--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অস্কাৰ বিজয়ী সত্যজিৎ ৰায়ৰ জন্মদিন উপলক্ষে ভাৰতীয় ক্ৰিকেটৰ দাদাই এটা বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰে। অনুষ্ঠানটোৰ জৰিয়তে কেৰিয়াৰৰ বহুতো স্মৃতি ভাগ বতৰা কৰা দেখা যায়। সৌৰভ গাংগুলীয়ে ভাৰতৰ অন্যতম লেখত ল’বলগীয়া ক্ৰিকেটাৰ বীৰেন্দ্ৰ ছেহৱাগৰ এক হাস্যকৰ স্মৃতিৰ ভাগ-বতৰা কৰে। বীৰেন্দ্ৰ ছেহৱাগ আৰু সৌৰভ গাংগুলী ভাৰতীয় ক্ৰিকেটৰ ইতিহাসত এক অনবদ্য যুটি আছিল। সৌৰভ গাংগুলীৰ নেতৃত্বত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত বীৰেন্দ্ৰ ছেহৱাগৰ উত্থান উল্লেখনীয়। এই কথা বীৰেন্দ্ৰ ছেহৱাগে নিজেই কেইবাবাৰো স্বীকাৰ কৰিছে।

সৌৰভ গাংগুলীয়ে কয়, ‘বীৰেন্দ্ৰ ছেহৱাগে টেষ্ট ক্ৰিকেটক এক নতুন ধৰণে বিশ্ব ক্ৰিকেটৰ সৈতে পৰিচয় কৰাই দিছিল। টেষ্ট ক্ৰিকেটত বেটছমেনসকলে অধিক বল খেলি কম ৰান সংগ্ৰহ কৰিছিল যদিও বীৰেন্দ্ৰ ছেহৱাগ সম্পূৰ্ণ বিপৰীত আছিল। বেছিভাগ বেটছমেনে অফষ্টাম্পৰ বাহিৰত বল এৰি দিবলৈ পছন্দ কৰে। বীৰেন্দ্ৰ ছেহৱাগে কিন্তু সেই বলবোৰ খেলি ভাল পাইছিল। বীৰেন্দ্ৰ ছেহৱাগে সেই বলবোৰতে খেলিছিল কাট শ্বট। 

সৌৰভে লগতে কয়, ‘তেওঁ ইনিংছ অপেনিং কৰিছিল আৰু মই বেটিং ক্ৰমৰ পঞ্চম স্থানত খেলিছিলো। আউট হোৱাৰ পিছত, ৰাহুল দ্ৰাবিড়ৰ খেল চাবলৈ মোৰ কাষত বহে। আপুনি জানেনে, ৰাহুল দ্ৰাবিড়ে কেতিয়াও অফষ্টাম্পৰ বাহিৰত বল নেখেলিছিল। যেতিয়াই দ্ৰাবিড়ে অফ ষ্টাম্পৰ বাহিৰত বল এৰি দিয়ে তেতিয়া ছেহৱাগে কয় স্কোয়াৰকাট মাৰিলেই বাউণ্ডেৰী! মই তেতিয়া ছেহৱাগক কৈছিলো, তুমি ভিতৰতে বহাগৈ। তুমি-মই একে নহওঁ। মইও বেটিং কৰিব লাগিব!’

যদি সৌৰভ গাংগুলীয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ কোনো ক্ৰিকেটাৰৰ বিষয়ে আটাইতকৈ বেছি স্মৃতি ভাগ বতৰা কৰিছে,সেয়া হৈছে বীৰেন্দ্ৰ ছেহৱাগ। বিশ্বৰ শ্ৰেষ্ঠ পেচাৰৰ বিৰুদ্ধে ৩টাকৈ শতক আৰু অষ্ট্ৰেলিয়াৰ দৰে বিধ্বংসী বলাৰৰ সন্মুখত দ্বিশতক অৰ্জন কৰাৰ দুঃসাহস কেৱল ছেহৱাগেহে কৰিব পৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ