--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ পেহেলগামত সংঘটিত হোৱা ইছলামিক সন্ত্ৰাসবাদীৰ বৰ্বৰ আক্ৰমণৰ ঘটনাই সমগ্ৰ বিশ্বকে কঁপাই গৈছে। বেছাৰাণত সন্ত্ৰাসবাদীয়ে পৰ্যটক আৰু স্থানীয় লোকৰ ওপৰত নিৰ্বিচাৰ গুলীচালনা কৰে। এই আক্ৰমণত পৰ্যটক আৰু স্থানীয় লোককে ধৰি ২৬জন লোক নিহত হোৱাৰ লগতে কেইবাগৰাকীও লোক আহত হয়।

সন্ত্ৰাসবাদীৰ আক্ৰমণত প্ৰাণ হেৰুওৱাসকলৰ ভিতৰত আছিল দেশৰ এজন সাহসী জোৱান। তেওঁৰ নাম বিনয় নৰৱাল। পেহেলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণত শেষ হৈ গ’ল নৌসেনাৰ বিষয়া বিনয় নৰৱালৰ জীৱন। বিনয় হাৰিয়ানাৰ কৰ্ণাল চহৰৰ ছেক্টৰ ৭ৰ বাসিন্দা আছিল। দুবছৰ পূৰ্বে ভাৰতীয় নৌসেনাত তেওঁ যোগদান কৰিছিল। 

তেওঁৰ নৱ বিবাহিতা পত্নীৰ নাম হিমানী। মাত্ৰ ৬ দিন পূৰ্বে তেওঁলোকৰ বিবাহ সম্পন্ন হৈছিল আৰু ২ দিন পূৰ্বে বিয়াৰ অভ্যৰ্থনা অনুষ্ঠান অনুষ্ঠিত হৈছিল। বিয়াৰ পিছতেই বিনয় আৰু হিমানী ভূ-স্বৰ্গ কাশ্মীৰলৈ হানিমুনৰ বাবে গৈছিল।

কিন্তু সপোনতো নভবা এক অঘটন ঘটি গল। তেওঁলোকে জনা নাছিল যে সেই যাত্ৰাই আছিল তেওঁলোকৰ অন্তিম যাত্ৰা। পত্নীৰ সন্মুখতে সন্ত্ৰাসবাদীয়ে হত্যা কৰিলে নৌ সেনা বিষয়াজনক৷ ১৬ এপ্ৰিলৰ অভ্যৰ্থনাৰ পিছত ২১ এপ্ৰিলত হানিমুনৰ বাবে কাশ্মীৰলৈ গৈছিল। ২৬ বছৰীয়া বিনয় নৰৱাল বৰ্তমান কোচিত কৰ্মৰত আছিল। সন্ত্ৰাসবাদীয়ে তেওঁৰ বুকু, ডিঙি আৰু বাওঁহাতত গুলীচালনা কৰি হত্যা কৰে।

উল্লেখ্য যে কোনো সন্ত্ৰাসবাদীক সাৰি যাবলৈ দিয়া নহ’ব বুলি সকীয়াই দিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ