ডিজিটেল ডেস্ক: বকলীয়াঘাটত সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰা এক ঘটনা। বকলীয়াঘাট হাতীপুৰাত মঙলবাৰে স্থানীয় এটি পৰিয়ালে কুঁহিয়াৰ বাৰীত উদ্ধাৰ কৰে এটি নৱজাতক কন্যা শিশু৷
কোনো কঠোৰ হৃদয়ৰ মাতৃয়ে হয়তো কলংক মোচনৰ বাৱে দেৱ শিশুটি তেনেকৈ জংঘলত পেলাই থৈ যায় ৷ শিশুটিক স্থানীয় এজনী ছোৱালীয়ে প্ৰত্যক্ষ কৰি ঘৰলৈ লৈ আনে ৷ পৰুৱাই কামুৰি শিশুটিক প্ৰায় অসুস্থ কৰি পেলাইছিল৷ তাৰ পাছতে বকলীয়াঘাট আৰক্ষীয়ে শিশুটি আনি প্ৰাথমিক চিকিৎসা কৰি বুধবাৰে CWC (চাইল্ড ৱেলফেয়াৰ কমিটি)লৈ প্ৰেৰণ কৰে৷
চিকিৎসকে সদৰী কৰা অনুসৰি কন্যা শিশুটি বৰ্তমান সুস্থ অৱস্থাত আছে। শিশুটি জন্ম হোৱা ৭-১০ দিন হৈছে বুলি ধাৰণা কৰা হৈছে।
কোনে এই নিকৃষ্ট কাণ্ড কৰিলে সেই দোষীক চিনাক্ত কৰি কঠোৰ শাস্তি বিচাৰিবলৈ স্থানীয় ৰাইজে দাবী জনাইছে।