--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদীয়ে চলোৱা বৰ্বৰ আক্ৰমণৰ খবৰে সমগ্ৰ দেশতে প্ৰবল জোকাৰণিৰ সৃষ্টি কৰিছে৷ মঙলবাৰে জম্মু-কাশ্মীৰৰ পেহেলগামত ইছলামিক সন্ত্ৰাসবাদীয়ে সংঘটিত কৰিলে শিহৰণকাৰী আক্ৰমণ। বেছাৰাণত সন্ত্ৰাসবাদীয়ে পৰ্যটক আৰু স্থানীয় লোকৰ ওপৰত নিৰ্বিচাৰ গুলীচালনা কৰে। এই আক্ৰমণত পৰ্যটক আৰু স্থানীয় লোককে ধৰি ২৬জন লোক নিহত হোৱাৰ লগতে কেইবাগৰাকীও লোক আহত হয়।

মৃতকসকলৰ ভিতৰত এখন ফটো ছচিয়েল মিডিয়াত বনজুইৰ দৰে বিয়পি পৰিছে৷ মৃত স্বামীৰ কাষত নিৰ্বাক হৈ বহি থকা এগৰাকী পত্নীৰ ফটো৷ মাত্ৰ দুমাহ পূৰ্বে ১২ ফেব্ৰুৱাৰীত বিয়া হৈছিল তেওঁলোকৰ৷ হানিমুনৰ উদ্দেশ্যৰে ভূ-স্বৰ্গ কাশ্মীৰত ভৰি থৈছিল নৱ বিবাহিত দম্পতীয়ে। 

নতুনকৈ বিয়া পাতি সংসাৰ আৰম্ভ কৰিবলৈ নৌ পাওঁতেই কানপুৰৰ চিমেণ্ট ব্যৱসায়ী শুভম দ্বিবেদীৰ প্ৰাণ ললে সন্ত্ৰাসবাদীয়ে। চিৰদিনলৈ মচ খালে ন-কইনা সান্যাৰ শিৰৰ সেন্দূৰ। 

পৰিয়ালৰ লোকে জনোৱা মতে, এই সময়ছোৱাত তেওঁক সন্ত্ৰাসবাদীয়ে বন্দী কৰি ৰাখিছিল। নাম সোধাৰ পিছতে সন্ত্ৰাসবাদীয়ে পত্নীৰ সন্মুখতে শুভম দ্বিবেদীক গুলীচালনা কৰে। 

চকুৰ সমুখতে স্বামীক হত্যা কৰা দেখি সান্যাই কৈছিল যে “মোকো আপোনালোকে মাৰি পেলাওক।” তেতিয়া সন্ত্ৰাসবাদীকেইটাই কৈছিল যে “আপোনাক হত্যা নকৰোঁ। আপুনি গৈ আপোনাৰ চৰকাৰক এই খবৰটো দিবগৈ।” 

উল্লেখ্য যে ২০১৯ চনত পুলৱামা আক্ৰমণৰ পিছত উপত্যকাত সংঘটিত এইটোৱেই আটাইতকৈ মাৰাত্মক আক্ৰমণ। এই ঘটনাৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চৌদি আৰৱ ভ্ৰমণৰ দুদিনীয়া ভ্ৰমণ কৰ্তন কৰি বুধবাৰে পুৱা দিল্লীলৈ উভতি আহে।

এই সন্ত্ৰাসবাদী আক্ৰমণত ২৬ জন লোকৰ মৃত্যু হৈছে। ইফালে জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই এই সন্ত্ৰাসবাদী আক্ৰমণক “শেহতীয়া বছৰবোৰত সাধাৰণ নাগৰিকৰ ওপৰত কৰা যিকোনো আক্ৰমণতকৈ বহু ডাঙৰ” বুলি অভিহিত কৰে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ