--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰেষ্টুৰেণ্টলৈ ওলাই গৈছিল সোনম কাপুৰে। এনেতে লণ্ডনৰ ৰাজপথত কেমেৰাবন্দী সোনম কাপুৰৰ ভগ্নী ৰিয়া কাপুৰ। বেবী বাম্প দেখুৱাই সোনমে ভনীয়েকৰ সৈতে এখন ফটো তুলিছিল। কেমেৰাৰ সন্মুখত দুয়োকে এনেকৈয়ে দেখিবলৈ পোৱা গ’ল। অতি শীঘ্ৰে মাতৃ হ’বলৈ ওলোৱা সোনমৰ মুখৰ হাঁহিয়ে এতিয়া সকলোকে আত্মহাৰা কৰি তুলিছে।

ছ’চিয়েল মিডিয়াত প্ৰচাৰ হোৱা ছবিখনত ক’লা ৰঙৰ জগাৰ্ছ, স্প’ৰ্টছ ব্ৰা, দীঘল জেকেট পিন্ধি থকা দেখা গৈছিল সোনমক। ৰিয়া কাপুৰে পিন্ধিছিল ক’লা ট্ৰাউজাৰ, চাৰ্ট আৰু ব্লেজাৰ। দুই ভগ্নীয়ে মুখত এমোকোৰা হাঁহি লৈ কেমেৰাৰ সন্মুখত দিলে পজ। লণ্ডনৰ এখন ৰেষ্টুৰেণ্টত খোৱা লোৱাৰ বিভিন্ন ছবিও পোষ্ট কৰিছে ৰিয়াই।

পৰৱৰ্তী সময়ত সোনম, আনন্দ, ৰিয়া আৰু কৰণ বুলানী পেৰিছত উপস্থিত হয়। তেওঁলোকে এতিয়া তাতে জীৱনৰ মধুৰতম সময় অতিবাহিত কৰিছে। পেৰিছৰ ৰাজপথত হাবি আনন্দ আহুজাৰ ওঁঠত চুম্বন কৰাও দেখা গৈছে সোনম-আনন্দক। ছবিখন পোষ্ট কৰি ৰিয়াই লিখিছে, ‘জন্মদিনৰ দিনা যিকোনো মহিলাৰ বাবে এয়াই সৰ্বোচ্চ উপহাৰ।’ 

উল্লেখ্য যে, বিবাহৰ পিছত সোনম কাপুৰে লণ্ডনৰ ঘৰত হাবি আনন্দ আহুজাৰ সৈতে আছিল। মাজে মাজে অনিল কাপুৰৰ পৰিয়ালৰ লোকসকল সোনমৰ সৈতে সময় কটাবলৈ লণ্ডনত উপস্থিত হয়। ভগ্নী ৰিয়া কাপুৰকো মাজে মাজে ভনীয়েকক চাবলৈ অহা দেখা গৈছে। ৰিয়া কাপুৰৰ পোষ্টটোৰ পৰাই স্পষ্ট হৈ পৰিছে যে, গৰ্ভৱতী সোনমক সুখী কৰি ৰাখিবলৈ তেওঁ বৰ্তমান স্বামী কৰণ বুলানীৰ সৈতে লণ্ডনতে আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ