--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ 'ব্রাহ্মছ বিশ্বৰ অন্যতম দ্রুততম, ছুপাৰছ'নিক ক্রুছ ক্ষেপণাস্ত্র, ই কেৱল এবিধ অস্ত্র নহয়, ই নিজেই এক বার্তা। 

এই বার্তা হৈছে ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ শক্তি, ই শত্রুৰ বিৰুদ্ধে সাহসৰ এক বাৰ্তা, সীমান্তৰ সুৰক্ষাৰ বাবে থকা দায়বদ্ধতাৰ বার্তা।'- ৰবিবাৰে লক্ষ্ণৌত এটা অনুষ্ঠানত অংশগ্রহণ কৰি দিয়া ভাষণত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এনেদৰে কয়। লক্ষ্ণৌত ব্ৰহ্মছ এৰ'স্পেচ ইন্টিগেশ্যন এণ্ড টেষ্টিং প্রকল্প মুকলি কৰি দিয়া ভাষণত প্ৰতিৰক্ষা মন্ত্রীজনে কয়, 'অপাৰেশ্যন সেন্দূৰৰ জৰিয়তে ভাৰতীয় সেনাই সন্ত্রাসবাদীক প্ৰত্যুত্তৰ দিলে। এই অভিযানৰ লক্ষ্যত উপনীত হৈ আমি ইয়াকে দেখুৱালোঁ যে ভাৰতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰীজনে লগতে কয়, 'অপাৰেশ্যন সেন্দূৰ আৰম্ভ কৰা হৈছিল পাকিস্তানত সন্ত্রাসবাদ নির্মূল কৰাৰ কাৰণে। ভাৰতীয় সেনাই পাকিস্তানত কেৱল সন্ত্রাসবাদীক লক্ষ্য কৰি লৈছিল, কিন্তু পাকিস্তানী সেনাই সাধাৰণ নাগৰিককো আক্ৰমণৰ লক্ষ্য কৰি লয়। ইয়াৰ উপৰি পাকিস্তানী সেনাই মন্দিৰ, মছজিদ, গুৰুদ্বাৰ আৰু গির্জা ঘৰতো আক্ৰমণ কৰে।' প্ৰতিৰক্ষা মন্ত্ৰীজনে পুনৰ কয়, 'ভাৰতীয় সেনাই শৌর্য আৰু পৰাক্ৰমৰ লগতে সংযমৰো পৰিচয় দি পাকিস্তানত তেওঁলোকৰ সামৰিক ঘাটিতো আক্রমণ কৰি কঠোৰ প্ৰত্যুত্তৰ দিলে। 

আমি কেৱল সীমান্তৰ কাষতে থকা সামৰিক ঘাটিতে আক্ৰমণ কৰা নাই, ভাৰতীয় সেনাৰ ধমক পাকিস্তানী সেনাৰ মুখ্য কাৰ্যালয় থকা ৰাৱালপিণ্ডিলৈকে শুনিবলৈ পালে।' তেওঁ কয় যে পহলগামৰ আক্ৰমণৰ পাছত ভাৰতে পাকিস্তানৰ ভিতৰত সোমাই কেইবাঠাইতো আক্রমণ কৰা সমগ্র বিশ্বই দেখা পালে। 

উল্লেখযোগ্য যে উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত দেওবাৰে ৰাজনাথ সিঙে ভার্চুৱেলী মুকলি কৰা প্রকল্পটোত বছৰি ১০০ৰ পৰা ১৫০ মিছাইল নিৰ্মাণ কৰাৰ লক্ষ্য বান্ধি লোৱা হৈছে। তদুপৰি কানপুৰ, আলিগড়, আগ্রা, ঝান্সি আৰু চিত্ৰকোটৰ পাছত লক্ষ্ণৌত মুকলি কৰা এই প্ৰকল্পৰ দ্বাৰা উত্তৰ প্ৰদেশক 'ডিফেন্স কৰিডৰ'ত পৰিণত কৰা বুলিও চৰ্চা হৈছে।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ