--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ফুচকা দেখিলেই বহুতৰে জিভাৰ পানী পৰে। শেহতীয়াকৈ ফুচকাৰ লোভত পৰি বিপদত পৰিল একাংশ লুভীয়া। কলকাতাৰ শশীভূষণ পথৰ দুৰ্গা পূজাৰ মণ্ডপ ব্যতিক্ৰম ৰূপত সজা হৈছিল। বিশেষ কথাটো হ’ল যে এই মণ্ডপ গোলগাপ্পা অৰ্থাৎ ফুচকাৰে সজাই তোলা হৈছিল। সেই ফুচকাও সাৰি নগ’ল লুভীয়াৰ চকুৰ পৰা। উল্লেখনীয় কথাটো হ’ল যিবোৰ ফুচকাৰে মণ্ডপটো সজাই তোলা হৈছিল সেইবোৰত ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰা হৈছিল। 

দুৰ্গা পূজাৰ অন্ত পৰাৰ পাছত যেতিয়া মণ্ডপটো ভাঙিবলৈ আৰম্ভ কৰিলে, তেতিয়া উদ্যোক্তাসকলে দেখিলে যে বহুকেইটা ফুচকা মণ্ডপটোৰ পৰা নোহোৱা হৈছে। এইবোৰ গন্তি কৰাত ৬০০ টা ফুচকাৰ হিচাপ ওলাল, অৰ্থাৎ ৬০০ টা ফুচকা খালে কোনো কোনো লোকে।

উদ্যোক্তাসকলে কয় যে এই ফুচকাবোৰে স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে। কিয়নো ইয়াত ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰা হৈছিল। এই তথ্য ছ’চিয়েল মিডিয়াৰ জৰিয়তে শ্বেয়াৰ কৰা হৈছিল। ৰাইজক আহ্বান জনোৱা হৈছিল যে ফুচকাৰে নিৰ্মিত মণ্ডপৰ সৌন্দৰ্য্য কেৱল উপভোগ কৰক, খাবলৈ চেষ্টা নকৰিব। ইয়াত ৰাসায়নিক পদাৰ্থ মিহলাই থোৱা হৈছে। এই ফুচকাত ৰেজিন আৰু হাৰ্ডনাৰ ব্যৱহাৰ কৰা হৈছে। তাৰপাছতো এই ফুচকা খাবলৈ মানুহে কুণ্ঠাবোধ কৰা নাছিল। 

কমিটীয়ে কয় যে তেওঁলোকে আশা কৰা নাছিল যে মণ্ডপত ৰখা ফুচকাবোৰ মানুহে খাবলৈ আৰম্ভ কৰিব। বিশেষ কথাটো হ’ল মানুহক সতৰ্ক কৰি দিয়াৰ প্ৰয়াসো কৰা হৈছিল, কিন্তু মানুহে সেই পৰামৰ্শক গুৰুত্বসহকাৰে লোৱা নাছিল। ইয়াৰ বাবে মানুহে স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে বুলি কমিটীয়ে সদৰী কৰে। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ