--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৮৮ শতাংশ দৰমহা বৃদ্ধি। এতিয়াৰে পৰা বছৰি ৭৯.৭৫ কোটি টকা দৰমহা লাভ কৰিব সলিল পাৰেখে। নতুন চুক্তি স্বাক্ষৰ কৰাৰ পিছতে ইনফ’ছিছৰ মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে দেশৰ সৰ্বাধিক দৰমহা পোৱা ব্যক্তি হিচাপে বিবেচিত হৈছে। ইনফ’ছিছে সদৰী কৰা মতে,  শেহতীয়াকৈ কোম্পানীটোৱে তেওঁৰ তত্‍পৰতাত অধিক লাভজনক অৱস্থালৈ উন্নীত হৈছে। সেই কথাৰ প্ৰতি লক্ষ্য ৰাখিয়েই  সলিল পাৰেখৰ দৰমহা বৃদ্ধিৰ সিদ্ধান্ত লোৱা হৈছে।

২০২২ বিত্তীয় বৰ্ষত সলিলে ৭১.০২ কোটি টকা দৰমহা লাভ কৰিছিল। ইয়াৰে ৫২.৩৩ কোটি টকা আছিল ভাল কাম কৰাৰ বাবে উদগণিমূলক-ভাট্টা। ইয়াৰ পিছতে চলিত বিত্তীয় বৰ্ষৰ আৰম্ভণিতে সলিলৰ দৰমহা বৃদ্ধি কৰা হয়। জুলাই মাহৰ পৰা তেওঁ লাভ কৰিব ৭৯.৭৫ কোটি টকা দৰমহা। আনহাতে, ইনফ’ছিছৰ সহ-প্ৰতিষ্ঠাপক তথা অধ্যক্ষ নন্দন নীলেকানিয়ে নিজৰ দৰমহাৰ বাহিৰে কোম্পানীটোৰ পৰা কোনো ভাট্টা গ্ৰহণ কৰা নাই বুলি জানিবলৈ পোৱা গৈছে।

ইনফ’ছিছৰ প্ৰতিবেদন অনুসৰি, সলিলৰ নেতৃত্বত কোম্পানীটোৰ লাভ ৩১৪ শতাংশ বৃদ্ধি পাইছে। কেৱল সেয়াই নহয়, ২০১৬ চনৰ পৰা কোম্পানীটোৱে মুনাফা লাভ কৰিছে অপ্ৰত্যাশিতভাৱে। ইনফ’ছিছৰ সম্পত্তিৰ মূল্য ২০১৮ বিত্তীয় বৰ্ষৰ ৭০,৫২২ কোটি টকাৰ পৰা ২০২২ বিত্তীয় বৰ্ষত ১,০২১,৬৪১ কোটি টকালৈ বৃদ্ধি পাইছে। ইয়াৰোপৰি  কোম্পানীটোৰ লাভ ১৬,০২৯ কোটি টকাৰ পৰা ২২,১১০ কোটি টকালৈ বৃদ্ধি পাইছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত