--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বক্স অফিচত মুখ থেকেচা খাব নেকি অক্ষয় কুমাৰ-মানুষী চিল্লাৰ অভিনীত ‘সম্ৰাট পৃথ্বীৰাজ’-এ? ছবিখনৰ শেহতীয়া বক্স অফিচ ৰিপৰ্টত তেনে কথাই পোহৰলৈ আহিছে। ছবিখনক লৈ শ্ৰোতা-দৰ্শকৰ সেৰেঙা সঁহাৰিয়ে উদ্বিগ্ন কৰি তুলিছে  ছবি নিৰ্মাতাসকলক। আনকি দৰ্শকৰ সংখ্যা কম হোৱাৰ বাবে কিছুমান ছবিগৃহত ছবিখনৰ মৰ্নিং শ্ব’ বাতিল কৰিবলগীয়া হোৱা বুলিও খবৰ ওলাইছে।

স্মৰ্তব্য যে, ৩ জুন শুকুৰবাৰে মুক্তি পাইছে অক্ষয় কুমাৰ আৰু মানুষী চিল্লা অভিনীত ‘সম্ৰাট পৃথ্বীৰাজ’। মুক্তিৰ দিনাখন ছবিখনে সমগ্ৰ দেশত মাত্ৰ ১০.৬০ কোটি টকা সংগ্ৰহ কৰিছে। প্ৰথম দিনাৰ সংগ্ৰহে চিন্তাত পেলাইছে অভিনেতাসকলক। 

শনিবাৰে ছবিখনৰ বক্স অফিচ সংগ্ৰহ আছিল ১২.৬০ কোটি টকা। দেওবাৰে ১৬ কোটিতকৈ অলপ বেছি উপাৰ্জন কৰিছে ছবিখনে। মুঠতে ছবিখনৰ এটা সপ্তাহৰ সংগ্ৰহ ৩৯.৪০ কোটি টকা, প্ৰথম সপ্তাহৰ ‘ভুলভূলাইয়া-২’ৰ ব্যৱসায়তকৈও বেয়া অভিলেখ অক্ষয় অভিনীত ছবিৰ। তাৰ পিছত ছবিখন মুক্তি পোৱাৰ চতুৰ্থ দিনা পৰিচালক চন্দ্ৰ প্ৰকাশ দ্বিবেদীৰ ছবিখনে আৰু অধিক বেয়া ফল লাভ কৰিছে। 

সোমবাৰ আৰু মঙলবাৰে এই ছবিখনৰ বক্স অফিচ সংগ্ৰহ ক্ৰমে ৫ কোটি আৰু ৪.২৫ কোটি টকা। সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ এক প্ৰতিবেদন অনুসৰি, অক্ষয় আৰু মানুষী চিল্লাৰৰ এই ছবিখনে দৰ্শকৰ মাজত স্থান লাভ কৰা নাই। ‘ সম্ৰাট পৃথ্বীৰাজ’ৰ শ্ব’ বাতিল হ’ব পাৰে বুলি কোনেও কল্পনাই কৰিব পৰা নাছিল। ছবিখনত সম্ৰাট পৃথ্বীৰাজ চৌহানৰ বীৰগাঁথাৰ আলোকপাত কৰা হৈছে। 

২০০৪ চনৰ পৰা ২০১৯ চনলৈ ছবিখনৰ পৰিচালকে প্ৰায় ১৫ বছৰ ধৰি চিত্ৰনাট্য লিখিছিল। একাংশ সমালোচকে দাবী কৰিছে যে, ছবিখনত বহুতো ভুল তথ্য আছে। অক্ষয় কুমাৰ আৰু মানুষী চিল্লাৰ উপৰি ‘সম্ৰাট পৃথ্বীৰাজ’ত সঞ্জয় দত্ত, ছনু ছুদ, আশুতোষ ৰাণা, মনব বিজ, সাক্ষী তনোৱাৰৰ দৰে অভিনেতা-অভিনেত্ৰীয়েও অভিনয় কৰিছে। কেৱল হিন্দী ভাষাতে নহয়, তামিল আৰু তেলেগু ভাষাতো মুক্তি লাভ কৰিছে ছবিখন।
FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাতে ড'নাল্ড ট্রাম্পক হত্যাৰ ভাবুকি ইৰানৰ
১৪ জুলাইত পৃথিৱীলৈ উভতিব পাৰিবনে শুভাংশু শুল্কাই?
পান কাৰ্ডৰ সৈতে আধাৰ কাৰ্ড লিংক কৰাটো বাধ্যতামূলক; জানি লওক সৱিশেষ
নিমন্ত্ৰণ নোপোৱাকৈয়ে পাকিস্তানলৈ যায়, কিন্তু মণিপুৰলৈ নাযায়: মোদীক তীব্ৰ সমালোচনা মল্লিকার্জুন খৰ্গেৰ
‘আপুনি ইঞ্জিন কিয় বন্ধ কৰি দিলে?’ ভইচ ৰেকৰ্ডাৰত ধৰা পৰিল আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ আগ মুহূৰ্তত দুই পাইলটৰ কথা-বতৰা
মুকালমুৱাত আইনী প্ৰক্ৰিয়াৰে পত্নীক বিদায় জনাই ৪০ লিটাৰ গাখীৰেৰে গা ধুই আনন্দ উল্লাস স্বামীৰ