--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এসময়ত ভাৰত বনাম পাকিস্তান ক্ৰিকেট খেল বুলি ক’লেই সৰ্বত্ৰে দেখিবলৈ পোৱা গৈছিল উত্তেজনা। দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক শৃংখলা উপভোগ কৰিবলৈ সকলোৱে ব্যাকুল হৈ পৰিছিল। দীৰ্ঘদিন ধৰি ভাৰত-পাক শৃংখলা অনুষ্ঠিত হোৱা নাই। এতিয়া কেৱল আইচিচি বিশ্বকাপ বা এছিয়া কাপতে দুয়োটা দলক দেখিবলৈ পোৱা যায়।  আকৌ এবাৰ পুৰণি দিনৰ সেই খেলখনৰ উত্তেজনা কেনে আছিল তাৰে স্মৃতি ৰোমন্থন কৰিছে ছোৱেইব আখটাৰ আৰু মহম্মদ কাঈফে। কাঈফে কয়, ‘পাকিস্তানলৈ যোৱাৰ অভিজ্ঞতা কথা আমি পাহৰিব নোৱাৰো।’

২০০৪ চনৰ এটা শৃংখলাৰ স্মৃতি ৰোমন্থন কৰিছে ছোৱেইব আখটাৰে। ভাৰতে পাকিস্তানলৈ গৈ টেষ্ট আৰু এদিনীয়া শৃংখলা দুয়োটাতে জয়লাভ কৰিছিল তেতিয়া। সেই শৃংখলাৰ উইকেটৰ বিষয়ে উল্লেখ কৰি ছোৱেইবে এটা ৱেবছাইট শ্ব'ত কয়, ‘আমি ভাৰতীয় বেটছমেনসকলৰ বাবে দ্ৰুত গতিত উইকেট ল’ব  বিচাৰিছিলো। পিটছখন শুকান হ'ব, কিন্তু বলৰ বেগ বৃদ্ধি পাব। এনে এখন পিটচ য'ত ৩৫০ ৰানো সংগ্ৰহ কৰাটো হৈ পৰিব কঠিন। প্ৰথম দুখন খেলত ভাৰতক হাৰাশাস্তি কৰিব বিচাৰিছিলো। তাৰপিছত, মই তৃতীয় খন মেচত আৰু অধিক ক্ষিপ্ৰতাৰে খেলিব বিচাৰিছিলো। কিন্তু তেতিয়া এটা কেচ উঠে আৰু খেলখনৰ গতিপথে সলনি হৈ পৰে।’

এই কেচ লোৱা খেলুৱৈগৰাকী আছিল মহম্মদ কাঈফ। ছোৱেইবৰ এই অনুষ্ঠানটোত উপস্থিত আছিল মহম্মদ কাঈফ। ভাৰতে বান্ধি দিয়া ৩৪৯ ৰানৰ লক্ষ্যত উপনীত হ’বলৈ পাকিস্তানে ভাল খেলিছিল। কিন্তু ইনজামাম-উল-হকৰ মাৰাত্মক শ্বট আৰু কাঈফৰ কেচটোতে সলনি হয় প্ৰেক্ষাপট। এই কথাৰ স্মৃতিচাৰণ কৰে  কাঈফে। কাঈফে কয়, ‘পাকিস্তানত আমি যথেষ্ট মৰম আৰু সন্মান পাইছিলো। কেৱল মই নহয়, শচীন, দ্ৰাবিড় আৰু সৌৰভেও একেই কথা কয়। তাত বজাৰ কৰিবলৈ যোৱাৰ আগতে  অনুমতি ল'বলগীয়া হৈছিল। কিন্তু যেতিয়া মই বজাৰ কৰিবলৈ গৈছিলো, কোনেও টকা ল'বলৈ ইচ্ছুক নাছিল। সকলোৱে কৈছিল যে, আপুনি ক্ৰিকেট খেলিবলৈ ভাৰতৰ পৰা ইয়ালৈ আহিছে। গতিকে, আপুনি আমাৰ অতিথি।’
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত