--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানী সাংসদ আৰু টিভি চেনেলৰ সঞ্চালক আমিৰ লিয়াকতে হঠাতে এই পৃথিৱীৰ ইহলিলা । পাকিস্তানী সংবাদ মাধ্যমৰ মতে, কৰাচীৰ এখন চিকিৎসালয়ত তেওঁৰ মৃত্যু হয়। খবৰ অনুসৰি আমিৰ লিয়াকত এটা বন্ধ কোঠাত আছিল আৰু ঘৰৰ দুৱাৰ বন্ধ আছিল, তেতিয়া তেওঁৰ ঘৰৰ কৰ্মচাৰীসকলে বহুসময় ধৰি  দুৱাৰত টোকৰ মাৰিছিল যদিও কোনো সঁহাৰি পোৱা নাছিল।


পাকিস্তানৰ সাংসদ আৰু জনপ্ৰিয় টিভি সঞ্চালক আমিৰ লিয়াকত কৰাচীত তেওঁৰ বাসগৃহত মৃত্যু হৈছে। কৰাচী আৰক্ষীয়ে আমিৰ লিয়াকতৰ মৃত্যু নিশ্চিত কৰিছে। ইমৰান খানৰ দল পিটিআইৰ পৰা কৰাচীৰ নিৰ্বাচনত জয়ী হোৱা লিয়াকত হুছেইনৰ বয়স আছিল মাত্ৰ ৪৯ বছৰ আৰু তেওঁ তিনিবাৰ বিবাহ পাশত আৱদ্ধ হৈছিল। লিয়াকাত বিতৰ্কলৈ আহিছিল যেতিয়া তেওঁ দানিয়া মালিকনামৰ এগৰাকী আধা বয়সৰ যুৱতীক তেওঁ বিয়া কৰাইছিল। আমিৰ লিয়াকতৰ এই বিবাহ বেছি দিন স্থায়ী নহ'ল আৰু দানিয়াই বিবাহ বিচ্ছেদৰ বাবে আবেদন কৰিছিল। 

কৰাচী আৰক্ষীয়ে জনোৱা অনুসৰি, আজি ৰাতিপুৱা আমিৰ লিয়াকতৰ অৱস্থা অধিক অৱনতি ঘটিছিল। তাৰ পিছত তেওঁক কৰাচীৰ আগা খান বিশ্ববিদ্যালয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। পিছত তেওঁক মৃত ঘোষণা কৰা হৈছিল। সাংসদ লিয়াকাতৰ মৃত্যুত নেচনেল এচেম্বলী, পাকিস্তানী সংসদৰ অধিৱেশন পিছুৱাই দিয়া হৈছে। লিয়াকাতে ২০১৮ চনৰ মাৰ্চত ইমৰান খানৰ দলত যোগদান কৰিছিল। অৱশ্যে, যোৱা কেইদিনমানত সেনাক লৈ হোৱা বিতৰ্কৰ পিছত তেওঁ নিজে পিটিআইৰ পৰা আঁতৰি আহিছিল।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
জুবিন গাৰ্গৰ শেষকৃত্য ক’ত কৰা হ’ব? দিয়া হ’ব নে চৰকাৰী বন্ধ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান