--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: গোলাঘাট জিলাৰ কমাৰবন্ধাৰ সমীপৱৰ্তী বকলাই নিৱাসী ভৈৰৱ গগৈয়ে নিজৰ ঘৰতে প্রস্তুত কৰা নিমখ বিক্রী হৈছে প্রতি কেজিত ত্ৰিছৰ পৰা পঁয়ত্ৰিছ হাজাৰ টকাত। ভৈৰৱ গগৈয়ে এক বিশেষ পদ্ধতিত প্ৰস্তুত কৰিছে এই নিমখ। বাঁহৰ চুঙাত ৯ বাৰতকৈ অধিক বাৰ পুৰি প্ৰস্তুত কৰিছে বেম্ব ছল্ট (Bamboo Salt)। 

গোলাঘাটৰ সন্তান ভৈৰৱ গগৈয়ে নিজা বাসগৃহতে প্রস্তুত কৰা নিমখ সাধাৰণ নিমখতকৈ যথেষ্ট পৃথক আৰু উপকাৰী। আন্তঃৰাষ্ট্ৰীয় বজাৰত এই নিমখবিধৰ চাহিদা যথেষ্টধৰণে বৃদ্ধি পাইছে। গোলাঘাট জিলাৰ ভিতৰুৱা গ্রামাঞ্চলত নিমখ উৎপাদিত কৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত চমক সৃষ্টি কৰিবলৈ সক্ষম হোৱাত আনন্দিত হৈ পৰিছে ভৈৰৱ গগৈ।

এই নিমখ উৎপাদনৰ জৰিয়তে যথেষ্ট লাভৱান্বিত হৈছে ভৈৰৱ গগৈৰ লগতে এই কৰ্মৰ সৈতে জড়িত আন বহুজন। ৫০ কেজি নিমখ বাঁহৰ চুঙাত ৯বাৰ পোৰাৰ পাছত প্রায় দুই কেজি নিমখ উপযোগী হৈ ৰয় ব্যৱহাৰৰ বাবে। ৰোগীৰ বাবে যথেষ্ট প্রয়োজন এই নিমখ। এক ব্যতিক্রম উদ্ভাৱনৰ জৰিয়তে নিজে তৰি আনকো তৰাৰ বাট মোকলোৱা ভৈৰৱ গগৈ হৈ পৰিছে সকলোৰে বাবে আদৰ্শৰ উৎস।

কেইবাগৰাকীও অসমীয়াক কর্মসংস্থাপনৰ বাট মুকলি কৰা যুৱকগৰাকীয়ে প্ৰায় দুবছৰ ধৰি প্ৰচাৰ বিমুখভাৱে কৰি আহিছে এই উৎপাদন। উল্লেখযোগ্য যে যুৱকজনে প্ৰস্তুত কৰা এই নিমখখিনি মহাৰাষ্ট্ৰৰ এটা সংস্থাই ক্রয় কৰি আহিছে।
উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ