প্ৰেৰণ কৰিছিল। তাতে তেওঁ পুটিনৰ শাৰীৰিক অৱস্থাৰ বিষয়ে বৰ্ণনা কৰা বুলি জানিবলৈ পোৱা গৈছে।

কাৰ্পিচকোভলৈ প্ৰেৰণ কৰা ৰাছিয়াৰ চোৰাংচোৱা বাৰ্তাৰ কিছু অংশ তুলি ধৰা হৈছে news.com.au ত। তেওঁ কয় যে, ‘আমাক জনোৱা মতে তীব্ৰ মূৰৰ বিষত ভুগিছে পুটিনে। টিভিত কথা পতা সময়ত কাগজ এখনত ডাঙৰ ডাঙৰ আখৰেৰে লিখি দিবলগীয়া লাগে। ক্ৰমান্বয়ে চকুৰ দৃষ্টিশক্তিও কমি আহিছে।’

ইফালে, ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী ছাৰ্গেই লাভ্ৰভে পুটিনৰ অৱস্থা সন্দৰ্ভত সকলো জল্পনা-কল্পনা খাৰিজ কৰিছে। দেওবাৰে ফ্ৰান্সৰ এটা সংবাদ সংস্থাৰ আগত লাভ্ৰভে কয় যে, পুটিনৰ কোনো শাৰীৰিক সমস্যা নাই। মই নাভাবো যে এজন মানসিকভাৱে সুস্থ ব্যক্তিয়ে তেওঁৰ শৰীৰত ৰোগৰ কোনো লক্ষণ বিচাৰি পাব। অহা অক্টোবৰ মাহত তেওঁ ৭০ বছৰত ভৰি দিব। প্ৰতিদিনে লোকচক্ষুৰ সন্মুখত দেখিবলৈ পোৱা যায় তেওঁক। আপোনালোকে তেওঁক টিভিত দেখিব। তেওঁৰ ভাষণ শুনিবলৈ পাব।’

ইউক্ৰেইনত যুদ্ধৰ সামৰণি পৰাৰ পাছতে পুটিন অসুস্থ বুলি কেইবাটাও সংবাদ মাধ্যমত প্ৰকাশ পাইছিল। পুটিনৰ অনুপস্থিতিত দেশখন ৰাছিয়াৰ নিৰাপত্তা পৰিষদৰ মুৰব্বী নিকোলাই পেট্ৰ’ছেভৰ হাতত  থাকিব বুলিও খবৰ ওলাইছিল।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ