--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ মোহময়ী অভিনেত্ৰী মহিমা চৌধুৰী আক্ৰান্ত হৈছে ব্ৰেষ্ট কেন্সাৰত। এটা ভিডিঅ’ৰ জৰিয়তে মহিমাই নিজৰ ৰোগৰ কথা অনুৰাগীসকলক অৱগত কৰিছে। কেইসপ্তাহমান পূৰ্বে টিভি অভিনেত্ৰী ছৱী মিট্টালে তেওঁৰ ব্ৰেষ্ট কেন্সাৰৰ বিষয়ে কৈছিল আৰু এতিয়া মহিমা চৌধুৰীয়ে তেওঁৰ ব্ৰেষ্ট কেন্সাৰৰ বিষয়ে প্ৰকাশ কৰিছে। মহিমা চৌধুৰীক কেম’থেৰাপি দিয়া হৈছিল, যাৰ বাবে তেওঁৰ সকলো চুলি সৰি গৈছিল। কিন্তু নিজৰ মনোবল অটুট ৰাখি এই দুৰাৰোগ্য ৰোগৰ সৈতে যুঁজ দিছে মহিমাই। 

ব্ৰেষ্ট কেন্সাৰ কথা মহিমাই সকলোৰে পৰা লুকুৱাই ৰাখিছিল আনকি পিতৃ-মাতৃৰ পৰাও। তেওঁৰ ৰোগৰ বিষয়ে প্ৰথমে গম পাইছিল অনুপম খেৰে। অনুপম খেৰে তেওঁৰ ছবি 'দ্য ছিগনেচাৰ’ৰ বাবে মহিমালৈ ফোন কৰিছিল। সেই সময়ত মহিমাই অনিচ্ছাস্বত্বেও নিজৰ ৰোগৰ কথা অনুপম খেৰক জনাবলগীয়া হৈছিল। ভিডিঅ’টোত মহিমাই চকুলো টুকি কৈছিল কেতিয়া আৰু কেনেকৈ কেন্সাৰত আক্ৰান্ত তেওঁ হৈছিল। মহিমাই কৈছিল যে ‘‘মোৰ কোনো লক্ষণ দেখা নাছিল। মই প্ৰতি বছৰে ৰুটিন চেকআপ কৰো, য’ত ব্লাড টেষ্ট, ছ’ন’গ্ৰাফী সকলো কৰা হয়। মোৰ ছ’ন’গ্ৰাফী কৰা ডাক্তৰে মোক ক’লে যে আপুনি ডাঃ মন্দৰক এবাৰ দেখুৱাটো ভাল হ’ব। আৰু তাত দেখুৱাওতে মোৰ কেন্সাৰ ধৰা পৰে। যি কথাই মোক খুব ভয় খুৱালে। কেন্সাৰ বুলি কলে সকলোৱে ভয় খায় সেয়ে মই এই কথাটো মা-দেউতাৰ পৰাও লুকুৱাই ৰাখিলো।’’ 

কিন্তু বৰ্তমান এই কথা সকলোকে জনোৱাটো উচিত বুলি ভাবিলে ৪৮ বছৰীয়া অভিনেত্ৰীগৰাকীয়ে, যাতে তেওঁক দেখি আন কেন্সাৰ ৰোগীসকলেও মনত সাহস পায়। উল্লেখ্য যে পূৰ্বতকৈ সুস্থ হৈ উঠিছে মহিমা। সেয়ে তেওঁ 'দ্য ছিগনেচাৰ’ৰ কামত ব্যস্ত হৈ পৰিছে। মহিমাই উইগ পিন্ধি ফটোশ্বুট আৰু চিনেমাৰ কামত ব্যস্ত হৈ আছে যাৰ বাবে কোনোৱে তেওঁৰ এই অৱস্থাৰ বিষয়ে জানিব পৰা নাছিল। মহিমাই শ্বেয়াৰ কৰা ভিডিঅ’টোত অনুপম খেৰকো দেখা গৈছে। অনুপম খেৰে মহিমাক ’ৰিয়েল হিৰ’ বুলি অভিহিত কৰিছে আৰু মহিমা যাতে সম্পূৰ্ণ সুস্থ হৈ উঠে তাৰ বাবে সকলোৰে পৰা আশীৰ্বাদ, প্ৰাৰ্থনা কামনা কৰে অনুপম খেৰে।
 


FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত