--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আইপিএলৰ চলিত ছিজনৰ মাজভাগত ৰবীন্দ্ৰ জাদেজাৰ পৰা চেন্নাইৰ নেতৃত্ব গ্ৰহণ কৰিছে মহেন্দ্ৰ সিং ধোনীয়ে। কিন্তু আৰু কিমান দিন এনেকৈ নেতৃত্বৰ দায়িত্বত থাকিব ধোনীয়ে? তাকে লৈ প্ৰশ্ন উত্থাপিত হৈছে। বহুতে সাম্ভাব্য অধিনায়কৰ নাম প্ৰকাশ কৰিছে বিভিন্নজনে। একেদৰে থমকি ৰোৱা নাই বীৰেন্দ্ৰ ছেহৱাগো। চেন্নাইৰ পৰৱৰ্তী অধিনায়ক বাছনি কৰিছে ছেহৱাগে। ঋতুৰাজ গায়কৱাড়েই চেন্নাইৰ পৰৱৰ্তী অধিনায়ক হ'ব পাৰে বুলি জনাইছে বীৰেন্দ্ৰ ছেহৱাগে।

ছেহৱাগে কয়, ‘এজন ক্ৰিকেটাৰৰ বাবে এটা ছিজন ভালদৰে চলিব পাৰে। কিন্তু যদি তেওঁ আৰু ৩-৪ টা ছিজন খেলে, তেন্তে তেওঁ অধিনায়ক হ'ব পাৰে আৰু মহেন্দ্ৰ সিং ধোনীৰ দৰে দীৰ্ঘদিন ধৰি চেন্নাইৰ অধিনায়কৰ দায়িত্ব গ্ৰহণ কৰিব পাৰিব। সমগ্ৰ বিশ্বই ধোনীক ইমান ভাল অধিনায়ক বুলি কিয় কয়? কিয়নো তেওঁ কুল, তেওঁ নিজকে সিদ্ধান্ত ল'ব পাৰে আৰু বলাৰ-বেটছমেনসকলক ভালদৰে ব্যৱহাৰ কৰিব পাৰে। ধোনীক ভাগ্যইয়ো সহায় কৰি আহিছে। যিসকল লোক সাহসী তেওঁলোকেহে ভাগ্যৰ সহায় লাভ কৰে আৰু ধোনী যে প্ৰৱল সাহসী তাত কোনো সন্দেহ নাই।’

ঋতুৰাজৰ কোনখিনিত ত্ৰুটি আছে তাকো সদৰী কৰিছে ছেহৱাগে। তেওঁ কয়, ‘ঋতুৰাজৰ ধোনীৰ আন সকলো গুণ আছে। কিন্তু এটা বস্তুৰ বিষয়ে মই চিন্তিত। সেয়া হৈছে ভাগ্য। ঋতুৰাজ কিমান ভাগ্যৱান সেই বিষয়ে মোৰ সন্দেহ আছে।’



FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত