--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ভাৰত আৰু পাকিস্তানৰ মাজত সীমান্তত চলি থকা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে বাতৰি পৰিৱেশনৰ ক্ষেত্ৰত নীতি-নিৰ্দেশনা জাৰি কৰিছে। 

প্ৰতিৰক্ষা মন্ত্ৰালয়ে সীমান্তৰ পোনপটীয়া বাতৰি সম্প্ৰচাৰ কৰাৰ ক্ষেত্ৰত সকলো নিউজ চেনেল তথা ডিজিটেল প্লেটফর্মক সতর্কতা অৱলম্বন কৰিবলৈ নিৰ্দেশ দিয়ে। ৰাষ্ট্ৰীয় সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিৰক্ষা মন্ত্ৰালয়ে জাৰি কৰা নির্দেশনাত কোৱা হৈছে যে এনে বাতৰি সম্প্ৰচাৰ কৰোঁতে প্ৰতিৰক্ষা অভিযান আৰু সেনাৰ দলৰ যাতায়াত তথা মোতায়েনৰ প্রসংগত কোনো বাতৰি পৰিৱেশন কৰিব নোৱাৰিব। 

আনহাতে ইলেক্ট্রনিক আৰু তথ্য প্রযুক্তি মন্ত্ৰালয়ে এই বুলি সতৰ্ক কৰি দিয়ে যে ইণ্টাৰনেটৰ ব্যৱহাৰকাৰীসকলক অনলাইনত নিজৰ দায়িত্ববোধ দেখুওৱা আৰু ভুল বাতৰিৰ পৰা হাত সাৰি থাকিবলৈ কোৱা হৈছে। অপাৰেচন সেন্দূৰৰ সৈতে জড়িত ভুল আৰু বিভ্রান্তিকৰ বাতৰি প্ৰচাৰ কৰাৰ চেষ্টা চলোৱাৰ প্ৰতি লক্ষ্য ৰাখি মন্ত্রালয়ে এই নির্দেশনা জাৰি কৰে। 

ইয়াত কোৱা হৈছে যে কেৱল চৰকাৰী তথ্য হেল্পলাইন নম্বৰ আৰু সাহায্য কাৰ্যৰহে সঠিক তথ্য শ্বেয়াৰ কৰিব লাগে। কোনো বাতৰি শ্বেয়াৰ কৰাৰ আগতে চৰকাৰী সূত্ৰৰ জৰিয়তে (ফেক্ট চেক) সত্যতা নিৰূপণ কৰি ল'ব লাগে। ভুল বা অসত্য বাতৰি দেখা পোৱাৰ লগে লগে ইয়াৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিব লাগে। আনহাতে সেনাৰ গতিবিধিৰ কোনো তথ্য প্ৰচাৰ কৰিব বা শ্বেয়াৰ কৰিব নালাগে। সত্যতা পৰীক্ষা নকৰাকৈ কোনো বাতৰি প্ৰচাৰ কৰিব নালাগে। 

সত্যতা পৰীক্ষা নকৰাকৈ কোনো তথ্য প্ৰচাৰ বা আনলৈ প্ৰেৰণ কৰিব নালাগে। হিংসা বা সাম্প্রদায়িক উত্তেজনাৰ সৃষ্টি কৰিব পৰা প'ষ্ট আনক শ্বেয়াৰ কৰিব নালাগে। আনহাতে ৰাষ্ট্ৰীয় সুৰক্ষাৰ প্রতি লক্ষ্য ৰাখি ভাৰতত কাম কৰি থকা সকলো অ' টি টি প্লেটফর্ম, মিডিয়া ষ্ট্ৰিমিং প্লেটফৰ্ম আৰু আন কোম্পানীসমূহে পাকিস্তানৰ পৰা অহা ৱেব ছিৰিজ, চিনেমাৰ গান, প'ডকাষ্ট আৰু আন মিডিয়া ষ্ট্ৰিমিং তৎক্ষণাৎ বন্ধ কৰিব লাগে। ইণ্টাৰনেট ব্যৱহাৰ কৰাৰ সময়ত অতি সতর্ক তথা সাৱধান হ'ব লাগে।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত