--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ চাহ উদ্যোগৰ এটা পৰিচিত নাম পৰাগ দেশাই।  বাঘ- বকৰি চাহ কোম্পানীৰ পৰিচালনা সঞ্চালক  পৰাগ দেশাইৰ মৃত্যু ঘটিছে। মাত্ৰ ৪৯ বছৰ বয়সতে মৃত্যু ঘটা দেশাইয়ে মৃত্যুৰ সময়ত তেওঁৰ পত্নী বিদিশা আৰু জীয়ৰী পৰিষদক এৰি থৈ গৈছে। মস্তিষ্কৰ ৰক্তক্ষৰণত ভুগি তেওঁৰ মৃত্যু হয়।

বাঘ- বকৰি চাহ  কোম্পানীৰ এজন শীৰ্ষ কাৰ্যবাহী পৰাগ দেশাইৰ কুকুৰৰ আক্ৰমণত মৃত্যু ঘটা বুলি সন্দেহ কৰা হৈছে। কিছুদিন পূৰ্বে তেওঁক পথৰ গৰাকী বিহীন কুকুৰে কামুৰিছিল।   
 কিন্তু দেশাইৰ চিকিৎসা কৰা চিকিৎসালয়খনে স্পষ্ট কৰিছে  যে যেতিয়া তেওঁক চিকিৎসালয়লৈ অনা হৈছিল তেতিয়া তেওঁৰ শৰীৰত "কুকুৰে কামোৰৰ চিহ্ন নাছিল"।

চিকিৎসালয়খনে জাৰি কৰা  বিজ্ঞপ্তি অনুসৰি ৪৯ বছৰীয়া ব্যৱসায়ীজনক  আহমেদাবাদৰ শালবি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। তেওঁ অচেতন আছিল আৰু কোনো সঁহাৰি দিয়া নাছিল। 

শালবি চিকিৎসালয়ৰ বিষয়া  ডাঃ নিশিতা শুক্লাই কয়, "ৰোগীগৰাকীক  আইচিইউত ভৰ্তি কৰোৱা হৈছিল আৰু তেওঁক ৭২  ঘণ্টা পৰ্যৱেক্ষণ কৰাৰ লগতে আৰু চিকিৎসা চলাই যোৱা হৈছিল। পিছত  ৰোগীজনক তেওঁৰ আত্মীয়সকলৰ অনুৰোধত অব্যাহতি দিয়া হৈছিল।"

পিছত দেশাইৰ পৰিয়ালৰ সদস্যসকলে তেওঁক অস্ত্ৰোপচাৰৰ  বাবে জাইডাছ চিকিৎসালয়লৈ স্থানান্তৰ কৰে। অৱশ্যে পৰাগ দেশাইৰ মস্তিষ্কৰ ৰক্তক্ষৰণৰ ফলতে  মৃত্যু হয়। 

গুজৰাট কংগ্ৰেছৰ মুৰব্বী আৰু ৰাজ্যসভাৰ সদস্য শক্তি সিংহ গোহিলে সামাজিক মাধ্যমৰ পোষ্টত তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। তেওঁ লিখিছে, "অতি দুখজনক খবৰ আহিছে। বাঘ- বকৰি চাহ কোম্পানীৰ  সঞ্চালক পৰাগ দেশাইৰ মৃত্যু হৈছে। পৰি যোৱাৰ পিছত তেওঁৰ মস্তিষ্কৰ ৰক্তক্ষৰণ হৈছিল। তেওঁৰ আত্মাই শান্তি লাভ কৰক। সমগ্ৰ ভাৰতবৰ্ষৰত থকা বাঘ- বকৰি পৰিয়াললৈ মোৰ সমবেদনা।"
দেশাইক বিদায় জনোৱাৰ বাবে আহমেদাবাদৰ থালতেজ শ্মশানত বাঘ- বকৰিৰ কৰ্মচাৰী, পৰাগ দেশাইৰ পৰিয়ালৰ সদস্য আৰু বাণিজ্য তথা  উদ্যোগ খণ্ডৰ শীৰ্ষ ব্যক্তসকল   সমবেত হয়। অন্তিম সংস্কাৰৰ আগতে পশ্চিম আহমেদাবাদৰ আম্বলী অঞ্চলত তেওঁৰ ঘৰত শদ্ধা জ্ঞাপন অনুষ্ঠান  অনুষ্ঠিত কৰা হয়। 
পৰাগ দেশাই ৱাঘ বাকৰি গোটৰ  পৰিচালনা সঞ্চালক ৰছেশ দেশাইৰ পুত্ৰ আছিল। 




দেশাইৰ ৩০ বছৰতকৈও অধিক চাহ  উদ্যোগৰ অভিজ্ঞতা আছিল। তেওঁ বাঘ- বকৰি চাহ গোটৰ  আন্তৰ্জাতিক ব্যৱসায়, বিক্ৰী আৰু বিপণনৰ নেতৃত্ব দিছিল। তেওঁ ভাৰতীয় উদ্যোগ পৰিষদৰ (চিআইআই) দৰে আগশাৰীৰ উদ্যোগ সংস্থাত  সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল। 

বাঘ-বকৰি টি গ্ৰুপৰ ৱেবছাইট অনুসৰি  পৰাগ দেশাইয়ে  আমেৰিকা যুক্তৰাষ্ট্ৰৰ লং আইলেণ্ড বিশ্ববিদ্যালয়ৰ পৰা ব্যৱসায় প্ৰশাসনত স্নাতকোত্তৰ ডিগ্ৰী লাভ  কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ