--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোনো নহয় কোনো কাৰণত চৰ্চাত থাকে বলীউডৰ ড্ৰামা কুইন ৰাখী সাৱন্ত। শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল ৰাখীৰ এটা ভিডিঅ’। মুম্বাইৰ ওশিৱাৰা থানাত প্ৰেমিক আদিলৰ সন্মুখত কান্দি থকা দেখা গৈছে ড্ৰামা কুইনক। ৰাখীৰ অভিযোগ, তেওঁৰ প্ৰাক্তন স্বামী ৰিতেশে তেওঁৰ ছ’চিয়েল মিডিয়া একাউণ্ট আৰু অনলাইন পেমেণ্ট এপ হেক কৰিছে।

ৰিতেশে তেওঁৰ নৱাগত প্ৰেমিক আদিলক ঈৰ্ষা কৰে, সেইবাবে তেওঁ প্ৰতিশোধ ল’ব বিচৰা বুলিও অভিযোগ ড্ৰামা কুইনৰ। কিছুদিন পূৰ্বে ৰিতেশৰ সৈতে বিবাহ বিচ্ছেদৰ পাছতে আদিল খানৰ সৈতে সম্পৰ্কৰ বান্ধোনত বান্ধ খাই পৰিছে ৰাখী সাৱন্ত। কিন্তু তেতিয়াৰ পৰাই হেনো ৰিতেশে অহৰহ ৰাখীক ভাবুকি দি আহিছে। এনে কেতবোৰ অভিযোগক কেন্দ্ৰ কৰিয়েই শনিবাৰে মুম্বাইৰ ওশিৱাৰা থানাত এজাহাৰ দাখিল কৰে ড্ৰামা কুইন গৰাকীয়ে।

জানিবলৈ পোৱা মতে, বিয়াৰ পিছত ৰিতেশে ৰাখীৰ ছ’চিয়েল মিডিয়া একাউণ্ট নিয়ন্ত্ৰণ কৰিছিল। বিবাহ বিচ্ছেদৰ পিছতো প্ৰাক্তন স্বামীয়ে এনেধৰণৰ নীতিবিৰুদ্ধ কাৰ্যকলাপ কৰি যোৱাৰ অভিযোগ ড্ৰামা কুইনৰ। সেইবাবে শনিবাৰে নৱাগত প্ৰেমিক আদিলৰ সৈতে আৰক্ষীৰ কাষ চাপে ৰাখী। ৰিতেশে বহু সমস্যাৰ সৃষ্টি কৰিছে বুলিও তেওঁ কয়। ইনষ্টাগ্ৰাম, ফেচবুক, জিমেইল একাউন্ট হেক কৰা বুলি অভিযোগ উত্থাপন কৰিছে ৰাখীয়ে। তেওঁঅ কয়, ‘ৰিতেশে মোৰ সকলো একাউণ্টতে নিজৰ নাম আৰু ফোন নম্বৰটো ৰাখিছে। এতিয়া মই এই একাউণ্টবোৰৰ পাছৱৰ্ড সলনি কৰিব পৰা নাই।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ