--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতে শুকুৰবাৰে নিশাৰ পৰা শনিবাৰৰ পুৱালৈকে পাকিস্তানত এনেদৰে আক্রমণ কৰে যে সেয়া পাকিস্তানে কল্পনাও কৰা নাছিল। ভাৰতৰ বিধ্বংসী আক্ৰমণত পাকিস্তানৰ নেতাসকল থৰহৰি কম্পমান হৈ পৰে। ভাৰতৰ এই আক্রমণত পাকিস্তানৰ কেইবাটাও বিমান ঘাটি বিধ্বস্ত হৈ পৰে।

ইয়াৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ আছিল নুৰখান বায়ু সেনাৰ ঘাটি। বায়ু সেনাৰ এই ঘাটিটোত ভাৰতৰ ক্ষেপণাস্ত্ৰ পৰাৰ লগে লগে ইয়াৰ জোকাৰণি পাকিস্তানৰ পৰা আমেৰিকালৈকে বিয়পে। এই ঘাটিটো পাকিস্তানী বায়ু সেনাৰ প্ৰধান কেন্দ্ৰ হোৱাৰ লগতে স্ট্রেটেজিক প্লেন্‌দ ডিভিজনৰ মুখ্য কার্যালয়ো ইয়াতে আছে। এই ডিভিজন পাকিস্তানৰ ১৭০টা পাৰমাণৱিক অস্ত্ৰৰ সুৰক্ষা আৰু পৰিচালন তথা নিক্ষেপৰ দায়িত্বত আছে। ইয়াত ভাৰতীয় সেনাই আক্ৰমণ কৰাৰ লগে লগে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফে নেশ্যনেল কমাণ্ড অথৰিটি (এন চি এ) বৈঠক আহ্বান কৰে, যাতে নিজৰ পাৰমাণৱিক গোটক ভাৰতৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিব পাৰে। 

পাকিস্তানৰ পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ সম্পৰ্কত সিদ্ধান্ত লোৱা এন চি এ সর্বোচ্চ সংস্থা। এই আক্ৰমণৰ বাতৰি পোৱাৰ লগে লগে আমেৰিকাও চিন্তিত হৈ পৰে। নিউয়র্ক টাইছে দিয়া বাতৰি মতে, ভাৰত-পাকিস্তানৰ মাজৰ যুদ্ধত প্রথমে সোমাবলৈ অস্বীকাৰ কৰি মন্তব্য দিয়াৰ কিছু সময়ৰ পাছতে আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সে তৎক্ষণাৎ ভাৰতলৈ ফ'ন কৰে। বাতৰিটোত প্ৰকাশ কৰা মতে, ভেন্সে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ সৈতে টেলিফ'নত আলোচনা কৰে। তেওঁ প্ৰধানমন্ত্ৰীক কয় যে অচিৰেই এই যুদ্ধই পূৰ্ণাংগ যুদ্ধৰ ৰূপ ল'ব পাৰে। আনহাতে, আমেৰিকাৰ বিদেশ মন্ত্ৰী মার্ক' কবিয়ই পাকিস্তানৰ সেনাধ্যক্ষ জেনেৰেল আছীম মুনিৰৰ সৈতে টেলিফ'নত কথা পাতে। আমেৰিকাৰ চোৰাংচোৱায়ো এই বুলি সতর্ক কৰি দিছিল যে ভাৰত-পাকিস্তানৰ উত্তেজনাই পাৰমাণৱিক যুদ্ধৰ ৰূপ ল'ব পাৰে। ভাৰতৰ আক্ৰমণৰ পাছতে পেন্টাগনেও পৰিস্থিতিক লৈ আলোচনা কৰে। ইয়াৰ পাছত হোৱাইট হাউছে দুয়োখন দেশৰ সৈতে আলোচনা কৰাৰ সিদ্ধান্ত লয়। চোৰাংচোৱাৰ তথ্য আৰু পাকিস্তানৰ এন চি এৰ বৈঠক অনুষ্ঠিত হোৱাৰ বাতৰি পোৱাৰ লগে লগে উপ-ৰাষ্ট্ৰপতি ভেন্স আৰু বিদেশ সচিব ৰুবিঅ' সক্ৰিয় হৈ পৰে। ৰুবিঅ'ই ভাৰতৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰৰ সৈতেও আলোচনা কৰে। ভেন্সে প্রধানমন্ত্রী মোদী আৰু পাকিস্তানৰ নেতৃত্বৰ সৈতে প্রত্যক্ষভাৱে আলোচনা কৰি উত্তেজনা হ্রাস কৰাৰ উপায় চিন্তা কৰিবলৈ আহবান জনায়। ইয়াৰ পাছতে ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে দুয়োখন দেশ যুদ্ধ-বিৰতিৰ বাবে সন্মত হোৱা বুলি জনায়। 

অৱশ্যে ট্রাম্প প্রত্যক্ষভাৱে আলোচনাত জড়িত হোৱা নাছিল। ভাৰতে আমেৰিকাৰ মধ্যস্থতাত যুদ্ধ-বিৰতি হোৱাৰ বাতৰি অস্বীকাৰ কৰি আহিছে। মন কৰিবলগীয়া যে ভাৰতে নুৰখান ঘাটিত আক্ৰমণ কৰি পাকিস্তানৰ পাৰমাণবিক অস্ত্ৰৰ কমাণ্ডকো লক্ষ্য কৰি ল'ব পাৰে বুলি দেখুৱাই দিয়ে।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ