--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কংগনা ৰাণাৱট মানেই এতিয়া বিতৰ্কৰ সম্ৰাজ্ঞী। বিতৰ্কিত মন্তব্যৰে সম্প্ৰতি বাতৰিৰ শিৰোনাম দখল কৰাটো নিত্য নৈমিত্তিক কৰ্ম  হৈ পৰিছে অভিনেত্ৰী গৰাকীৰ বাবে। শেহতীয়া কিছু বছৰৰ পৰা ৰাজনৈতিক বিশেষজ্ঞৰ ভাওত অৱতীৰ্ণ হোৱা কংগনা সাম্প্ৰতিক সময়ত দেশৰ শাসনাধিষ্ঠ বিজেপি দলৰ চৰকাৰৰ লগতে হিন্দুত্ববাদী সংগঠন সমূহৰো নয়নৰ মণি হৈ পৰিছে। এক কথাত কংগনাই এতিয়া হিন্দুত্ববাদৰ নতুন মুখপাত্ৰৰ চৰিত্ৰও ৰূপায়ন কৰিছে। দেশৰ সকলো ৰাজনৈতিক ইচ্ছ্যুতে ৰাজনৈতিক বিশ্লেষকৰ দৰে মন্তব্য আগবঢ়াই সততে সমালোচনাৰ লক্ষ্য হৈ পৰিছে এইগৰাকী বিতৰ্ক সম্ৰাজ্ঞী। পিছে এইবাৰ কংগনাই বুদ্ধিজীৱিৰ ভাও দিবলৈ গৈ নিজেই উদঙাই দিছে তেওঁৰ ফোঁপোলা জ্ঞানৰ স্বৰূপ।

সম্প্ৰতি দেশৰ ৰাজনৈতিক বতাহ গৰম কৰি ৰখা বিজেপিৰ নিলম্বিত নেত্ৰী নুপূৰ শৰ্মাৰ প্ৰফেট মহম্মদ সম্পৰ্কে বিতৰ্কিত মন্তব্যক কেন্দ্ৰ কৰি ভাৰতৰ বিৰুদ্ধে আৰৱ বিশ্বৰ লগতে মুছলমান ৰাষ্ট্ৰসমূহে গ্ৰহণ কৰিছে কূটনৈতিকভাৱে বিৰোধাত্মক স্থিতি। মুছলমান ৰাষ্ট্ৰসমূহে বিজেপিৰ নেত্ৰীগৰাকীৰ এই মন্তব্যৰ বাবে ভাৰতক ক্ষমা বিচাৰিবলৈও দাবী জনাইছে। ভাৰতৰ বিৰুদ্ধে এই দেশসমূহৰ সমালোচনাত্মক স্থিতিৰ সমসাময়িকভাৱে ভাৰতত একাংশ হিন্দুত্বাদী মহলৰ উদ্যোগত উঠিছে কাটাৰ এয়াৰৱেজ বৰ্জনৰ দাবী। 

এই দাবীৰ সমৰ্থনত বাসুদেৱ নামৰ এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে ভাৰতে মুছলিম ৰাষ্ট্ৰসমূহৰ পৰা লাভ কৰা বৃহৎ কূটনৈতিক বিৰোধৰ পিছত ভাৰতীয়সকলক কাটাৰ এয়াৰৱেজ বৰ্জন কৰিবলৈ আহ্বান জনাইছিল। টুইটাৰত এটা ভিডিঅ’ শ্বেয়াৰ কৰি বাসুদেৱে কয় যে কাটাৰে হিন্দু দেৱীৰ নগ্ন ছবি অংকন কৰা চিত্ৰশিল্পী এম এফ হুছেইনক আশ্ৰয় দিছিল। একেখন কাটাৰে বিজেপিৰ প্ৰাক্তন মুখপাত্ৰ নুপূৰ শৰ্মাৰ মন্তব্যৰ ওপৰত আমাৰ বিৰুদ্ধে স্থিতি লৈছে। তেওঁ লগতে এই বিতৰ্কৰ বাবে কাটাৰত কৰ্মৰত ভাৰতীয়সকলক বৰ্খাস্ত কৰাৰ প্ৰতিক্ৰিয়াস্বৰূপে কাটাৰৰ সামগ্ৰী আৰু কাটাৰ এয়াৰৱেজ বৰ্জন কৰিবলৈ আহ্বান জনাইছে।

বাসুদেৱৰ এই ভিডিঅ’টো সামাজিক মাধ্যমত বাযাপক ৰূপত ভাইৰেল হৈ পৰাৰ পিছত আন এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে বাসুদেৱৰ ভিডিঅ’টোৰ প্ৰতিক্ৰিয়া স্বৰূপে কাটাৰ এয়াৰৱেজৰ মুৰব্বীৰ এটা সাক্ষাৎকাৰ ডাবিং কৰি এটা সম্পাদিত ভিডিঅ' প্ৰস্তুত কৰে। ব্যঙ্গাত্মক কৌতুকৰ এই ডাব কৰা অংশটোত  কাটাৰ এয়াৰৱেজৰ মুৰব্বী আকবৰ আল বেকাৰে ব্যক্তিগতভাৱে বাসুদেৱক তেওঁৰ বৰ্জন প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনোৱাৰ দৰে দেখুওৱা হৈছিল। 

সম্পাদিত ভিডিঅ’টোত কাটাৰ এয়াৰলাইনছৰ মুৰব্বীগৰাকীৰ মুখত ডাবিঙৰ জৰিয়তে বাসুদেৱক উপহাসৰ লক্ষ্য কৰি লোৱা হৈছিল। "বাসুদেৱ হৈছে মুঠ ৬২৪.৫০ টকাৰ বিনিয়োগেৰে আমাৰ আটাইতকৈ ডাঙৰ অংশীদাৰ। আমি ভৱিষ্যতে কেনেদৰে কাম কৰিব লাগে তাৰ একো উৱাদিহ পোৱা নাই। আমি সকলো বিমান অৱতৰণ কৰিছো। আমাৰ কাৰ্যকলাপ এতিয়া বন্ধ হৈ পৰিছে। আমি বাসুদেৱক বৰ্জনৰ এই আহ্বানটো ঘূৰাই ল'বলৈ অনুৰোধ জনাইছো।"-  ভিডিঅ’টোত আকবৰ আল বেকাৰৰ মুখৰ কথাৰ সৈতে এইদৰে সংযোগ ঘটোৱা হৈছে।

আনহাতে বাসুদেৱে তেওঁৰ ভিডিঅ' শ্বেয়াৰ কৰাৰ সময়ত বয়কট (BOYCOTT)ৰ  পৰিৱৰ্তে 'বাইকট' (BYCOTT) বুলি লিখিছিল। ইয়াৰ বাবেও তেওঁক ক্লিপটোত উপহাস কৰা হৈছিল।"এয়া এক বিশেষ ধৰণৰ বয়কট। কিয়নো ই হৈছে B-Y-C-O-T-T। বাসুদেৱ হাবিবি, আমি আপোনাৰ টিকটক ভিডিঅ' বনোৱাৰ বাবে আপোনাক এটা সম্পূৰ্ণ বিমান দিবলৈ ইচ্ছুক বা হয়তো আমি আপোনাক দুই লিটাৰ পেট্ৰ'ল বিনামূলীয়াকৈ দিব পাৰোঁ।"- ডাব কৰা ভিডিঅ'টোৰ কণ্ঠত এইদৰে বাসুদেৱক উপহাস কৰা হয়।

এই ভিডিঅ’টো সামাজিক মাধ্যমত বহু লোকে হাস্যৰসৰ বাবে শ্বেয়াৰ কৰে। কিন্তু ভাৰতৰ নব্য হিন্দুত্ববাদী ৰাজনৈতিক বিশ্লেষকৰ ভূমিকা ধাৰণ কৰা কংগনা ৰাণাৱটে এই ভিডিঅ’টোক সত্য বুলি ভাবি ভিডিঅ’টোৰ কথাখিনিৰ আধাৰতে কাটাৰ এয়াৰৱেজৰ মুখ্য কাৰ্যবাহী বিষয়া আকবৰ আল বেকাৰক মূৰ্খ বুলি অভিহিত কৰে। ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যঙ্গ কৰা লোকসকলকো উৎপীড়নক উৎসাহিত কৰা বুলি আক্ৰমণ কৰিছে কংগনাই। 

কংগনাই ইনষ্টাগ্ৰাৰ এটা ষ্ট’ৰীত সম্পাদিত ভিডিঅ’টোৰ এখন ছবিৰ সৈতে "এজন দৰিদ্ৰ লোকক উপহাস কৰি এই উৎপীড়নক উৎসাহিত কৰা সকলো তথাকথিত ভাৰতীয় সকল এই অত্যাধিক জনবসতিপূৰ্ণ দেশৰ ওপৰত এটা ডাঙৰ বোজা" বুলি উল্লেখ কৰে।

আকবৰ আল বেকাৰক মূৰ্খ বুলি অভিহিত কৰি কংগনাই কয়, "বাসুদেৱ আপোনাৰ দৰে ধনী ব্যক্তিৰ বাবে দৰিদ্ৰ আৰু তুচ্ছ হ'ব পাৰে কিন্তু যি প্ৰসংগতেই হওক, তেওঁৰ দুখ, বেদনা আৰু হতাশা প্ৰকাশ কৰাৰ অধিকাৰ আছে। মনত ৰাখিব এই পৃথিৱীৰ বাহিৰত এখন পৃথিৱী আছে য'ত আমি সকলো সমান।" 

কংগনাই ইনষ্টাগ্ৰামত এই ষ্ট’ৰীটো শ্বেয়াৰ কৰাৰ পিছত সামাজিক মাধ্যমত তেওঁক ব্যাপকৰূপত উপহাস কৰা হয়। এটা সম্পাদিত ভিডিঅ’কে সত্য ৰূপত প্ৰতিষ্ঠা কৰিব বিচৰা কংগনাৰ এই অজ্ঞানতাৰ বাবে তেওঁক একাংশ সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে ঠাট্টা-বিদ্ৰুপৰ লক্ষ্য কৰি লয়। সামাজিক মাধ্যমত এইদৰে অভাৱনীয় হাৰত ট্ৰলৰ সন্মুখীন হোৱাৰ পিছত অৱশেষত নিজৰ ইনষ্টাগ্ৰাম একাউণ্টৰ পৰা ষ্ট’ৰীকেইটা ডিলিট কৰিবলৈ বাধ্য হয় কংগনা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement