--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : 'শিক্ষা সেতু' এপে ৰাজ্যখনলৈ সুনাম কঢ়িয়াই আনিছে। ৰাজ্যৰ শিক্ষা খণ্ডলৈ নতুনত্ব কঢ়িয়াই অনা 'শিক্ষা সেতু'ৰ বাবে সোমবাৰে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে অসমক ' প্ৰধানমন্ত্ৰীৰ ৰাজহুৱা প্রশাসন উৎকর্ষ বঁটা' প্রদান কৰে। 

নতুন দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত প্রধানমন্ত্রী ওম প্ৰকাশৰ হাতত এই ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰে। মোদীয়ে ৰাজ্য চৰকাৰৰ সমগ্র শিক্ষা অভিযানৰ মিছন। 

উল্লেখযোগ্য যে 'শিক্ষা সেতু'ৱে শিক্ষার্থী আৰু শিক্ষকৰ উপস্থিতিক সুশৃংখল কৰি তুলিছে আৰু অসমৰ বিদ্যালয়সমূহত সমতা প্রদান কৰিছে। আনহাতে,  সোমবাৰে তিনিচুকীয়া জিলায়ো ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। দেশৰ ভিতৰত 'জিলাসমূহৰ সামগ্রিক উন্নয়ন' শ্ৰেণীৰ অধীনত 'প্ৰধানমন্ত্ৰীৰ ৰাজহুৱা প্ৰশাসন উৎকর্ষ বঁটা' লাভকৰিবলৈ সক্ষম হৈছে তিনিচুকীয়া জিলাই। 

তিনিচুকীয়া জিলা আয়ুক্ত স্বপ্নীল পালে প্ৰধানমন্ত্ৰীৰ হাতৰ পৰা এই বঁটা গ্ৰহণ কৰে। ইফালে এই সফলতা কঢ়িয়াই অনাৰ বাবে তিনিচুকীয়া জিলাৰ জিলা আয়ুক্তৰ সৈতে জিলা প্রশাসন আৰু জিলাখনৰ জনসাধাৰণক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। একেদৰে শিক্ষা সেতু এপৰ বাবে সমগ্র শিক্ষা অভিযানৰ দলটোকো অভিনন্দন জনাইছে মুখ্যমন্ত্রীয়ে।

উৎসঃ দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ