--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এসময়ত ভাৰত বনাম পাকিস্তান ক্ৰিকেট খেল বুলি ক’লেই সৰ্বত্ৰে দেখিবলৈ পোৱা গৈছিল উত্তেজনা। দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক শৃংখলা উপভোগ কৰিবলৈ সকলোৱে ব্যাকুল হৈ পৰিছিল। দীৰ্ঘদিন ধৰি ভাৰত-পাক শৃংখলা অনুষ্ঠিত হোৱা নাই। এতিয়া কেৱল আইচিচি বিশ্বকাপ বা এছিয়া কাপতে দুয়োটা দলক দেখিবলৈ পোৱা যায়।  আকৌ এবাৰ পুৰণি দিনৰ সেই খেলখনৰ উত্তেজনা কেনে আছিল তাৰে স্মৃতি ৰোমন্থন কৰিছে ছোৱেইব আখটাৰ আৰু মহম্মদ কাঈফে। কাঈফে কয়, ‘পাকিস্তানলৈ যোৱাৰ অভিজ্ঞতা কথা আমি পাহৰিব নোৱাৰো।’

২০০৪ চনৰ এটা শৃংখলাৰ স্মৃতি ৰোমন্থন কৰিছে ছোৱেইব আখটাৰে। ভাৰতে পাকিস্তানলৈ গৈ টেষ্ট আৰু এদিনীয়া শৃংখলা দুয়োটাতে জয়লাভ কৰিছিল তেতিয়া। সেই শৃংখলাৰ উইকেটৰ বিষয়ে উল্লেখ কৰি ছোৱেইবে এটা ৱেবছাইট শ্ব'ত কয়, ‘আমি ভাৰতীয় বেটছমেনসকলৰ বাবে দ্ৰুত গতিত উইকেট ল’ব  বিচাৰিছিলো। পিটছখন শুকান হ'ব, কিন্তু বলৰ বেগ বৃদ্ধি পাব। এনে এখন পিটচ য'ত ৩৫০ ৰানো সংগ্ৰহ কৰাটো হৈ পৰিব কঠিন। প্ৰথম দুখন খেলত ভাৰতক হাৰাশাস্তি কৰিব বিচাৰিছিলো। তাৰপিছত, মই তৃতীয় খন মেচত আৰু অধিক ক্ষিপ্ৰতাৰে খেলিব বিচাৰিছিলো। কিন্তু তেতিয়া এটা কেচ উঠে আৰু খেলখনৰ গতিপথে সলনি হৈ পৰে।’

এই কেচ লোৱা খেলুৱৈগৰাকী আছিল মহম্মদ কাঈফ। ছোৱেইবৰ এই অনুষ্ঠানটোত উপস্থিত আছিল মহম্মদ কাঈফ। ভাৰতে বান্ধি দিয়া ৩৪৯ ৰানৰ লক্ষ্যত উপনীত হ’বলৈ পাকিস্তানে ভাল খেলিছিল। কিন্তু ইনজামাম-উল-হকৰ মাৰাত্মক শ্বট আৰু কাঈফৰ কেচটোতে সলনি হয় প্ৰেক্ষাপট। এই কথাৰ স্মৃতিচাৰণ কৰে  কাঈফে। কাঈফে কয়, ‘পাকিস্তানত আমি যথেষ্ট মৰম আৰু সন্মান পাইছিলো। কেৱল মই নহয়, শচীন, দ্ৰাবিড় আৰু সৌৰভেও একেই কথা কয়। তাত বজাৰ কৰিবলৈ যোৱাৰ আগতে  অনুমতি ল'বলগীয়া হৈছিল। কিন্তু যেতিয়া মই বজাৰ কৰিবলৈ গৈছিলো, কোনেও টকা ল'বলৈ ইচ্ছুক নাছিল। সকলোৱে কৈছিল যে, আপুনি ক্ৰিকেট খেলিবলৈ ভাৰতৰ পৰা ইয়ালৈ আহিছে। গতিকে, আপুনি আমাৰ অতিথি।’
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ