--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ চাহ উদ্যোগৰ এটা পৰিচিত নাম পৰাগ দেশাই।  বাঘ- বকৰি চাহ কোম্পানীৰ পৰিচালনা সঞ্চালক  পৰাগ দেশাইৰ মৃত্যু ঘটিছে। মাত্ৰ ৪৯ বছৰ বয়সতে মৃত্যু ঘটা দেশাইয়ে মৃত্যুৰ সময়ত তেওঁৰ পত্নী বিদিশা আৰু জীয়ৰী পৰিষদক এৰি থৈ গৈছে। মস্তিষ্কৰ ৰক্তক্ষৰণত ভুগি তেওঁৰ মৃত্যু হয়।

বাঘ- বকৰি চাহ  কোম্পানীৰ এজন শীৰ্ষ কাৰ্যবাহী পৰাগ দেশাইৰ কুকুৰৰ আক্ৰমণত মৃত্যু ঘটা বুলি সন্দেহ কৰা হৈছে। কিছুদিন পূৰ্বে তেওঁক পথৰ গৰাকী বিহীন কুকুৰে কামুৰিছিল।   
 কিন্তু দেশাইৰ চিকিৎসা কৰা চিকিৎসালয়খনে স্পষ্ট কৰিছে  যে যেতিয়া তেওঁক চিকিৎসালয়লৈ অনা হৈছিল তেতিয়া তেওঁৰ শৰীৰত "কুকুৰে কামোৰৰ চিহ্ন নাছিল"।

চিকিৎসালয়খনে জাৰি কৰা  বিজ্ঞপ্তি অনুসৰি ৪৯ বছৰীয়া ব্যৱসায়ীজনক  আহমেদাবাদৰ শালবি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। তেওঁ অচেতন আছিল আৰু কোনো সঁহাৰি দিয়া নাছিল। 

শালবি চিকিৎসালয়ৰ বিষয়া  ডাঃ নিশিতা শুক্লাই কয়, "ৰোগীগৰাকীক  আইচিইউত ভৰ্তি কৰোৱা হৈছিল আৰু তেওঁক ৭২  ঘণ্টা পৰ্যৱেক্ষণ কৰাৰ লগতে আৰু চিকিৎসা চলাই যোৱা হৈছিল। পিছত  ৰোগীজনক তেওঁৰ আত্মীয়সকলৰ অনুৰোধত অব্যাহতি দিয়া হৈছিল।"

পিছত দেশাইৰ পৰিয়ালৰ সদস্যসকলে তেওঁক অস্ত্ৰোপচাৰৰ  বাবে জাইডাছ চিকিৎসালয়লৈ স্থানান্তৰ কৰে। অৱশ্যে পৰাগ দেশাইৰ মস্তিষ্কৰ ৰক্তক্ষৰণৰ ফলতে  মৃত্যু হয়। 

গুজৰাট কংগ্ৰেছৰ মুৰব্বী আৰু ৰাজ্যসভাৰ সদস্য শক্তি সিংহ গোহিলে সামাজিক মাধ্যমৰ পোষ্টত তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। তেওঁ লিখিছে, "অতি দুখজনক খবৰ আহিছে। বাঘ- বকৰি চাহ কোম্পানীৰ  সঞ্চালক পৰাগ দেশাইৰ মৃত্যু হৈছে। পৰি যোৱাৰ পিছত তেওঁৰ মস্তিষ্কৰ ৰক্তক্ষৰণ হৈছিল। তেওঁৰ আত্মাই শান্তি লাভ কৰক। সমগ্ৰ ভাৰতবৰ্ষৰত থকা বাঘ- বকৰি পৰিয়াললৈ মোৰ সমবেদনা।"
দেশাইক বিদায় জনোৱাৰ বাবে আহমেদাবাদৰ থালতেজ শ্মশানত বাঘ- বকৰিৰ কৰ্মচাৰী, পৰাগ দেশাইৰ পৰিয়ালৰ সদস্য আৰু বাণিজ্য তথা  উদ্যোগ খণ্ডৰ শীৰ্ষ ব্যক্তসকল   সমবেত হয়। অন্তিম সংস্কাৰৰ আগতে পশ্চিম আহমেদাবাদৰ আম্বলী অঞ্চলত তেওঁৰ ঘৰত শদ্ধা জ্ঞাপন অনুষ্ঠান  অনুষ্ঠিত কৰা হয়। 
পৰাগ দেশাই ৱাঘ বাকৰি গোটৰ  পৰিচালনা সঞ্চালক ৰছেশ দেশাইৰ পুত্ৰ আছিল। 




দেশাইৰ ৩০ বছৰতকৈও অধিক চাহ  উদ্যোগৰ অভিজ্ঞতা আছিল। তেওঁ বাঘ- বকৰি চাহ গোটৰ  আন্তৰ্জাতিক ব্যৱসায়, বিক্ৰী আৰু বিপণনৰ নেতৃত্ব দিছিল। তেওঁ ভাৰতীয় উদ্যোগ পৰিষদৰ (চিআইআই) দৰে আগশাৰীৰ উদ্যোগ সংস্থাত  সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল। 

বাঘ-বকৰি টি গ্ৰুপৰ ৱেবছাইট অনুসৰি  পৰাগ দেশাইয়ে  আমেৰিকা যুক্তৰাষ্ট্ৰৰ লং আইলেণ্ড বিশ্ববিদ্যালয়ৰ পৰা ব্যৱসায় প্ৰশাসনত স্নাতকোত্তৰ ডিগ্ৰী লাভ  কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
তিতাবৰত লাভ জেহাদৰ ভয়ংকৰ ঘটনা!  বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন
অটো চালক জামছেদ আলীৰ অসভ্যালি! মহিলাক যাত্ৰীক গন্তব্য স্থানৰ পৰিবৰ্তে অন্য স্থানলৈ নিয়াৰ চেষ্টা
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক