--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোনো নহয় কোনো কাৰণত চৰ্চাত থাকে বলীউডৰ ড্ৰামা কুইন ৰাখী সাৱন্ত। শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল ৰাখীৰ এটা ভিডিঅ’। মুম্বাইৰ ওশিৱাৰা থানাত প্ৰেমিক আদিলৰ সন্মুখত কান্দি থকা দেখা গৈছে ড্ৰামা কুইনক। ৰাখীৰ অভিযোগ, তেওঁৰ প্ৰাক্তন স্বামী ৰিতেশে তেওঁৰ ছ’চিয়েল মিডিয়া একাউণ্ট আৰু অনলাইন পেমেণ্ট এপ হেক কৰিছে।

ৰিতেশে তেওঁৰ নৱাগত প্ৰেমিক আদিলক ঈৰ্ষা কৰে, সেইবাবে তেওঁ প্ৰতিশোধ ল’ব বিচৰা বুলিও অভিযোগ ড্ৰামা কুইনৰ। কিছুদিন পূৰ্বে ৰিতেশৰ সৈতে বিবাহ বিচ্ছেদৰ পাছতে আদিল খানৰ সৈতে সম্পৰ্কৰ বান্ধোনত বান্ধ খাই পৰিছে ৰাখী সাৱন্ত। কিন্তু তেতিয়াৰ পৰাই হেনো ৰিতেশে অহৰহ ৰাখীক ভাবুকি দি আহিছে। এনে কেতবোৰ অভিযোগক কেন্দ্ৰ কৰিয়েই শনিবাৰে মুম্বাইৰ ওশিৱাৰা থানাত এজাহাৰ দাখিল কৰে ড্ৰামা কুইন গৰাকীয়ে।

জানিবলৈ পোৱা মতে, বিয়াৰ পিছত ৰিতেশে ৰাখীৰ ছ’চিয়েল মিডিয়া একাউণ্ট নিয়ন্ত্ৰণ কৰিছিল। বিবাহ বিচ্ছেদৰ পিছতো প্ৰাক্তন স্বামীয়ে এনেধৰণৰ নীতিবিৰুদ্ধ কাৰ্যকলাপ কৰি যোৱাৰ অভিযোগ ড্ৰামা কুইনৰ। সেইবাবে শনিবাৰে নৱাগত প্ৰেমিক আদিলৰ সৈতে আৰক্ষীৰ কাষ চাপে ৰাখী। ৰিতেশে বহু সমস্যাৰ সৃষ্টি কৰিছে বুলিও তেওঁ কয়। ইনষ্টাগ্ৰাম, ফেচবুক, জিমেইল একাউন্ট হেক কৰা বুলি অভিযোগ উত্থাপন কৰিছে ৰাখীয়ে। তেওঁঅ কয়, ‘ৰিতেশে মোৰ সকলো একাউণ্টতে নিজৰ নাম আৰু ফোন নম্বৰটো ৰাখিছে। এতিয়া মই এই একাউণ্টবোৰৰ পাছৱৰ্ড সলনি কৰিব পৰা নাই।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ