--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিকি কৌশলে বৰ্তমান পত্নী কেটৰিনাক এৰি বাহিৰত ভ্ৰমণ কৰি ফুৰিছে। আনহাতে কৰ’নাৰ সৈতে যুঁজি আছে কেটৰিনা কাঈফে। ইফালে বিকি আৰু কেটৰিনাৰ মাজত আন কোনোবা আহিছে, এই কথা ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এখন ফটোৰ পৰা জানিব পৰা গৈছে।যদি আপুনি ভাবিছে যে বিকি আৰু কেটৰিনাৰ সম্পৰ্ক টেঙা হৈ পৰিছে তেন্তে আপুনি ভুল ভাবিছে। বিকি আৰু কেটৰিনাৰ সম্পৰ্ক আগৰ দৰেই মধুৰ হৈ আছে। 

কৰিঅ’গ্ৰাফাৰ ফাৰাহ খানে শেহতীয়াকৈ বিকি কৌশলৰ সৈতে উঠা এখন ফটো শ্বেয়াৰ কৰিছে, য’ত তেওঁ লিখিছে যে ''ছ'ৰী কেটৰিনা কাঈফ। বিকিয়ে এতিয়া আন কাৰোবাক বিচাৰি পাইছে।'' এই সন্দৰ্ভত কেটৰিনা কাঈফেও দিছে এক ধেমেলীয়া প্ৰতিক্ৰিয়া। এই ফটোখনৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কেটৰিনাই লিখিছে যে ''আপোনাক অনুমতি দিয়া হৈছে।'' আনহাতে এই ফটোখনক লৈ বিকি কৌশলেও নিজকে ফাৰাহৰ ভাল বন্ধু বুলি বৰ্ণনা কৰিছে।

উল্লেখ্য যে ফাৰাহ খান আৰু বিকি কৌশল তেওঁলোকৰ আগন্তুক প্ৰজেক্টৰ বাবে ক্ৰ'ৱেচিয়াত আছে আৰু ইয়াৰ পৰাই ফাৰাহে বিকিৰ সৈতে এই ফটোখন শ্বেয়াৰ কৰিছে। শেহতীয়াকৈ ‘ছৰ্দাৰ উধাম সিং’ৰ বাবে আইফাত শ্ৰেষ্ঠ অভিনেতা বঁটা লাভ কৰিছে বিকি কৌশলে।

‘গোবিন্দ মেৰা নাম’, ‘ছাম বাহাদুৰ’, পৰিচালক লক্ষ্মণ উটেকাৰৰ এখন নাম স্থিৰ নোহোৱা ছবি আৰু ‘তখত’ হৈছে বিকি কৌশলৰ নতুন আহিবলগীয়া ছবি। আনহাতে কেটৰিনা কাঈফৰ হাতত থকা ছবিকেইখন হৈছে ‘টাইগাৰ ৩’, ‘জী লে জাৰা’, ‘ফোন ভূত’ আৰু ‘মেৰী ক্ৰীছমাছ’।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ