--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কঁঠাল বৰ্ষা কালৰ সুস্বাদু ৰসাল ফল। কঁঠাল গছ অসমৰ মানুহৰ বাৰী বা বন-বননিৰ মাজত হয়। হাবি-জংঘলতো কঁঠাল আপোনা-আপুনি গজে। সাধাৰণতে মাঘ-ফাগুন মাহৰ পৰা কঁঠালৰ কলি ওলাবলৈ আৰম্ভ কৰে, যাক মুচি পেলোৱা বা মুচি ধৰা বুলি কয়। কঁঠাল মুচিৰে অতি সোৱাদযুক্ত ব্যঞ্জন ৰন্ধা হয়। কঁঠাল ব’হাগ, জেঠ, আহাৰ মাহত পুৰঠ হৈ পকিবলৈ ধৰে। কিছুমান কঁঠাল আছে বছৰৰ বাৰমাহে লাগে। 

আপোনাক যদি সোধা যায় যে কঁঠালৰ ৰং কেনেকুৱা.. আপুনি নিশ্চয়কৈ ক'ব সেউজীয়া। কঁঠালৰ বাকলি সেউজীয়া ৰঙৰ থাকে আৰু ভিতৰৰ কোঁহবোৰ হালধীয়া ৰঙৰ হয়। আপুনি কেতিয়াবা ৰঙা ৰঙৰ কঁঠাল দেখিছেনে?... ক'ত পোৱা যায় ৰঙা ৰঙৰ কঁঠাল? এই পৃথিৱীত প্ৰকৃতিয়ে নানা ব্যতিক্ৰমী বস্তু সৃষ্টি কৰিছে, তাৰ ভিতৰত ৰঙা কঁঠালো অন্যতম। ভিয়েটনামত পোৱা যায় ৰঙা ৰঙৰ কঁঠাল। ইয়াৰ ভিতৰৰ কোঁহবোৰো ৰঙা। এই প্ৰজাতিৰ কঁঠালত আঠা নাথাকে। ই খাবলৈ অতি সোৱাদযুক্ত আৰু মিঠা। সাধাৰণ কঁঠালতকৈ ৰঙা ৰঙৰ কঁঠালৰ দাম তিনিৰ পৰা চাৰিগুণ বেছি। অৱশ্যে এই কঁঠালৰ আকাৰ অলপ সৰু। ভিয়েটনামী ৰঙা কঁঠালৰ বৈচিত্ৰ্যই সকলোকে আকৰ্ষিত কৰে।

বৰ্তমান এই কঁঠালৰ খেতি ভিন্ন দেশৰ মানুহে কৰিবলৈ লৈছে।  ভিয়েটনামী ৰঙা কঁঠাল গছৰ পুলি আজিকালি ভিন্ন নাৰ্চাৰীত উপলব্ধ। এই ৰঙা কঁঠাল চোতাল, পুখুৰীৰ পাৰত, ব্যৱসায়িক বাগিচাত ৰোপণ কৰিব পাৰি। চখ হিচাপে ঘৰত এজোপা বা দুজোপা গছ ৰোপণ কৰিব পাৰি। সুস্থ, জোৰদাৰ আৰু ৰোগমুক্ত পুলি জেঠ মাহৰ মাজৰ সময়ৰ পৰা শাওনৰ মাজভাগলৈ ৰোপণ কৰিব লাগে। গছৰ পৰা গছলৈ দূৰত্ব ১২ মিটাৰ ৰখাই ভাল। ৰোপণ কৰাৰ পিছত নিয়মীয়া ৰক্ষণাবেক্ষণ আৰু যত্নৰ বাহিৰে আন একো কৰিব নালাগে। এই কঁঠাল গছৰ ফুল ফুলাৰ পিছত কঁঠাল পকিবলৈ ১২০-১৫০ দিন সময় লাগে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু