--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাস্তুশাস্ত্ৰত মানুহৰ ঘৰৰ শোৱনি কোঠাটোৰ বহু মহত্ব আছে। যদি ঘৰৰ শোৱনি কোঠাত বা বেডৰূমত বাস্তু ত্ৰুটি থাকে তেন্তে ঘৰখনত ঋণাত্মক শক্তি উৎপন্ন হয়। ইয়াৰ ফলত অশান্তি, সংঘৰ্ষ, বিত্তীয় সংকট, টকা-পইচাৰ সমস্যা আৰু বিশেষকৈ পৰিয়ালৰ সদস্যৰ স্বাস্থ্যজনিত সমস্যা হ'ব পাৰে। বাস্তুশাস্ত্ৰৰ মতে, শোৱা কোঠাৰ সৈতে সম্পৰ্কিত কিছুমান কথাত ধ্যান ৰখাটো উচিত যাতে ঘৰখনলৈ ইতিবাচক শক্তি আহিব পাৰে। ঘৰৰ মূৰব্বী শুৱা বেডৰুমটো দক্ষিণ-পশ্চিম কোণত থাকিব লাগে। বাস্তুশাস্ত্ৰৰ মতে মানুহৰ ঘৰৰ শোৱনি কোঠাটো কেনেকুৱা হ'ব লাগে জানো আহক- ১) শোৱনি কোঠাত ভুলতেও আক্ৰমণাত্মক জন্তুৰ ফটো বা ছবি আৰু খঙাল ভংগীত থকা দেৱ-দেৱীৰ ছবি বা মূৰ্তি ৰাখিব নালাগে। ২) শোৱনি কোঠাত কেতিয়াও উপাসনা ঘৰ বা থাপনা পাতিব নালাগে। ৩) যদি বেডৰূমত আইনা ৰখা হয়, তেন্তে নিশ্চিত কৰিব যাতে আইনাত বিচনাখন প্ৰতিফলিত নহয়। ৪) মৃত পূৰ্বপুৰুষৰ ছবি বা ফটো শোৱনি কোঠাৰ দেৱালত ওলমাই ৰাখিব নালাগে। ৫) শোৱনি কোঠাৰ বিচনাৰ বেৰত ঘড়ী বা ফটো ফ্ৰেম নাৰাখিব। ৬) যদি চালিচা বা যিকোনো ধৰ্মগ্ৰন্থ শোৱা কোঠাত ৰাখিছে তেন্তে ইয়াক লগে লগে আপোনাৰ শোৱা কোঠাৰ পৰা আঁতৰাই আন ভাল স্থানত ৰাখক। এই কথাত ধ্যান দিব- শোৱনি কোঠাত গুলপীয়া, আকাশী নীলা বা পাতল সেউজীয়া ৰং দিয়ক। ই ধনাত্মক শক্তি বৃদ্ধি কৰে। সম্পৰ্ক উন্নত কৰিবলৈ ৰাধা-কৃষ্ণৰ ছবি বা মূৰ্তি ৰাখক। শোৱনি কোঠাৰ উত্তৰ-পূব বা দক্ষিণ-পূব দিশত বিচনা নাৰাখিব। ইয়াৰ ফলত দম্পতীৰ মাজত কাজিয়া হয় আৰু উত্তৰ-পূৱ দিশত বিচনা থাকিলে স্বাস্থ্যজনিত সমস্যা হ'ব পাৰে। যদি শোৱনি কোঠাত কোনো বৈদ্যুতিক সামগ্ৰী থাকে তেন্তে ইয়াক কোঠাটোৰ দক্ষিণ-পূব কোণত ৰাখিব লাগে। এই কথাবোৰ মানুহৰ বিশ্বাসৰ ওপৰতে নিৰ্ভৰ কৰে। বাস্তুশাস্ত্ৰ যিয়ে বিশ্বাস কৰে তেনে লোকে সদায়ে এনে কথাত ধ্যান দি আহিছে। আৰু পঢ়কঃ ডিভ’ৰ্চৰ ক্ষতিপূৰণত ৫ কোটি টকা দাবী কৰিছিল অমৃতাই; ছেইফে কৈছিল-‘মই শ্বাহৰুখ নহয়’


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ