--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কঁঠাল বৰ্ষা কালৰ সুস্বাদু ৰসাল ফল। কঁঠাল গছ অসমৰ মানুহৰ বাৰী বা বন-বননিৰ মাজত হয়। হাবি-জংঘলতো কঁঠাল আপোনা-আপুনি গজে। সাধাৰণতে মাঘ-ফাগুন মাহৰ পৰা কঁঠালৰ কলি ওলাবলৈ আৰম্ভ কৰে, যাক মুচি পেলোৱা বা মুচি ধৰা বুলি কয়। কঁঠাল মুচিৰে অতি সোৱাদযুক্ত ব্যঞ্জন ৰন্ধা হয়। কঁঠাল ব’হাগ, জেঠ, আহাৰ মাহত পুৰঠ হৈ পকিবলৈ ধৰে। কিছুমান কঁঠাল আছে বছৰৰ বাৰমাহে লাগে। 

আপোনাক যদি সোধা যায় যে কঁঠালৰ ৰং কেনেকুৱা.. আপুনি নিশ্চয়কৈ ক'ব সেউজীয়া। কঁঠালৰ বাকলি সেউজীয়া ৰঙৰ থাকে আৰু ভিতৰৰ কোঁহবোৰ হালধীয়া ৰঙৰ হয়। আপুনি কেতিয়াবা ৰঙা ৰঙৰ কঁঠাল দেখিছেনে?... ক'ত পোৱা যায় ৰঙা ৰঙৰ কঁঠাল? এই পৃথিৱীত প্ৰকৃতিয়ে নানা ব্যতিক্ৰমী বস্তু সৃষ্টি কৰিছে, তাৰ ভিতৰত ৰঙা কঁঠালো অন্যতম। ভিয়েটনামত পোৱা যায় ৰঙা ৰঙৰ কঁঠাল। ইয়াৰ ভিতৰৰ কোঁহবোৰো ৰঙা। এই প্ৰজাতিৰ কঁঠালত আঠা নাথাকে। ই খাবলৈ অতি সোৱাদযুক্ত আৰু মিঠা। সাধাৰণ কঁঠালতকৈ ৰঙা ৰঙৰ কঁঠালৰ দাম তিনিৰ পৰা চাৰিগুণ বেছি। অৱশ্যে এই কঁঠালৰ আকাৰ অলপ সৰু। ভিয়েটনামী ৰঙা কঁঠালৰ বৈচিত্ৰ্যই সকলোকে আকৰ্ষিত কৰে।

বৰ্তমান এই কঁঠালৰ খেতি ভিন্ন দেশৰ মানুহে কৰিবলৈ লৈছে।  ভিয়েটনামী ৰঙা কঁঠাল গছৰ পুলি আজিকালি ভিন্ন নাৰ্চাৰীত উপলব্ধ। এই ৰঙা কঁঠাল চোতাল, পুখুৰীৰ পাৰত, ব্যৱসায়িক বাগিচাত ৰোপণ কৰিব পাৰি। চখ হিচাপে ঘৰত এজোপা বা দুজোপা গছ ৰোপণ কৰিব পাৰি। সুস্থ, জোৰদাৰ আৰু ৰোগমুক্ত পুলি জেঠ মাহৰ মাজৰ সময়ৰ পৰা শাওনৰ মাজভাগলৈ ৰোপণ কৰিব লাগে। গছৰ পৰা গছলৈ দূৰত্ব ১২ মিটাৰ ৰখাই ভাল। ৰোপণ কৰাৰ পিছত নিয়মীয়া ৰক্ষণাবেক্ষণ আৰু যত্নৰ বাহিৰে আন একো কৰিব নালাগে। এই কঁঠাল গছৰ ফুল ফুলাৰ পিছত কঁঠাল পকিবলৈ ১২০-১৫০ দিন সময় লাগে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ