--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ভাৰত আৰু পাকিস্তানৰ মাজত সীমান্তত চলি থকা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে বাতৰি পৰিৱেশনৰ ক্ষেত্ৰত নীতি-নিৰ্দেশনা জাৰি কৰিছে। 

প্ৰতিৰক্ষা মন্ত্ৰালয়ে সীমান্তৰ পোনপটীয়া বাতৰি সম্প্ৰচাৰ কৰাৰ ক্ষেত্ৰত সকলো নিউজ চেনেল তথা ডিজিটেল প্লেটফর্মক সতর্কতা অৱলম্বন কৰিবলৈ নিৰ্দেশ দিয়ে। ৰাষ্ট্ৰীয় সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিৰক্ষা মন্ত্ৰালয়ে জাৰি কৰা নির্দেশনাত কোৱা হৈছে যে এনে বাতৰি সম্প্ৰচাৰ কৰোঁতে প্ৰতিৰক্ষা অভিযান আৰু সেনাৰ দলৰ যাতায়াত তথা মোতায়েনৰ প্রসংগত কোনো বাতৰি পৰিৱেশন কৰিব নোৱাৰিব। 

আনহাতে ইলেক্ট্রনিক আৰু তথ্য প্রযুক্তি মন্ত্ৰালয়ে এই বুলি সতৰ্ক কৰি দিয়ে যে ইণ্টাৰনেটৰ ব্যৱহাৰকাৰীসকলক অনলাইনত নিজৰ দায়িত্ববোধ দেখুওৱা আৰু ভুল বাতৰিৰ পৰা হাত সাৰি থাকিবলৈ কোৱা হৈছে। অপাৰেচন সেন্দূৰৰ সৈতে জড়িত ভুল আৰু বিভ্রান্তিকৰ বাতৰি প্ৰচাৰ কৰাৰ চেষ্টা চলোৱাৰ প্ৰতি লক্ষ্য ৰাখি মন্ত্রালয়ে এই নির্দেশনা জাৰি কৰে। 

ইয়াত কোৱা হৈছে যে কেৱল চৰকাৰী তথ্য হেল্পলাইন নম্বৰ আৰু সাহায্য কাৰ্যৰহে সঠিক তথ্য শ্বেয়াৰ কৰিব লাগে। কোনো বাতৰি শ্বেয়াৰ কৰাৰ আগতে চৰকাৰী সূত্ৰৰ জৰিয়তে (ফেক্ট চেক) সত্যতা নিৰূপণ কৰি ল'ব লাগে। ভুল বা অসত্য বাতৰি দেখা পোৱাৰ লগে লগে ইয়াৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিব লাগে। আনহাতে সেনাৰ গতিবিধিৰ কোনো তথ্য প্ৰচাৰ কৰিব বা শ্বেয়াৰ কৰিব নালাগে। সত্যতা পৰীক্ষা নকৰাকৈ কোনো বাতৰি প্ৰচাৰ কৰিব নালাগে। 

সত্যতা পৰীক্ষা নকৰাকৈ কোনো তথ্য প্ৰচাৰ বা আনলৈ প্ৰেৰণ কৰিব নালাগে। হিংসা বা সাম্প্রদায়িক উত্তেজনাৰ সৃষ্টি কৰিব পৰা প'ষ্ট আনক শ্বেয়াৰ কৰিব নালাগে। আনহাতে ৰাষ্ট্ৰীয় সুৰক্ষাৰ প্রতি লক্ষ্য ৰাখি ভাৰতত কাম কৰি থকা সকলো অ' টি টি প্লেটফর্ম, মিডিয়া ষ্ট্ৰিমিং প্লেটফৰ্ম আৰু আন কোম্পানীসমূহে পাকিস্তানৰ পৰা অহা ৱেব ছিৰিজ, চিনেমাৰ গান, প'ডকাষ্ট আৰু আন মিডিয়া ষ্ট্ৰিমিং তৎক্ষণাৎ বন্ধ কৰিব লাগে। ইণ্টাৰনেট ব্যৱহাৰ কৰাৰ সময়ত অতি সতর্ক তথা সাৱধান হ'ব লাগে।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ