--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৮৮ শতাংশ দৰমহা বৃদ্ধি। এতিয়াৰে পৰা বছৰি ৭৯.৭৫ কোটি টকা দৰমহা লাভ কৰিব সলিল পাৰেখে। নতুন চুক্তি স্বাক্ষৰ কৰাৰ পিছতে ইনফ’ছিছৰ মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে দেশৰ সৰ্বাধিক দৰমহা পোৱা ব্যক্তি হিচাপে বিবেচিত হৈছে। ইনফ’ছিছে সদৰী কৰা মতে,  শেহতীয়াকৈ কোম্পানীটোৱে তেওঁৰ তত্‍পৰতাত অধিক লাভজনক অৱস্থালৈ উন্নীত হৈছে। সেই কথাৰ প্ৰতি লক্ষ্য ৰাখিয়েই  সলিল পাৰেখৰ দৰমহা বৃদ্ধিৰ সিদ্ধান্ত লোৱা হৈছে।

২০২২ বিত্তীয় বৰ্ষত সলিলে ৭১.০২ কোটি টকা দৰমহা লাভ কৰিছিল। ইয়াৰে ৫২.৩৩ কোটি টকা আছিল ভাল কাম কৰাৰ বাবে উদগণিমূলক-ভাট্টা। ইয়াৰ পিছতে চলিত বিত্তীয় বৰ্ষৰ আৰম্ভণিতে সলিলৰ দৰমহা বৃদ্ধি কৰা হয়। জুলাই মাহৰ পৰা তেওঁ লাভ কৰিব ৭৯.৭৫ কোটি টকা দৰমহা। আনহাতে, ইনফ’ছিছৰ সহ-প্ৰতিষ্ঠাপক তথা অধ্যক্ষ নন্দন নীলেকানিয়ে নিজৰ দৰমহাৰ বাহিৰে কোম্পানীটোৰ পৰা কোনো ভাট্টা গ্ৰহণ কৰা নাই বুলি জানিবলৈ পোৱা গৈছে।

ইনফ’ছিছৰ প্ৰতিবেদন অনুসৰি, সলিলৰ নেতৃত্বত কোম্পানীটোৰ লাভ ৩১৪ শতাংশ বৃদ্ধি পাইছে। কেৱল সেয়াই নহয়, ২০১৬ চনৰ পৰা কোম্পানীটোৱে মুনাফা লাভ কৰিছে অপ্ৰত্যাশিতভাৱে। ইনফ’ছিছৰ সম্পত্তিৰ মূল্য ২০১৮ বিত্তীয় বৰ্ষৰ ৭০,৫২২ কোটি টকাৰ পৰা ২০২২ বিত্তীয় বৰ্ষত ১,০২১,৬৪১ কোটি টকালৈ বৃদ্ধি পাইছে। ইয়াৰোপৰি  কোম্পানীটোৰ লাভ ১৬,০২৯ কোটি টকাৰ পৰা ২২,১১০ কোটি টকালৈ বৃদ্ধি পাইছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ