--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ 'ব্রাহ্মছ বিশ্বৰ অন্যতম দ্রুততম, ছুপাৰছ'নিক ক্রুছ ক্ষেপণাস্ত্র, ই কেৱল এবিধ অস্ত্র নহয়, ই নিজেই এক বার্তা। 

এই বার্তা হৈছে ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ শক্তি, ই শত্রুৰ বিৰুদ্ধে সাহসৰ এক বাৰ্তা, সীমান্তৰ সুৰক্ষাৰ বাবে থকা দায়বদ্ধতাৰ বার্তা।'- ৰবিবাৰে লক্ষ্ণৌত এটা অনুষ্ঠানত অংশগ্রহণ কৰি দিয়া ভাষণত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এনেদৰে কয়। লক্ষ্ণৌত ব্ৰহ্মছ এৰ'স্পেচ ইন্টিগেশ্যন এণ্ড টেষ্টিং প্রকল্প মুকলি কৰি দিয়া ভাষণত প্ৰতিৰক্ষা মন্ত্রীজনে কয়, 'অপাৰেশ্যন সেন্দূৰৰ জৰিয়তে ভাৰতীয় সেনাই সন্ত্রাসবাদীক প্ৰত্যুত্তৰ দিলে। এই অভিযানৰ লক্ষ্যত উপনীত হৈ আমি ইয়াকে দেখুৱালোঁ যে ভাৰতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰীজনে লগতে কয়, 'অপাৰেশ্যন সেন্দূৰ আৰম্ভ কৰা হৈছিল পাকিস্তানত সন্ত্রাসবাদ নির্মূল কৰাৰ কাৰণে। ভাৰতীয় সেনাই পাকিস্তানত কেৱল সন্ত্রাসবাদীক লক্ষ্য কৰি লৈছিল, কিন্তু পাকিস্তানী সেনাই সাধাৰণ নাগৰিককো আক্ৰমণৰ লক্ষ্য কৰি লয়। ইয়াৰ উপৰি পাকিস্তানী সেনাই মন্দিৰ, মছজিদ, গুৰুদ্বাৰ আৰু গির্জা ঘৰতো আক্ৰমণ কৰে।' প্ৰতিৰক্ষা মন্ত্ৰীজনে পুনৰ কয়, 'ভাৰতীয় সেনাই শৌর্য আৰু পৰাক্ৰমৰ লগতে সংযমৰো পৰিচয় দি পাকিস্তানত তেওঁলোকৰ সামৰিক ঘাটিতো আক্রমণ কৰি কঠোৰ প্ৰত্যুত্তৰ দিলে। 

আমি কেৱল সীমান্তৰ কাষতে থকা সামৰিক ঘাটিতে আক্ৰমণ কৰা নাই, ভাৰতীয় সেনাৰ ধমক পাকিস্তানী সেনাৰ মুখ্য কাৰ্যালয় থকা ৰাৱালপিণ্ডিলৈকে শুনিবলৈ পালে।' তেওঁ কয় যে পহলগামৰ আক্ৰমণৰ পাছত ভাৰতে পাকিস্তানৰ ভিতৰত সোমাই কেইবাঠাইতো আক্রমণ কৰা সমগ্র বিশ্বই দেখা পালে। 

উল্লেখযোগ্য যে উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত দেওবাৰে ৰাজনাথ সিঙে ভার্চুৱেলী মুকলি কৰা প্রকল্পটোত বছৰি ১০০ৰ পৰা ১৫০ মিছাইল নিৰ্মাণ কৰাৰ লক্ষ্য বান্ধি লোৱা হৈছে। তদুপৰি কানপুৰ, আলিগড়, আগ্রা, ঝান্সি আৰু চিত্ৰকোটৰ পাছত লক্ষ্ণৌত মুকলি কৰা এই প্ৰকল্পৰ দ্বাৰা উত্তৰ প্ৰদেশক 'ডিফেন্স কৰিডৰ'ত পৰিণত কৰা বুলিও চৰ্চা হৈছে।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত