--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বক্স অফিচত মুখ থেকেচা খাব নেকি অক্ষয় কুমাৰ-মানুষী চিল্লাৰ অভিনীত ‘সম্ৰাট পৃথ্বীৰাজ’-এ? ছবিখনৰ শেহতীয়া বক্স অফিচ ৰিপৰ্টত তেনে কথাই পোহৰলৈ আহিছে। ছবিখনক লৈ শ্ৰোতা-দৰ্শকৰ সেৰেঙা সঁহাৰিয়ে উদ্বিগ্ন কৰি তুলিছে  ছবি নিৰ্মাতাসকলক। আনকি দৰ্শকৰ সংখ্যা কম হোৱাৰ বাবে কিছুমান ছবিগৃহত ছবিখনৰ মৰ্নিং শ্ব’ বাতিল কৰিবলগীয়া হোৱা বুলিও খবৰ ওলাইছে।

স্মৰ্তব্য যে, ৩ জুন শুকুৰবাৰে মুক্তি পাইছে অক্ষয় কুমাৰ আৰু মানুষী চিল্লা অভিনীত ‘সম্ৰাট পৃথ্বীৰাজ’। মুক্তিৰ দিনাখন ছবিখনে সমগ্ৰ দেশত মাত্ৰ ১০.৬০ কোটি টকা সংগ্ৰহ কৰিছে। প্ৰথম দিনাৰ সংগ্ৰহে চিন্তাত পেলাইছে অভিনেতাসকলক। 

শনিবাৰে ছবিখনৰ বক্স অফিচ সংগ্ৰহ আছিল ১২.৬০ কোটি টকা। দেওবাৰে ১৬ কোটিতকৈ অলপ বেছি উপাৰ্জন কৰিছে ছবিখনে। মুঠতে ছবিখনৰ এটা সপ্তাহৰ সংগ্ৰহ ৩৯.৪০ কোটি টকা, প্ৰথম সপ্তাহৰ ‘ভুলভূলাইয়া-২’ৰ ব্যৱসায়তকৈও বেয়া অভিলেখ অক্ষয় অভিনীত ছবিৰ। তাৰ পিছত ছবিখন মুক্তি পোৱাৰ চতুৰ্থ দিনা পৰিচালক চন্দ্ৰ প্ৰকাশ দ্বিবেদীৰ ছবিখনে আৰু অধিক বেয়া ফল লাভ কৰিছে। 

সোমবাৰ আৰু মঙলবাৰে এই ছবিখনৰ বক্স অফিচ সংগ্ৰহ ক্ৰমে ৫ কোটি আৰু ৪.২৫ কোটি টকা। সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ এক প্ৰতিবেদন অনুসৰি, অক্ষয় আৰু মানুষী চিল্লাৰৰ এই ছবিখনে দৰ্শকৰ মাজত স্থান লাভ কৰা নাই। ‘ সম্ৰাট পৃথ্বীৰাজ’ৰ শ্ব’ বাতিল হ’ব পাৰে বুলি কোনেও কল্পনাই কৰিব পৰা নাছিল। ছবিখনত সম্ৰাট পৃথ্বীৰাজ চৌহানৰ বীৰগাঁথাৰ আলোকপাত কৰা হৈছে। 

২০০৪ চনৰ পৰা ২০১৯ চনলৈ ছবিখনৰ পৰিচালকে প্ৰায় ১৫ বছৰ ধৰি চিত্ৰনাট্য লিখিছিল। একাংশ সমালোচকে দাবী কৰিছে যে, ছবিখনত বহুতো ভুল তথ্য আছে। অক্ষয় কুমাৰ আৰু মানুষী চিল্লাৰ উপৰি ‘সম্ৰাট পৃথ্বীৰাজ’ত সঞ্জয় দত্ত, ছনু ছুদ, আশুতোষ ৰাণা, মনব বিজ, সাক্ষী তনোৱাৰৰ দৰে অভিনেতা-অভিনেত্ৰীয়েও অভিনয় কৰিছে। কেৱল হিন্দী ভাষাতে নহয়, তামিল আৰু তেলেগু ভাষাতো মুক্তি লাভ কৰিছে ছবিখন।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ