--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ পেহেলগামত সংঘটিত হোৱা ইছলামিক সন্ত্ৰাসবাদীৰ বৰ্বৰ আক্ৰমণৰ ঘটনাই সমগ্ৰ বিশ্বকে কঁপাই গৈছে। বেছাৰাণত সন্ত্ৰাসবাদীয়ে পৰ্যটক আৰু স্থানীয় লোকৰ ওপৰত নিৰ্বিচাৰ গুলীচালনা কৰে। এই আক্ৰমণত পৰ্যটক আৰু স্থানীয় লোককে ধৰি ২৬জন লোক নিহত হোৱাৰ লগতে কেইবাগৰাকীও লোক আহত হয়।

সন্ত্ৰাসবাদীৰ আক্ৰমণত প্ৰাণ হেৰুওৱাসকলৰ ভিতৰত আছিল দেশৰ এজন সাহসী জোৱান। তেওঁৰ নাম বিনয় নৰৱাল। পেহেলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণত শেষ হৈ গ’ল নৌসেনাৰ বিষয়া বিনয় নৰৱালৰ জীৱন। বিনয় হাৰিয়ানাৰ কৰ্ণাল চহৰৰ ছেক্টৰ ৭ৰ বাসিন্দা আছিল। দুবছৰ পূৰ্বে ভাৰতীয় নৌসেনাত তেওঁ যোগদান কৰিছিল। 

তেওঁৰ নৱ বিবাহিতা পত্নীৰ নাম হিমানী। মাত্ৰ ৬ দিন পূৰ্বে তেওঁলোকৰ বিবাহ সম্পন্ন হৈছিল আৰু ২ দিন পূৰ্বে বিয়াৰ অভ্যৰ্থনা অনুষ্ঠান অনুষ্ঠিত হৈছিল। বিয়াৰ পিছতেই বিনয় আৰু হিমানী ভূ-স্বৰ্গ কাশ্মীৰলৈ হানিমুনৰ বাবে গৈছিল।

কিন্তু সপোনতো নভবা এক অঘটন ঘটি গল। তেওঁলোকে জনা নাছিল যে সেই যাত্ৰাই আছিল তেওঁলোকৰ অন্তিম যাত্ৰা। পত্নীৰ সন্মুখতে সন্ত্ৰাসবাদীয়ে হত্যা কৰিলে নৌ সেনা বিষয়াজনক৷ ১৬ এপ্ৰিলৰ অভ্যৰ্থনাৰ পিছত ২১ এপ্ৰিলত হানিমুনৰ বাবে কাশ্মীৰলৈ গৈছিল। ২৬ বছৰীয়া বিনয় নৰৱাল বৰ্তমান কোচিত কৰ্মৰত আছিল। সন্ত্ৰাসবাদীয়ে তেওঁৰ বুকু, ডিঙি আৰু বাওঁহাতত গুলীচালনা কৰি হত্যা কৰে।

উল্লেখ্য যে কোনো সন্ত্ৰাসবাদীক সাৰি যাবলৈ দিয়া নহ’ব বুলি সকীয়াই দিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ