--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ২০০৬ চনত বাৰানসীত সংঘটিত ধাৰাবাহিক বোমা বিস্ফোৰণৰ ১৬ বছৰ পিছত মূল অভিযুক্ত সন্ত্ৰাসবাদী ৱালিউল্লাহ খানক গাজিয়াবাদ জিলা আৰু সত্ৰ আদালতে যোৱা সোমবাৰে ফাঁচীৰ আদেশ প্ৰদান কৰিছিল। বাৰানসীৰ ধাৰাবাহিক বোমা বিস্ফোৰণৰ অভিযোগত ৪ টা গোচৰত দোষী সাব্যস্ত হৈছিল ৱালিউল্লাহ। ইয়াৰ পিছতে  গাজিয়াবাদ জিলা আৰু সত্ৰ আদালতে ৱালিউল্লাহৰ বিৰুদ্ধে থকা তথ্য আৰু প্ৰমাণৰ আধাৰত মৃত্যুদণ্ডৰে দণ্ডিত কৰিছিল সন্ত্ৰাসবাদী গৰাকীক।কিন্তু গাজিয়াবাদ আদালতৰ এই ৰায়ৰ বিৰোধ কৰিছে জমিয়ত উলামা-ই-হিন্দে। মুছলমান সংগঠনটোৱে গাজিয়াবাদ আদালতৰ শাস্তিৰ ৰায়ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়লৈ যাবলৈ সাজু হৈছে।

জমিয়ত উলামা-ই-হিন্দৰ ৰাষ্ট্ৰীয় সভাপতি মৌলানা আসাদ মাদানীয়ে ২০০৬ চনৰ বাৰানসী ধাৰাবাহিক বিস্ফোৰণৰ গোচৰত ৱালিউল্লাহক প্ৰদান কৰা মৃত্যুদণ্ডৰ ৰায়ক উচ্চ ন্যায়ালয়ত প্ৰত্যাহ্বান জনোৱা হ’ব বুলি জানিবলৈ দিছে। সাংবাদিকৰ আগত মৌলানা আসাদ মাদানীয়ে কয়, “আমাৰ সম্পূৰ্ণ বিশ্বাস আছে যে তেওঁ শীৰ্ষ আদালতত সম্পূৰ্ণ ন্যায় পাব। এনে বহুতো গোচৰ আছে য’ত নিম্ন আদালতে শাস্তি দিয়াৰ পাছত শীৰ্ষ ন্যায়ালয়ৰ কাষ চপা হৈছিল আৰু ন্যায়ালয়ে ন্যায় প্ৰদান কৰিছিল।”

তেওঁ লগতে কয় যে অক্ষৰধাম মন্দিৰ আক্ৰমণৰ গোচৰত নিম্ন আদালতে তিনিজন লোকক মৃত্যুদণ্ড আৰু চাৰিজনক আজীৱন কাৰাদণ্ড প্ৰদান কৰিছিল যদিও উচ্চতম ন্যায়ালয়ে তেওঁলোকক নিৰ্দোষী সাব্যস্ত কৰিছিল আৰু আৰক্ষীক ভৰ্ৎসনা কৰিছিল।

জমিয়ত উলামা-ই-হিন্দে এই ক্ষেত্ৰত প্ৰয়োজনীয় আইনী সহায় আগবঢ়াইছিল। গতিকে ৱালিউল্লাহৰ ক্ষেত্ৰতো উচ্চতম ন্যায়ালয়ে সঠিক সিদ্ধান্ত গ্ৰহণ কৰিব বুলি মাদানীয়ে আশা প্ৰকাশ কৰিছে। যোৱা দহ বছৰ ধৰি বাৰানসীৰ এই বোমা বিস্ফোৰণৰ গোচৰত ৱালিউল্লাহক জমিয়ত উলামা-ই-হিন্দে আইনী সাহায্য প্ৰদান কৰি আহিছিল।

উল্লেখ্য যে ২০০৬ চনৰ ৭ মাৰ্চত বাৰানসীৰ সংকট মোচন মন্দিৰ আৰু সেনা নিবাস ৰেল ষ্টেচনত হোৱা বিস্ফোৰণত ২৮ জন নিহত হোৱাৰ লগতে ১০০ ৰো অধিক লোক আহত হৈছিল। উক্ত দিনা  সন্ধিয়া ৬.১৫ বজাত সংকট মোচক মন্দিৰৰ ভিতৰত প্ৰথম বিস্ফোৰণ সংঘটিত হয়। ১৫ মিনিটৰ পিছতে বাৰানসী সেনানিবাস ৰেল ষ্টেচনৰ প্ৰথম শ্ৰেণীৰ বিশ্ৰাম কক্ষৰ বাহিৰত আন এটা বোমা বিস্ফোৰণ হয়। একেদিনাই এখন আৰক্ষী থানাৰ ৰে’লৱে ক্ৰছিংৰ ৰেলিঙৰ ওচৰত আৰু দশশ্বমেধ ঘাটত বিস্ফোৰক সামগ্ৰী উদ্ধাৰ হয়।

২০০৬ চনৰ এপ্ৰিল মাহত বিস্ফোৰণৰ তদন্ত কৰি থকা বিশেষ টাস্ক ফ'ৰ্চে ৱালিউল্লাহ এই বিস্ফোৰণৰ মাষ্টাৰমাইণ্ড বুলি দাবী কৰে। লগতে বিশেষ টাস্ক ফ'ৰ্চে ৱালিউল্লাহ বাংলাদেশৰ এটা সন্ত্ৰাসবাদী গোট হৰকত-উল-জেহাদ আল ইছলামীৰ সৈতে জড়িত বুলিও দাবী কৰে। ২০০৬ চনৰ ৫ এপ্ৰিলত আৰক্ষীয়ে এই গোচৰটোৰ সন্দৰ্ভত লক্ষ্ণৌৰ গোচাইনগঞ্জ অঞ্চলৰ পৰা এলাহাবাদৰ ফুলপুৰ গাঁৱৰ বাসিন্দা ৱালিউল্লাহক গ্ৰেপ্তাৰ কৰে।

ৱালিউল্লাহৰ বিৰুদ্ধে সংকট মোচন মন্দিৰ আৰু বাৰানসী কেণ্ট ৰেল ষ্টেচনত বিস্ফোৰণৰ ষড়যন্ত্ৰ ৰচনা কৰা আৰু সন্ত্ৰাসবাদ বিয়পোৱাৰ অভিযোগ উত্থাপিত হৈছিল। আনহাতে বাৰানসীৰ অধিবক্তাসকলে ৱালিউল্লাহৰ হৈ গোচৰটোত যুঁজিবলৈ অস্বীকাৰ কৰিছিল। ইয়াৰ পিছতে উচ্চ ন্যায়ালয়ে গোচৰটো গাজিয়াবাদ জিলা ন্যায়াধীশৰ আদালতলৈ স্থানান্তৰ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ