--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আইপিএলৰ চলিত ছিজনৰ মাজভাগত ৰবীন্দ্ৰ জাদেজাৰ পৰা চেন্নাইৰ নেতৃত্ব গ্ৰহণ কৰিছে মহেন্দ্ৰ সিং ধোনীয়ে। কিন্তু আৰু কিমান দিন এনেকৈ নেতৃত্বৰ দায়িত্বত থাকিব ধোনীয়ে? তাকে লৈ প্ৰশ্ন উত্থাপিত হৈছে। বহুতে সাম্ভাব্য অধিনায়কৰ নাম প্ৰকাশ কৰিছে বিভিন্নজনে। একেদৰে থমকি ৰোৱা নাই বীৰেন্দ্ৰ ছেহৱাগো। চেন্নাইৰ পৰৱৰ্তী অধিনায়ক বাছনি কৰিছে ছেহৱাগে। ঋতুৰাজ গায়কৱাড়েই চেন্নাইৰ পৰৱৰ্তী অধিনায়ক হ'ব পাৰে বুলি জনাইছে বীৰেন্দ্ৰ ছেহৱাগে।

ছেহৱাগে কয়, ‘এজন ক্ৰিকেটাৰৰ বাবে এটা ছিজন ভালদৰে চলিব পাৰে। কিন্তু যদি তেওঁ আৰু ৩-৪ টা ছিজন খেলে, তেন্তে তেওঁ অধিনায়ক হ'ব পাৰে আৰু মহেন্দ্ৰ সিং ধোনীৰ দৰে দীৰ্ঘদিন ধৰি চেন্নাইৰ অধিনায়কৰ দায়িত্ব গ্ৰহণ কৰিব পাৰিব। সমগ্ৰ বিশ্বই ধোনীক ইমান ভাল অধিনায়ক বুলি কিয় কয়? কিয়নো তেওঁ কুল, তেওঁ নিজকে সিদ্ধান্ত ল'ব পাৰে আৰু বলাৰ-বেটছমেনসকলক ভালদৰে ব্যৱহাৰ কৰিব পাৰে। ধোনীক ভাগ্যইয়ো সহায় কৰি আহিছে। যিসকল লোক সাহসী তেওঁলোকেহে ভাগ্যৰ সহায় লাভ কৰে আৰু ধোনী যে প্ৰৱল সাহসী তাত কোনো সন্দেহ নাই।’

ঋতুৰাজৰ কোনখিনিত ত্ৰুটি আছে তাকো সদৰী কৰিছে ছেহৱাগে। তেওঁ কয়, ‘ঋতুৰাজৰ ধোনীৰ আন সকলো গুণ আছে। কিন্তু এটা বস্তুৰ বিষয়ে মই চিন্তিত। সেয়া হৈছে ভাগ্য। ঋতুৰাজ কিমান ভাগ্যৱান সেই বিষয়ে মোৰ সন্দেহ আছে।’



FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ