--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰেষ্টুৰেণ্টলৈ ওলাই গৈছিল সোনম কাপুৰে। এনেতে লণ্ডনৰ ৰাজপথত কেমেৰাবন্দী সোনম কাপুৰৰ ভগ্নী ৰিয়া কাপুৰ। বেবী বাম্প দেখুৱাই সোনমে ভনীয়েকৰ সৈতে এখন ফটো তুলিছিল। কেমেৰাৰ সন্মুখত দুয়োকে এনেকৈয়ে দেখিবলৈ পোৱা গ’ল। অতি শীঘ্ৰে মাতৃ হ’বলৈ ওলোৱা সোনমৰ মুখৰ হাঁহিয়ে এতিয়া সকলোকে আত্মহাৰা কৰি তুলিছে।

ছ’চিয়েল মিডিয়াত প্ৰচাৰ হোৱা ছবিখনত ক’লা ৰঙৰ জগাৰ্ছ, স্প’ৰ্টছ ব্ৰা, দীঘল জেকেট পিন্ধি থকা দেখা গৈছিল সোনমক। ৰিয়া কাপুৰে পিন্ধিছিল ক’লা ট্ৰাউজাৰ, চাৰ্ট আৰু ব্লেজাৰ। দুই ভগ্নীয়ে মুখত এমোকোৰা হাঁহি লৈ কেমেৰাৰ সন্মুখত দিলে পজ। লণ্ডনৰ এখন ৰেষ্টুৰেণ্টত খোৱা লোৱাৰ বিভিন্ন ছবিও পোষ্ট কৰিছে ৰিয়াই।

পৰৱৰ্তী সময়ত সোনম, আনন্দ, ৰিয়া আৰু কৰণ বুলানী পেৰিছত উপস্থিত হয়। তেওঁলোকে এতিয়া তাতে জীৱনৰ মধুৰতম সময় অতিবাহিত কৰিছে। পেৰিছৰ ৰাজপথত হাবি আনন্দ আহুজাৰ ওঁঠত চুম্বন কৰাও দেখা গৈছে সোনম-আনন্দক। ছবিখন পোষ্ট কৰি ৰিয়াই লিখিছে, ‘জন্মদিনৰ দিনা যিকোনো মহিলাৰ বাবে এয়াই সৰ্বোচ্চ উপহাৰ।’ 

উল্লেখ্য যে, বিবাহৰ পিছত সোনম কাপুৰে লণ্ডনৰ ঘৰত হাবি আনন্দ আহুজাৰ সৈতে আছিল। মাজে মাজে অনিল কাপুৰৰ পৰিয়ালৰ লোকসকল সোনমৰ সৈতে সময় কটাবলৈ লণ্ডনত উপস্থিত হয়। ভগ্নী ৰিয়া কাপুৰকো মাজে মাজে ভনীয়েকক চাবলৈ অহা দেখা গৈছে। ৰিয়া কাপুৰৰ পোষ্টটোৰ পৰাই স্পষ্ট হৈ পৰিছে যে, গৰ্ভৱতী সোনমক সুখী কৰি ৰাখিবলৈ তেওঁ বৰ্তমান স্বামী কৰণ বুলানীৰ সৈতে লণ্ডনতে আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ