--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ২২ গজৰ যুদ্ধত বলাৰৰ অন্যতম শ্ৰেষ্ঠ যুদ্ধাস্ত্ৰ  হৈছে ‘য়ৰ্কাৰ’। বলাৰে বুদ্ধিদীপ্ত কৌশলেৰে প্ৰক্ষেপ কৰা এই অস্ত্ৰৰ সন্মুখত নিষ্প্ৰভ হৈ পৰে বেটাৰৰ সকলো বীৰত্ব। পিছে বলাৰৰ এই শক্তিশালী অস্ত্ৰবিধলৈ কেৰেপ নকৰে মাহীয়ে। এই য়ৰ্কাৰক হেলাৰঙে এক চমৎকাৰী শ্বটেৰে বাউণ্ডেৰীৰ সীমা পাৰ কৰাত সিদ্ধহস্ত মাহী অৰ্থাৎ মহেন্দ্ৰ সিং ধোনী। ক্ৰিকেট জগতত এই বিশেষ শ্বটটোৰ বাবে ধোনী বিখ্যাত। ধোনীৰ এই বিশেষ শ্বটটোক ‘হেলিকপ্টাৰ শ্বট’ নামেৰে নামাঙ্কন কৰা হৈছে। 

ইতিমধ্যে আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেটত এই হেলিকপ্টাৰ উৰুৱা দায়িত্বৰ পৰা সন্যাস লৈছে ধোনীয়ে। অৱশ্যে আই পি এলত ধোনীৰ হেলিকপ্টাৰ উৰণৰ দৌৰ অব্যাহত আছে। পিছে হেলিকপ্টাৰৰ বাবে বিখ্যাত প্ৰাক্তন ভাৰতীয় অধিনায়কগৰাকী এইবাৰ সাজু হৈছে ড্ৰোন উৰুৱাৰ বাবে। 

ক্ৰিকেটৰ পৰা সন্যাস লোৱাৰ পিছত ধোনীয়ে তেওঁৰ পৰৱৰ্তী কেৰিয়াৰত ভৰি দিছে। ইতিমধ্যে পোচাক, সুৰা, কৃষিকে ধৰি বিভিন্ন উদ্যোগত জড়িত হৈ আছে ধোনী। এইবাৰ ধোনীয়ে ড্ৰোন নিৰ্মাণতো অংশ গ্ৰহণ কৰিবলৈ চুক্তিবদ্ধ হৈছে। সেয়াও কৃষিখণ্ডৰ বাবে। ধোনীয়ে শেহতীয়াকৈ এটা কোম্পানীত বিনিয়োগ কৰাৰ সিদ্ধান্ত লৈছে। এই কোম্পানীটোৱে দেশৰ কৃষিখণ্ডৰ সহায়তাৰ বাবে ড্ৰোন তৈয়াৰ কৰে। 

ধোনীক গৰুড় এৰোস্পেচৰ ব্ৰেণ্ড এম্বেচেডৰ আৰু শ্বেয়াৰহোল্ডাৰ হিচাপে নিযুক্ত কৰা হৈছে। ধোনীয়ে চেন্নাইস্থিত গৰুড় এৰোস্পেচত বিনিয়োগ কৰিছে। অৱশ্যে ধোনীৰ বিনিয়োগৰ পৰিমাণ সম্পৰ্কে এই পৰ্যন্ত তথ্য লাভ কৰিব পৰা নাই। গৰুড়ৰ সৈতে চুক্তিবদ্ধ হোৱাৰ পিছত ধোনীয়ে কয়, "মই গৰুড় এৰোস্পেচৰ অংশ হ'বলৈ পাই সুখী আৰু তেওঁলোকে আগবঢ়াব লগা অনন্য ড্ৰোন সাহায্যৰ সৈতে তেওঁলোকৰ বিকাশৰ কাহিনী প্ৰত্যক্ষ কৰিবলৈ আশাবাদী।"

আনহাতে গৰুড় এৰোস্পেচৰ  প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া অগনিশ্বৰ জয়প্ৰকাশে ধোনীৰ অংশগ্ৰহণক লৈ যথেষ্ট আনন্দিত হৈ পৰিছে। তেওঁ কয়, "মই সদায়ে এম এছ ধোনীৰ এজন অনুৰাগী আৰু তেওঁক গৰুড় এৰোস্পেচ পৰিয়ালৰ অংশ হিচাপে লাভ কৰাৰ পিছত আমাৰ এটা সপোন বাস্তৱ হৈ পৰিছে।" 

উল্লেখ্য যে ২৬ খন চহৰত বিয়পি থকা ৩০০ খন ড্ৰোন আৰু ৫০০ পাইলটেৰে সজ্জিত এই  গৰুড় এৰোস্পেচ ড্ৰোন নিৰ্মাণ প্ৰকল্প শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিছিল।



FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ