--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পাকিস্তানৰ সৈতে যুদ্ধৰ দৰে পৰিস্থিতিৰ সৃষ্টি হোৱাৰ পাছত কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে সকলো ৰাজ্য তথা কেন্দ্রীয়শাসিত অঞ্চলক যিকোনো ধৰণৰ পৰিস্থিতিৰ বাবে সাজু হৈ থাকিবলৈ নির্দেশ দিছে। সকলো ৰাজ্য তথা কেন্দ্রীয়শাসিত প্রদেশলৈ প্ৰেৰণ কৰা এখন পত্ৰত কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে ১৯৬৮ চনৰ অসামৰিক প্ৰতিৰক্ষা আইনৰ অধীনত জৰুৰীকালীন শক্তিৰ ব্যৱহাৰ কৰিবলৈ নিৰ্দেশ দিয়ে।

কেন্দ্ৰীয় চৰকাৰে দিয়া নির্দেশটোৱে স্থানীয় প্রশাসনক বাহিৰৰ আক্ৰমণ বা আসন্ন ভাবুকিৰ সময়ত সুৰক্ষামূলক আৰু প্ৰতিৰোধ ব্যৱস্থা সক্ৰিয় কৰাৰ অধিকাৰ দিছে। কেন্দ্ৰীয় চৰকাৰৰ এক বিবৃতিত কোৱা হৈছে যে ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলবোৰে ১৯৮৬ চনৰ অসামৰিক প্ৰতিৰক্ষা আইনৰ ১১ নম্বৰ ধাৰাই দিয়া ক্ষমতা ব্যৱহাৰ কৰিব পাৰিব।

এই ধাৰাই সতর্কতামূলক ব্যৱস্থাসমূহ ক্ষিপ্ৰতাৰে আৰু প্ৰভাৱশালীভাৱে কাৰ্যকৰী কৰাত অসামৰিক প্ৰতিৰক্ষাৰ সঞ্চালকসকলক জৰুৰীকালীনভাৱে সামগ্ৰী আহৰণৰ ক্ষমতা দিছে।

কেন্দ্ৰীয় চৰকাৰে অসামৰিক প্ৰতিৰক্ষা সঞ্চালকক এই ক্ষমতা দিয়াৰ বাবে ৰাজ্যসমূহক উক্ত পত্ৰখনত অনুৰোধ জনাইছে।

উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ