--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বহু সময়ত দেখা যায় যে কিছুমান মানুহে বহি থাকোতে ভৰি দুখন নচুৱাই থাকে বা লৰাই থাকে। এয়া এক বেয়া অভ্যাস বুলি ধৰা হয়। মানুহৰ আগত ভৰি নচুৱাই বহাটো শিষ্টাচাৰৰ বাহিৰত পৰে বুলি মানুহে কয়। কিন্তু আপুনি জানেনে যে ই কোনো ৰোগৰ লক্ষণো হ’ব পাৰে? 

বহি থাকোঁতে ভৰি দুখন লৰাই থকা কথাটো দেখাত সাধাৰণ যেন লাগিলেও ই কোনো ৰোগৰ লক্ষণো হ’ব পাৰে। ইয়াৰ এটা কাৰণ হ’ব পাৰে ৰেষ্টলেছ লেগছ চিনড্ৰম, যিটো ১০ শতাংশ মানুহৰ ক্ষেত্ৰত হ’ব পাৰে। এইটো এটা স্বাস্থ্যজনিত সমস্যা যিটো স্নায়ুতন্ত্ৰৰ লগত জড়িত। মহিলা আৰু পুৰুষ উভয়ৰে মাজত এই সমস্যা দেখা দিয়ে। এনে অৱস্থাত এজন ব্যক্তিয়ে বহি বা শুই থকাৰ সময়ত হঠাতে বিষ অনুভৱ কৰে আৰু ভৰি দুখন লৰচৰ কৰি সেই বিষ উপশম কৰিবলৈ চেষ্টা কৰে। এই বেদনাদায়ক অৱস্থাটো বাৰে বাৰে হ’লে ইয়াক ৰেষ্টলেছ লেগছ চিনড্ৰম বোলা হয়। আইৰণৰ অভাৱৰ বাবেও এই সমস্যা হ’ব পাৰে। 

যদিও এই চিনড্ৰমৰ সঠিক কাৰণ কোৱাটো কঠিন কিন্তু কেতিয়াবা ই জেনেটিকো হ’ব পাৰে। বহু সময়ত পিতৃ বা মাতৃৰ ঘৰত এই সমস্যা থাকে যিটো ল’ৰা-ছোৱালীৰ ক্ষেত্ৰত হোৱাৰ সম্ভাৱনা থাকে। এই চিনড্ৰম নিৰাময়ৰ বাবে ফিজিঅ’থেৰাপি চিকিৎসা গ্ৰহণ কৰিব পাৰি। ইয়াৰ উপৰিও পেশীবোৰক ষ্টেজ কৰিও এই চিনড্ৰমটো নিৰাময় কৰিব পাৰি।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ