--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানী সাংসদ আৰু টিভি চেনেলৰ সঞ্চালক আমিৰ লিয়াকতে হঠাতে এই পৃথিৱীৰ ইহলিলা । পাকিস্তানী সংবাদ মাধ্যমৰ মতে, কৰাচীৰ এখন চিকিৎসালয়ত তেওঁৰ মৃত্যু হয়। খবৰ অনুসৰি আমিৰ লিয়াকত এটা বন্ধ কোঠাত আছিল আৰু ঘৰৰ দুৱাৰ বন্ধ আছিল, তেতিয়া তেওঁৰ ঘৰৰ কৰ্মচাৰীসকলে বহুসময় ধৰি  দুৱাৰত টোকৰ মাৰিছিল যদিও কোনো সঁহাৰি পোৱা নাছিল।


পাকিস্তানৰ সাংসদ আৰু জনপ্ৰিয় টিভি সঞ্চালক আমিৰ লিয়াকত কৰাচীত তেওঁৰ বাসগৃহত মৃত্যু হৈছে। কৰাচী আৰক্ষীয়ে আমিৰ লিয়াকতৰ মৃত্যু নিশ্চিত কৰিছে। ইমৰান খানৰ দল পিটিআইৰ পৰা কৰাচীৰ নিৰ্বাচনত জয়ী হোৱা লিয়াকত হুছেইনৰ বয়স আছিল মাত্ৰ ৪৯ বছৰ আৰু তেওঁ তিনিবাৰ বিবাহ পাশত আৱদ্ধ হৈছিল। লিয়াকাত বিতৰ্কলৈ আহিছিল যেতিয়া তেওঁ দানিয়া মালিকনামৰ এগৰাকী আধা বয়সৰ যুৱতীক তেওঁ বিয়া কৰাইছিল। আমিৰ লিয়াকতৰ এই বিবাহ বেছি দিন স্থায়ী নহ'ল আৰু দানিয়াই বিবাহ বিচ্ছেদৰ বাবে আবেদন কৰিছিল। 

কৰাচী আৰক্ষীয়ে জনোৱা অনুসৰি, আজি ৰাতিপুৱা আমিৰ লিয়াকতৰ অৱস্থা অধিক অৱনতি ঘটিছিল। তাৰ পিছত তেওঁক কৰাচীৰ আগা খান বিশ্ববিদ্যালয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। পিছত তেওঁক মৃত ঘোষণা কৰা হৈছিল। সাংসদ লিয়াকাতৰ মৃত্যুত নেচনেল এচেম্বলী, পাকিস্তানী সংসদৰ অধিৱেশন পিছুৱাই দিয়া হৈছে। লিয়াকাতে ২০১৮ চনৰ মাৰ্চত ইমৰান খানৰ দলত যোগদান কৰিছিল। অৱশ্যে, যোৱা কেইদিনমানত সেনাক লৈ হোৱা বিতৰ্কৰ পিছত তেওঁ নিজে পিটিআইৰ পৰা আঁতৰি আহিছিল।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?