--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পাকিস্তানৰ সৈতে যুদ্ধৰ দৰে পৰিস্থিতিৰ সৃষ্টি হোৱাৰ পাছত কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে সকলো ৰাজ্য তথা কেন্দ্রীয়শাসিত অঞ্চলক যিকোনো ধৰণৰ পৰিস্থিতিৰ বাবে সাজু হৈ থাকিবলৈ নির্দেশ দিছে। সকলো ৰাজ্য তথা কেন্দ্রীয়শাসিত প্রদেশলৈ প্ৰেৰণ কৰা এখন পত্ৰত কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে ১৯৬৮ চনৰ অসামৰিক প্ৰতিৰক্ষা আইনৰ অধীনত জৰুৰীকালীন শক্তিৰ ব্যৱহাৰ কৰিবলৈ নিৰ্দেশ দিয়ে।

কেন্দ্ৰীয় চৰকাৰে দিয়া নির্দেশটোৱে স্থানীয় প্রশাসনক বাহিৰৰ আক্ৰমণ বা আসন্ন ভাবুকিৰ সময়ত সুৰক্ষামূলক আৰু প্ৰতিৰোধ ব্যৱস্থা সক্ৰিয় কৰাৰ অধিকাৰ দিছে। কেন্দ্ৰীয় চৰকাৰৰ এক বিবৃতিত কোৱা হৈছে যে ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলবোৰে ১৯৮৬ চনৰ অসামৰিক প্ৰতিৰক্ষা আইনৰ ১১ নম্বৰ ধাৰাই দিয়া ক্ষমতা ব্যৱহাৰ কৰিব পাৰিব।

এই ধাৰাই সতর্কতামূলক ব্যৱস্থাসমূহ ক্ষিপ্ৰতাৰে আৰু প্ৰভাৱশালীভাৱে কাৰ্যকৰী কৰাত অসামৰিক প্ৰতিৰক্ষাৰ সঞ্চালকসকলক জৰুৰীকালীনভাৱে সামগ্ৰী আহৰণৰ ক্ষমতা দিছে।

কেন্দ্ৰীয় চৰকাৰে অসামৰিক প্ৰতিৰক্ষা সঞ্চালকক এই ক্ষমতা দিয়াৰ বাবে ৰাজ্যসমূহক উক্ত পত্ৰখনত অনুৰোধ জনাইছে।

উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত