--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ মোহময়ী অভিনেত্ৰী মহিমা চৌধুৰী আক্ৰান্ত হৈছে ব্ৰেষ্ট কেন্সাৰত। এটা ভিডিঅ’ৰ জৰিয়তে মহিমাই নিজৰ ৰোগৰ কথা অনুৰাগীসকলক অৱগত কৰিছে। কেইসপ্তাহমান পূৰ্বে টিভি অভিনেত্ৰী ছৱী মিট্টালে তেওঁৰ ব্ৰেষ্ট কেন্সাৰৰ বিষয়ে কৈছিল আৰু এতিয়া মহিমা চৌধুৰীয়ে তেওঁৰ ব্ৰেষ্ট কেন্সাৰৰ বিষয়ে প্ৰকাশ কৰিছে। মহিমা চৌধুৰীক কেম’থেৰাপি দিয়া হৈছিল, যাৰ বাবে তেওঁৰ সকলো চুলি সৰি গৈছিল। কিন্তু নিজৰ মনোবল অটুট ৰাখি এই দুৰাৰোগ্য ৰোগৰ সৈতে যুঁজ দিছে মহিমাই। 

ব্ৰেষ্ট কেন্সাৰ কথা মহিমাই সকলোৰে পৰা লুকুৱাই ৰাখিছিল আনকি পিতৃ-মাতৃৰ পৰাও। তেওঁৰ ৰোগৰ বিষয়ে প্ৰথমে গম পাইছিল অনুপম খেৰে। অনুপম খেৰে তেওঁৰ ছবি 'দ্য ছিগনেচাৰ’ৰ বাবে মহিমালৈ ফোন কৰিছিল। সেই সময়ত মহিমাই অনিচ্ছাস্বত্বেও নিজৰ ৰোগৰ কথা অনুপম খেৰক জনাবলগীয়া হৈছিল। ভিডিঅ’টোত মহিমাই চকুলো টুকি কৈছিল কেতিয়া আৰু কেনেকৈ কেন্সাৰত আক্ৰান্ত তেওঁ হৈছিল। মহিমাই কৈছিল যে ‘‘মোৰ কোনো লক্ষণ দেখা নাছিল। মই প্ৰতি বছৰে ৰুটিন চেকআপ কৰো, য’ত ব্লাড টেষ্ট, ছ’ন’গ্ৰাফী সকলো কৰা হয়। মোৰ ছ’ন’গ্ৰাফী কৰা ডাক্তৰে মোক ক’লে যে আপুনি ডাঃ মন্দৰক এবাৰ দেখুৱাটো ভাল হ’ব। আৰু তাত দেখুৱাওতে মোৰ কেন্সাৰ ধৰা পৰে। যি কথাই মোক খুব ভয় খুৱালে। কেন্সাৰ বুলি কলে সকলোৱে ভয় খায় সেয়ে মই এই কথাটো মা-দেউতাৰ পৰাও লুকুৱাই ৰাখিলো।’’ 

কিন্তু বৰ্তমান এই কথা সকলোকে জনোৱাটো উচিত বুলি ভাবিলে ৪৮ বছৰীয়া অভিনেত্ৰীগৰাকীয়ে, যাতে তেওঁক দেখি আন কেন্সাৰ ৰোগীসকলেও মনত সাহস পায়। উল্লেখ্য যে পূৰ্বতকৈ সুস্থ হৈ উঠিছে মহিমা। সেয়ে তেওঁ 'দ্য ছিগনেচাৰ’ৰ কামত ব্যস্ত হৈ পৰিছে। মহিমাই উইগ পিন্ধি ফটোশ্বুট আৰু চিনেমাৰ কামত ব্যস্ত হৈ আছে যাৰ বাবে কোনোৱে তেওঁৰ এই অৱস্থাৰ বিষয়ে জানিব পৰা নাছিল। মহিমাই শ্বেয়াৰ কৰা ভিডিঅ’টোত অনুপম খেৰকো দেখা গৈছে। অনুপম খেৰে মহিমাক ’ৰিয়েল হিৰ’ বুলি অভিহিত কৰিছে আৰু মহিমা যাতে সম্পূৰ্ণ সুস্থ হৈ উঠে তাৰ বাবে সকলোৰে পৰা আশীৰ্বাদ, প্ৰাৰ্থনা কামনা কৰে অনুপম খেৰে।
 


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ