--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জাপানক অতিক্ৰম কৰি ভাৰত বিশ্বৰ চতুৰ্থ বৃহত্তম অৰ্থনীতিৰ দেশ হিচাপে পৰিগণিত হৈছে। নিটি আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়া (চিই অ') বিভি আৰ সুব্রমণিয়মে শনিবাৰে এই তথ্য প্রকাশ কৰে।

নিটি আয়োগৰ দশমসংখ্যক পৰিচালনা পৰিষদৰ বৈঠকৰ পাছত সাংবাদিকক সম্বোধন কৰি নিটি আয়োগৰ চি ই অ' সুব্রমণিয়মে কয় যে সমগ্র ভু-ৰাজনৈতিক আৰু অর্থনৈতিক পৰিৱেশ এতিয়া ভাৰতৰ পক্ষে চলিছে। সুব্রমণিয়মে কয় যে ভাৰতৰ এতিয়া ৪ ট্রিলিয়ন মার্কিন ডলাৰৰ অর্থনীতি আছে। আন্তঃৰাষ্ট্ৰীয় মুদ্রা নিধিৰ (আই এম এফ) পৰিসংখ্যাৰ উল্লেখ কৰি সুব্রমণিয়মে কয় যে ভাৰতৰ অৰ্থনীতি এতিয়া জাপানতকৈ বৃহৎ।

অর্থনীতিৰ দিশত কেৱল আমেৰিকা, চীন আৰু জার্মানিহে ভাৰততকৈ আগবাঢ়ি আছে আৰু যদি অর্থনৈতিক দিশত কৰা পৰিকল্পনা অনুসৰি আগবাঢ়ি যাব পাৰে, তেনেহ'লে ২.৫-৩ বছৰৰ ভিতৰত ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতিৰ দেশ হিচাপে পৰিগণিত হ'ব বুলি নিটি আয়োগৰ চি ই অ'জনে কয়। 'এপ'ল আইফ'ন'ৰ সন্দৰ্ভত মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পৰ শেহতীয়া মন্তব্যৰ বিষয়ে সোধা প্ৰশ্নৰ উত্তৰত চি ই অ'জনে কয় যে আমেৰিকাত নিৰ্মাণ কৰা 'এপ'ল আইফ'ন'বোৰ আমেৰিকাতহে বিক্ৰী হ'ব, ভাৰত বা আন কোনো ঠাইতে বিক্রী নহ'ব। 

সুব্রমণিয়মে কয় যে আমেৰিকাই এই বিষয়ত কি শুল্ক আৰোপ কৰে, সেইটো অনিশ্চয়তাত আছে, কিন্তু ভাৰতত এই 'আইফ'ন' প্রস্তুত কৰিলে দাম কম হ'ব। 'বিকশিত ভাৰত ২০৪৭-ৰ বাবে বিকশিত ৰাজ্য' শীর্ষক বিষয়বস্তুৰে দশমসংখ্যক নিটি আয়োগ পৰিচালনা পৰিষদৰ বৈঠকৰ পাছত চি ই অ' সুব্রমণিয়মে কয় যে আই এম এফে 'ৱৰ্ল্ড ইক'নমিক আউটলুক'ৰ (ডব্লিউ ই অ') এপ্ৰিলত প্রকাশ কৰা প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি বিত্তীয় বর্ষ ২০২৬ত ভাৰতৰ ন্যূনতম সৰ্বমুঠ ঘৰুৱা উৎপাদন (জিডিপি)ৰ প্ৰায় (৪১৮৭০১.৭ কোটি টকা) ৪১৮৭.১১৭ বিলিয়ন ডলাৰ হ'ব আৰু জাপানৰ জি ডি পি (৪১৮৬৪৩.১ কোটি টকা) ৪১৮৬.৪৩১ বিলিয়ন ডলাৰ হ'ব বুলি প্রাক্কলন কৰা হৈছে। উল্লেখযোগ্য যে ২০২৪ চনলৈকে ভাৰত বিশ্বৰ পঞ্চম বৃহত্তম অর্থনীতি আছিল। আই এম এফে আশা কৰিছে যে অহা দুটা বছৰত ভাৰত বিশ্বৰ দ্রুত বিকশিত প্রধান অর্থনীতিৰ দেশ হ'ব। ভাৰতীয় অর্থনীতি ২০২৫ বৰ্ষত ৬.২ শতাংশ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে আৰু ২০২৬ত ৬.৩ শতাংশ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে আই এম এফে। 'ৱল্ড ইক'নমিক আউটলুক'ৰ শেহতীয়া প্রতিবেদনত এই তথ্য প্রকাশ কৰা হৈছে। ২০২৫ চনত বিশ্বৰ অৰ্থনীতি ২.৮ শতাংশ আৰু ২০২৬ত ৩ শতাংশ বৃদ্ধি হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে আই এম এফে। নিটি আয়োগৰ চি ই অ'জনে প্ৰকাশ কৰা অনুসৰি ভাৰতৰ জনগাঁথনিক লাভাংশই এই অর্থনৈতিক বিকাশত সহায়ক হৈছে। প্রধানমন্ত্রী মোদীয়ে ইতিমধ্যে ৰাজ্যসমূহক তেওঁলোকৰ স্তৰত ভিজন ডকুমেন্ট প্রস্তুত কৰিবলৈ নিৰ্দেশ দিছে। ভাৰতৰ বিকাশ ইতিমধ্যে প্রকট হৈছে বুলি সুব্রমণিয়মে কয় ৷

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
বচ্চন পৰিয়ালত আৰ্থিক সমস্যা ! অমিতাভে বিক্ৰী কৰিলে দুটাকৈ বিলাসী ফ্লেট
নিলম্বন কৰা হ'ল হাফলং উপকাৰাগাৰৰ 'Jailer' আৰু 'Warder'ক
আকৌ উন্মোচন মহম্মদ ইউনুছৰ ভাৰত-বিৰোধী ব্লুপ্রিন্ট, অসমসহ উত্তৰ-পূৰ্বাঞ্চলক সামৰি এখন বৃহত্তৰ বাংলাদেশৰ পৰিকল্পনা
কাছাৰত পুনৰ গ্ৰেপ্তাৰ ভুৱা চিকিৎসক
ভাৰতীয় মহিলা ক্ৰিকেট দলৰ খেলুৱৈসকললৈ Tata Sierra উপহাৰ টাটা মটৰ্ছৰ
মই সেই মুহূৰ্ততে এতিয়াও আবদ্ধ হৈ আছোঁ; আহমেদাবাদ বিমান দুৰ্ঘটনাৰ একমাত্ৰ জীৱিত ব্যক্তি বিশ্বাস কুমাৰ ৰমেশে যুঁজি আছে গুৰুতৰ ৰোগৰ সৈতে
জুবিন গাৰ্গৰ ন্যায় বিচাৰি দুখত ভাগি পৰিছে এগৰাকী আইতা
'হেছটেগ জাষ্টিচ ফৰ জুবিন গাৰ্গ'এ স্পর্শ কৰিলে ৪.১ মিলিয়ন, অসমীয়াৰ ডিজিটেল আন্দোলনৰ অভিলেখ
প্রধানমন্ত্রী মোদী দেখিবলৈও সুন্দৰ, তেওঁ মহান ব্যক্তি; মোদীৰ প্ৰশংসাত পঞ্চমুখ মাৰ্কিন ৰাষ্ট্ৰপতি ট্রাম্প
ৰৈ ৰৈ বিনালে চাবলৈ নোপোৱা দুখে দহিছে মাজুলীবাসীক ; মাজুলীত ছবিগৃহ নিৰ্মাণ কৰাৰ কথা মঞ্চত ঘোষণা কৰিছিল জুবিন গাৰ্গে
বাংলাদেশৰ জাতীয় সংগীত গোৱা কংগ্ৰেছীৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰিব অসম চৰকাৰে
জুবিনৰ শক্তি! ‘ৰৈ ৰৈ বিনালে’ৰ বাবে অসমত এটাও দৰ্শনী পোৱা নাই আজি মুক্তি পোৱা ‘বাহুবলী ৩’য়ে
৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই, ৰাছিয়া-চীনক লক্ষ্য কৰি ট্ৰাম্পৰ ঘোষণা
বল্লভভাই পেটেলক স্মৰণ কৰি বিশাল পেৰেডেৰে আজি একতা দিৱস উদযাপন; অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী