--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : লাডাখৰ ভাৰতীয় হিমালয় এলেকাত অসম পৰ্বতাৰোহণ সন্থাৰ এটা দলে বিশেষ সফলতা লাভ কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। অসম পৰ্বতাৰোহণ সন্থাই লাডাখৰ ৬৩৬৫ মিটাৰ (২০,৮৮৩ ফুট) উচ্চতাৰ এটা অনামী শৃংগত সফলতাৰে আৰোহণ কৰাৰ লগতে আহোম বীৰ লাচিত বৰফুকনৰ নামেৰে শিখৰটো নামকৰণ কৰে। 

দলটোৰ আন এটা চাৰিজনীয়া দলে একে অঞ্চলৰ প্রায় ৫,৬০০ মিটাৰ (১৮,৩৭৩ ফুট) উচ্চতাত অৱস্থিত ক্যাগাৰ লালৈ হাই এলটিটিউত ট্রেকিং সফলতাৰে সম্পূৰ্ণ কৰিবলৈ সক্ষম হয়। সন্থাৰ সাধাৰণ সম্পাদক মানস বৰুৱাৰ নেতৃত্বত 'এ এম এ ত্রিপল্ পীক এক্সপেডিশ্যন এণ্ড ক্যাগৰ লা ট্রেকিং-২০২৫' শীর্ষক এই অভিযানলৈ বিগত ৭ এপ্ৰিলত অসমৰ পৰা ঊনৈশজনীয়া দলটো ৰাওনা হৈছিল। 

দলটোৰ দুই তৰুণ সদস্য জয়ন্ত নাথ আৰু শেখৰ বৰদলৈয়ে সোমবাৰে পুৱা প্রায় ১০-১৬ বজাত সফলতাৰে শিখৰ আৰোহণ কৰিবলৈ সক্ষম হয়। তেওঁলোকৰ পিছে পিছে আন এটা চাৰিজনীয়া দলে শিখৰ আৰোহণ কৰাৰ (ছামিট এটেম্প) চেষ্টা কৰে। এই দলটোৰো দুই সদস্য ভাস্কৰ বৰ্মন (নর্থ ইষ্ট এডভেঞ্চাৰ ফাউণ্ডেশ্যনৰ সদস্য) আৰু সুৰজিত ৰংহাঙে (কার্বি আংলং মাউন্টেইনীয়াৰিং এছ'চিয়েশ্যনৰ সদস্য) সফলতাৰে শিখৰ আৰোহণ কৰাৰ খবৰ আহিছে যদিও এইপর্যন্ত দলটোৰ আন দুজন সদস্য এভাৰেষ্ট আৰোহণকাৰী হেনৰি ডেভিড টেৰণ আৰু উপেন চক্ৰৱৰ্তীৰ শিখৰ আৰোহণৰ নিশ্চিত তথ্য লাভ কৰা হোৱা নাই। প্রণিধানযোগ্য যে সোমবাৰে অসম পৰ্বতারোহণ সন্থাৰ সদস্যই আৰোহণ কৰা শিখৰটো এইপর্যন্ত কোনো পৰ্বতাৰোহীয়ে আৰোহণ কৰিবলৈ সক্ষম হোৱা নাছিল। 

নামবিহীন এই ভার্জিন পীকটোত সফলতাৰে আৰোহণ কৰি অসম পৰ্বতাৰোহণ সন্থাই শিখৰটো আহোম বীৰ লাচিত বৰফুকনৰ নামেৰে 'মাউন্ট লাচিত কাংৰী' নামকৰণ কৰে। ইতিমধ্যে এই সম্পৰ্কত চৰকাৰীভাৱেও পদক্ষেপ আগবঢ়োৱা হৈছে। উল্লেখযোগ্য যে জম্মু-কাশ্মীৰত শেহতীয়াকৈ হোৱা ডাৱৰ বিস্ফোৰণৰ পাছত লাডাখত বতৰে হঠাৎ ৰূপ সলাই প্রতিকূল পৰিস্থিতিৰ সৃষ্টি কৰাৰ বাবে অসমৰ দলটোৰ বাকী দুটা শিখৰ অভিযান অনিশ্চিত হৈ পৰিছে। আজি দলটোৱে বাকী শিখৰ আৰোহণৰ বাবে শেষ প্রচেষ্টা চলাব বুলি জানিব পৰা গৈছে। আনহাতে, সোমবাৰে অসম পৰ্বতাৰোহণ সন্থাৰ আন চাৰিগৰাকী সদস্য-সদস্যা ক্রমে মাধুর্য মঞ্জুৰী বড়া, তৃষ্ণা ৰামচিয়াৰী, ববিতা গোস্বামী আৰু অংশুমান বৰাই লাডাখৰ প্রায় ৫,৬০০ মিটাৰ (১৮,৩৭৩ ফুট) উচ্চতাত অৱস্থিত 'ক্যাগাৰ লা'ত সফলতাৰে ট্রেকিং সম্পূৰ্ণ কৰে। প্ৰায় ৫ ঘণ্টাজোৰা প্ৰচেষ্টাৰ অন্তত তেওঁলোকে এই ট্রেকিংটো সম্পূৰ্ণ কৰিবলৈ সক্ষম হয়। অসম পৰ্বতাৰোহণ সন্থাৰ এই সফলতাৰ খবৰ পোৱাৰ পাছত সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শর্মাকে ধৰি বিভিন্ন লোকে দলটোলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। লক্ষণীয় যে অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ সম্পূৰ্ণ সহযোগত আয়োজিত অভিযানটোৰ ফ্লেগ অফ কৰি অসম পৰ্বতাৰোহণ সন্থাৰ পতাকা আৰু ভাৰতীয় জাতীয় পতাকা সম্বলিত আইচ এক্স দলপতিৰ হাতত অর্পণ কৰিছিল সন্থাৰ সভাপতি ডাঃ দেৱেন্দ্ৰনাথ মহন্তই।

উৎসঃ দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
‘সংসদ চল’ সমদলত আৰক্ষীৰ কাৰ্যকলাপ সন্দৰ্ভত জৰুৰী শুনানি অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ