--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰেমত পৰাৰ কোনো নিৰ্দিষ্ট বয়স নাথাকে। কাক, কেতিয়া, কিদৰে ভাল লাগি যায় ক’ব নোৱাৰি। জীৱনৰ যিকোনো মুহূৰ্ততে কাৰোবাৰ প্ৰতি জাগিব পাৰে প্ৰেম, হৈ পৰিব পাৰো অনুভূতিপ্ৰৱণ। গল্প, উপন্যাস, চিনেমা ইত্যাদিত প্ৰায়ে এনে সম্পৰ্কৰ কথা চৰ্চালৈ আহে। কিন্তু শেহতীয়াকৈ পোহৰলৈ আহিছে এক অতি বাস্তৱ কাহিনী।

৭৬ বছৰীয়া এগৰাকী বৃদ্ধাৰ প্ৰেমত পৰিছে ১৯ বছৰীয়া এগৰাকী যুৱকে। শেহতীয়াকৈ, এইগৰাকী পুৰুষ সংগীক প্ৰেমৰ প্ৰস্তাৱ দিয়া এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত। আৰু এই ভিডিঅ’টোক লৈয়ে এতিয়া সৰ্বত্ৰে সৃষ্টি হৈছে আলোড়নৰ। ৭৬ বছৰীয়া এইগৰাকী বৃদ্ধা এগৰাকী অৱসৰপ্ৰাপ্ত কৰ্মচাৰী। প্ৰতিমাহে পেঞ্চন লাভ কৰে তেওঁ। ভাটি দিয়া সময়ত একাকীত্বই আমনি কৰা জীৱনক নতুন দৃষ্টিৰে চোৱাৰ দুৰ্বাৰ হেঁপাহ এইগৰাকী বৃদ্ধাৰ। জীৱনৰ নতুন ইনিংছৰ পাতনি মেলিব খুজিছে তেওঁ। বৃদ্ধাগৰাকীৰ লগতে ছ’চিয়েল মিডিয়াত অতি জনপ্ৰিয় হৈ পৰিছে ১৯ বছৰীয়া যুৱকজনো। পৰম্পৰাগত প্ৰথা অনুসৰিয়েই আঁঠু কাঢ়ি প্ৰেমিকাক দিছে ভালপোৱাৰ প্ৰস্তাৱ। সেই ছবিখনো এতিয়া অন্যতম চৰ্চাৰ বিষয় হৈ পৰিছে।

পিছে এই ছবিখনৰ তলত শুভকামনাকে ধৰি কিছু নেতিবাচক মন্তব্য অহাও দেখা গৈছে। কোনোবাই লিখিছে, পেঞ্চনৰ লোভত যুৱকজনে বৃদ্ধাগৰাকীৰ সৈতে সম্পৰ্ক গঢ়ি তুলিছে। আন কাৰোবাৰ মতে, ছ’চিয়েল মিডিয়াত জনপ্ৰিয় হোৱাৰ স্বাৰ্থত এনে কীৰ্তিৰে মহিয়ান হ’ব খুজিছে তেওঁ। বহুতে আকৌ ঠাট্টা-মস্কৰা কৰাৰ উপৰি এওঁলোকৰ প্ৰেমক হৈ মৰিছে বিদ্ৰুপৰ উকি। এই সম্পৰ্কৰ নাম দিছে আইতা আৰু নাতি। এই সকলোবোৰৰ ঊৰ্দ্ধতো যে ভালপোৱাৰে জীয়াই থাকিব পাৰি, ভালপোৱাই যে দিব পাৰে নতুন জীৱন সেই কথা একপ্ৰকাৰ বাস্তৱত প্ৰতিফলিত কৰাৰেই যেন বাট কাটিছে দুয়ো...।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ