--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জাপানক অতিক্ৰম কৰি ভাৰত বিশ্বৰ চতুৰ্থ বৃহত্তম অৰ্থনীতিৰ দেশ হিচাপে পৰিগণিত হৈছে। নিটি আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়া (চিই অ') বিভি আৰ সুব্রমণিয়মে শনিবাৰে এই তথ্য প্রকাশ কৰে।

নিটি আয়োগৰ দশমসংখ্যক পৰিচালনা পৰিষদৰ বৈঠকৰ পাছত সাংবাদিকক সম্বোধন কৰি নিটি আয়োগৰ চি ই অ' সুব্রমণিয়মে কয় যে সমগ্র ভু-ৰাজনৈতিক আৰু অর্থনৈতিক পৰিৱেশ এতিয়া ভাৰতৰ পক্ষে চলিছে। সুব্রমণিয়মে কয় যে ভাৰতৰ এতিয়া ৪ ট্রিলিয়ন মার্কিন ডলাৰৰ অর্থনীতি আছে। আন্তঃৰাষ্ট্ৰীয় মুদ্রা নিধিৰ (আই এম এফ) পৰিসংখ্যাৰ উল্লেখ কৰি সুব্রমণিয়মে কয় যে ভাৰতৰ অৰ্থনীতি এতিয়া জাপানতকৈ বৃহৎ।

অর্থনীতিৰ দিশত কেৱল আমেৰিকা, চীন আৰু জার্মানিহে ভাৰততকৈ আগবাঢ়ি আছে আৰু যদি অর্থনৈতিক দিশত কৰা পৰিকল্পনা অনুসৰি আগবাঢ়ি যাব পাৰে, তেনেহ'লে ২.৫-৩ বছৰৰ ভিতৰত ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতিৰ দেশ হিচাপে পৰিগণিত হ'ব বুলি নিটি আয়োগৰ চি ই অ'জনে কয়। 'এপ'ল আইফ'ন'ৰ সন্দৰ্ভত মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পৰ শেহতীয়া মন্তব্যৰ বিষয়ে সোধা প্ৰশ্নৰ উত্তৰত চি ই অ'জনে কয় যে আমেৰিকাত নিৰ্মাণ কৰা 'এপ'ল আইফ'ন'বোৰ আমেৰিকাতহে বিক্ৰী হ'ব, ভাৰত বা আন কোনো ঠাইতে বিক্রী নহ'ব। 

সুব্রমণিয়মে কয় যে আমেৰিকাই এই বিষয়ত কি শুল্ক আৰোপ কৰে, সেইটো অনিশ্চয়তাত আছে, কিন্তু ভাৰতত এই 'আইফ'ন' প্রস্তুত কৰিলে দাম কম হ'ব। 'বিকশিত ভাৰত ২০৪৭-ৰ বাবে বিকশিত ৰাজ্য' শীর্ষক বিষয়বস্তুৰে দশমসংখ্যক নিটি আয়োগ পৰিচালনা পৰিষদৰ বৈঠকৰ পাছত চি ই অ' সুব্রমণিয়মে কয় যে আই এম এফে 'ৱৰ্ল্ড ইক'নমিক আউটলুক'ৰ (ডব্লিউ ই অ') এপ্ৰিলত প্রকাশ কৰা প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি বিত্তীয় বর্ষ ২০২৬ত ভাৰতৰ ন্যূনতম সৰ্বমুঠ ঘৰুৱা উৎপাদন (জিডিপি)ৰ প্ৰায় (৪১৮৭০১.৭ কোটি টকা) ৪১৮৭.১১৭ বিলিয়ন ডলাৰ হ'ব আৰু জাপানৰ জি ডি পি (৪১৮৬৪৩.১ কোটি টকা) ৪১৮৬.৪৩১ বিলিয়ন ডলাৰ হ'ব বুলি প্রাক্কলন কৰা হৈছে। উল্লেখযোগ্য যে ২০২৪ চনলৈকে ভাৰত বিশ্বৰ পঞ্চম বৃহত্তম অর্থনীতি আছিল। আই এম এফে আশা কৰিছে যে অহা দুটা বছৰত ভাৰত বিশ্বৰ দ্রুত বিকশিত প্রধান অর্থনীতিৰ দেশ হ'ব। ভাৰতীয় অর্থনীতি ২০২৫ বৰ্ষত ৬.২ শতাংশ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে আৰু ২০২৬ত ৬.৩ শতাংশ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে আই এম এফে। 'ৱল্ড ইক'নমিক আউটলুক'ৰ শেহতীয়া প্রতিবেদনত এই তথ্য প্রকাশ কৰা হৈছে। ২০২৫ চনত বিশ্বৰ অৰ্থনীতি ২.৮ শতাংশ আৰু ২০২৬ত ৩ শতাংশ বৃদ্ধি হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে আই এম এফে। নিটি আয়োগৰ চি ই অ'জনে প্ৰকাশ কৰা অনুসৰি ভাৰতৰ জনগাঁথনিক লাভাংশই এই অর্থনৈতিক বিকাশত সহায়ক হৈছে। প্রধানমন্ত্রী মোদীয়ে ইতিমধ্যে ৰাজ্যসমূহক তেওঁলোকৰ স্তৰত ভিজন ডকুমেন্ট প্রস্তুত কৰিবলৈ নিৰ্দেশ দিছে। ভাৰতৰ বিকাশ ইতিমধ্যে প্রকট হৈছে বুলি সুব্রমণিয়মে কয় ৷

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ