--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে  কয় যে পাকিস্তানৰ এটা প্রতিনিধি দলে শুল্ক চুক্তি কৰিবলৈ অহা সপ্তাহত আমেৰিকা ভ্ৰমণ কৰিব। তেওঁ লগতে কয় যে আমেৰিকাই ভাৰতৰ সৈতে শুল্ক চুক্তিত শীঘ্ৰেই স্বাক্ষৰ কৰিব।

ট্রাম্পে লগতে কয় যে ভাৰত আৰু পাকিস্তানে যদি পুনৰ সমুখ সমৰত লিপ্ত হয় তেন্তে দুয়োখন দেশৰ সৈতে আমেৰিকাৰ কোনো বাণিজ্য চুক্তি নহ'ব। ড'নাল্ড ট্রাম্পৰ এই সতর্কবাণী এতিয়া তাৎপর্যপূর্ণ বিবেচিত হৈছে। 

ইছলামাবাদে আমেৰিকাৰ শুল্ক আৰোপৰ পৰা আঁতৰি থকাৰ চেষ্টা চলোৱাৰ পাছতে পাকিস্তানে আমেৰিকালৈ সামগ্ৰী ৰপ্তানিত ২৯% শুল্কৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে।

ভাৰত আৰু আমেৰিকাই জুলাইৰ প্ৰথমভাগৰ ভিতৰতেই এক সীমাবদ্ধ বাণিজ্য চুক্তিত স্বাক্ষৰ কৰাৰ সম্ভাৱনা আছে। সম্প্রতি, আমেৰিকালৈ সামগ্ৰী ৰপ্তানিত ভাৰতে ২৬% শুল্কৰ সম্মুখীন হয়।
উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত