--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : 'শিক্ষা সেতু' এপে ৰাজ্যখনলৈ সুনাম কঢ়িয়াই আনিছে। ৰাজ্যৰ শিক্ষা খণ্ডলৈ নতুনত্ব কঢ়িয়াই অনা 'শিক্ষা সেতু'ৰ বাবে সোমবাৰে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে অসমক ' প্ৰধানমন্ত্ৰীৰ ৰাজহুৱা প্রশাসন উৎকর্ষ বঁটা' প্রদান কৰে। 

নতুন দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত প্রধানমন্ত্রী ওম প্ৰকাশৰ হাতত এই ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰে। মোদীয়ে ৰাজ্য চৰকাৰৰ সমগ্র শিক্ষা অভিযানৰ মিছন। 

উল্লেখযোগ্য যে 'শিক্ষা সেতু'ৱে শিক্ষার্থী আৰু শিক্ষকৰ উপস্থিতিক সুশৃংখল কৰি তুলিছে আৰু অসমৰ বিদ্যালয়সমূহত সমতা প্রদান কৰিছে। আনহাতে,  সোমবাৰে তিনিচুকীয়া জিলায়ো ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। দেশৰ ভিতৰত 'জিলাসমূহৰ সামগ্রিক উন্নয়ন' শ্ৰেণীৰ অধীনত 'প্ৰধানমন্ত্ৰীৰ ৰাজহুৱা প্ৰশাসন উৎকর্ষ বঁটা' লাভকৰিবলৈ সক্ষম হৈছে তিনিচুকীয়া জিলাই। 

তিনিচুকীয়া জিলা আয়ুক্ত স্বপ্নীল পালে প্ৰধানমন্ত্ৰীৰ হাতৰ পৰা এই বঁটা গ্ৰহণ কৰে। ইফালে এই সফলতা কঢ়িয়াই অনাৰ বাবে তিনিচুকীয়া জিলাৰ জিলা আয়ুক্তৰ সৈতে জিলা প্রশাসন আৰু জিলাখনৰ জনসাধাৰণক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। একেদৰে শিক্ষা সেতু এপৰ বাবে সমগ্র শিক্ষা অভিযানৰ দলটোকো অভিনন্দন জনাইছে মুখ্যমন্ত্রীয়ে।

উৎসঃ দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ