--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ফুচকা দেখিলেই বহুতৰে জিভাৰ পানী পৰে। শেহতীয়াকৈ ফুচকাৰ লোভত পৰি বিপদত পৰিল একাংশ লুভীয়া। কলকাতাৰ শশীভূষণ পথৰ দুৰ্গা পূজাৰ মণ্ডপ ব্যতিক্ৰম ৰূপত সজা হৈছিল। বিশেষ কথাটো হ’ল যে এই মণ্ডপ গোলগাপ্পা অৰ্থাৎ ফুচকাৰে সজাই তোলা হৈছিল। সেই ফুচকাও সাৰি নগ’ল লুভীয়াৰ চকুৰ পৰা। উল্লেখনীয় কথাটো হ’ল যিবোৰ ফুচকাৰে মণ্ডপটো সজাই তোলা হৈছিল সেইবোৰত ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰা হৈছিল। 

দুৰ্গা পূজাৰ অন্ত পৰাৰ পাছত যেতিয়া মণ্ডপটো ভাঙিবলৈ আৰম্ভ কৰিলে, তেতিয়া উদ্যোক্তাসকলে দেখিলে যে বহুকেইটা ফুচকা মণ্ডপটোৰ পৰা নোহোৱা হৈছে। এইবোৰ গন্তি কৰাত ৬০০ টা ফুচকাৰ হিচাপ ওলাল, অৰ্থাৎ ৬০০ টা ফুচকা খালে কোনো কোনো লোকে।

উদ্যোক্তাসকলে কয় যে এই ফুচকাবোৰে স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে। কিয়নো ইয়াত ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰা হৈছিল। এই তথ্য ছ’চিয়েল মিডিয়াৰ জৰিয়তে শ্বেয়াৰ কৰা হৈছিল। ৰাইজক আহ্বান জনোৱা হৈছিল যে ফুচকাৰে নিৰ্মিত মণ্ডপৰ সৌন্দৰ্য্য কেৱল উপভোগ কৰক, খাবলৈ চেষ্টা নকৰিব। ইয়াত ৰাসায়নিক পদাৰ্থ মিহলাই থোৱা হৈছে। এই ফুচকাত ৰেজিন আৰু হাৰ্ডনাৰ ব্যৱহাৰ কৰা হৈছে। তাৰপাছতো এই ফুচকা খাবলৈ মানুহে কুণ্ঠাবোধ কৰা নাছিল। 

কমিটীয়ে কয় যে তেওঁলোকে আশা কৰা নাছিল যে মণ্ডপত ৰখা ফুচকাবোৰ মানুহে খাবলৈ আৰম্ভ কৰিব। বিশেষ কথাটো হ’ল মানুহক সতৰ্ক কৰি দিয়াৰ প্ৰয়াসো কৰা হৈছিল, কিন্তু মানুহে সেই পৰামৰ্শক গুৰুত্বসহকাৰে লোৱা নাছিল। ইয়াৰ বাবে মানুহে স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে বুলি কমিটীয়ে সদৰী কৰে। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত