--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : মধ্য প্রাচ্যৰ ভ্ৰমণ সমাপ্ত কৰিয়েই মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে এটা গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। ৰাষ্ট্ৰপতি ট্রাম্পে কয় যে ইৰানক আমেৰিকাই এটা পাৰমাণবিক প্রস্তাৱ দাখিল কৰিছে। 

অৱশ্যে, এই বিষয়ত তেওঁ সবিশেষ মুখ খোলা নাই। ৰাষ্ট্ৰপতি ট্রাম্পে শুকুৰবাৰে কয় যে ইৰানৰ সৈতে অতি সোনকালে এখন পাৰমাণৱিক চুক্তি আমেৰিকাই কৰিব।

মার্কিন ৰাষ্ট্ৰপতিজনে কয় যে আমেৰিকাৰ সৈতে এখন পাৰমাণৱিক চুক্তি কৰিবলৈ ইৰান এক প্ৰকাৰ ৰাজি হৈছে ৰাষ্ট্ৰপতি ট্রাম্পে কয় যে দেওবাৰে অন্ত পৰা দুয়োখন দেশৰ মাজৰ শেহতীয়া বৈঠকত দীর্ঘস্থায়ী শান্তিৰ বাবে গুৰুত্বপূর্ণ আলোচনা হৈছে।

ইয়াৰ পূৰ্বে ইৰানৰ সৰ্বোচ্চ নেতাৰ এজন উপদেষ্টাই কয় যে যদি আমেৰিকাই দেশখনৰ বিৰুদ্ধে নিষেধাজ্ঞা উঠাই লয়, তেনেহ'লে তেহৰানে ইয়াৰ পাৰমাণবিক কাৰ্যসূচী কিছু শিথিল কৰিব। মধ্য প্রাচ্যৰ ভ্ৰমণৰ সময়ত কাটাৰত মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পে কয় যে ইৰানৰ পাৰমাণবিক কাৰ্যসূচীৰ বিষয়ত শীঘ্রেই আমেৰিকাৰে এখন চুক্তি সম্পাদন কৰা হ'ব।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত