--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমৰ্থকসকলে আৰু কিমান ধৈৰ্য্য ধৰিব? পৰৱৰ্তী মেচখনত ৰান পাব বুলি আৰু কিমান আশাৰে বাট চাই ৰ’ব অনুৰাগীয়ে? আৰু কিমানবাৰ অনুৰাগীৰ আশাত চেঁচা পানী ঢালিব তেওঁ? একপ্ৰকাৰ এইসমূহ প্ৰশ্নৰ উত্তৰ আশা কৰিবলৈ প্ৰায় এৰি দিছে ক্ৰিকেট অনুৰাগীয়ে!

এসময়ত বলাৰ দুৰ্গত কঁপনি তোলা কিম্বা বহু শতকৰ অধিকাৰী কোহলীৰ বেটত এতিয়া কেৱল শূন্যতা। ধাৰাবাহিক বিফলতাৰ পাছতো যেন মূল একাদশৰ পৰা কোহলীক বাদ দিয়াৰ কথা ভবাটো সম্ভৱ নহয় দলীয় কৰ্তৃপক্ষৰ বাবে। তাৰ পৰিৱৰ্তে, ইনিংছ অ’পেনিঙৰ দায়িত্ব দিয়া হ’ল কোহলীক।  কিন্তু সেই পৰিকল্পনা, প্ৰত্যাশাৰো যথোচিত উত্তৰ দিব নোৱাৰিলে বিৰাট কোহলীয়ে। পুনৰ বাৰ  বিফলতাৰ ইতিহাস লিপিবদ্ধ কৰিলে 'কিং' কোহলীয়ে। ইয়াৰ লগে লগে পৰাস্ত হ’ল ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু আৰু চিনাকি ছন্দৰ সৈতে খাপ খোৱা ৰাজস্থান ৰয়েলছ লীগ তালিকাৰ শীৰ্ষ স্থানলৈ উন্নীত হয়।

মন কৰিবলগীয়া যে, নেতৃত্বৰ বোজাৰ পৰা মুক্ত হৈ খেলিবলৈ সিদ্ধান্ত লৈছিল কোহলীয়ে। বেয়া ফৰ্মত থকা তাৰকাগৰাকীৰ সিদ্ধান্তক আদৰণি জনাইছিল অনুৰাগীয়ে। কিন্তু ভবা মতে যে একোকে হোৱা নাই! ৰাজস্থানৰ বিৰুদ্ধে অপেনিং কৰিবলৈ আহি প্ৰসিদ্ধ কৃষ্ণাৰ বলত মাত্ৰ ৯ ৰান কৰি পেভিলিয়নলৈ উভতি গৈছিল কোহলী। খেলপথাৰ এৰি যোৱাৰ সময়ত আকৌ দেখিবলৈ পোৱা গ’ল কোহলীৰ মুখত হাঁহি। ছ’চিয়েল মিডিয়াত তীব্ৰ কটাক্ষৰ সন্মুখীন হ’বলগীয়া হৈছে আৰচিবিৰ প্ৰাক্তন অধিনায়কজন।

অৱশ্যে ৰাজস্থানৰ বিৰুদ্ধে কেৱল বিৰাটেই নহয় গোটেই দলটোৱে বিফল হয়। ৰাজস্থানৰ বলিং বিক্ৰমত এজনৰ পাছত আনজন ক্ৰিকেটাৰে কম সময়ৰ ব্যৱধানতে এৰিবলগীয়া হয় ক্ৰীজ। মেক্সৱেল-শ্বাহবাজক অশ্বিন-কুলদীপৰ সন্মুখত অসহায় যেন দেখা গৈছিল। সেইবাবে সহজ লক্ষ্যত উপনীত হ'ব নোৱাৰিলে আৰচিবি। ৫৮ ৰানত ৪ টা উইকেট হেৰুৱাই ক্ৰমাত্‍ নিশকতীয়া হৈ পৰে দলটো। উজলি নুঠিল দীনেশ কাৰ্তিকেও। ৬ ৰানতে কাৰ্তিকে সামৰে ইনিংছ।

স্বাভাৱিকতে, কোহলীৰ বেয়া ফৰ্ম আৰু দলটোৰ এনে দুৰ্বল প্ৰদৰ্শনে নিশ্চিতভাৱে উদ্বিগ্ন কৰি তুলিছে সকলোকে। কোহলীৰ সলনি এইবাৰ দলত আন কোনোবাই সঁচাকৈয়ে সুযোগ পাব লাগে নেকি? কোহলীৰ বিকল্প কাৰোবাৰ চিন্তা কৰিছে নেকি টীম মেনেজমেণ্টে? সেয়া সময়তহে হ’ব লক্ষ্যণীয়!


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ