--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বহু সময়ত দেখা যায় যে কিছুমান মানুহে বহি থাকোতে ভৰি দুখন নচুৱাই থাকে বা লৰাই থাকে। এয়া এক বেয়া অভ্যাস বুলি ধৰা হয়। মানুহৰ আগত ভৰি নচুৱাই বহাটো শিষ্টাচাৰৰ বাহিৰত পৰে বুলি মানুহে কয়। কিন্তু আপুনি জানেনে যে ই কোনো ৰোগৰ লক্ষণো হ’ব পাৰে? 

বহি থাকোঁতে ভৰি দুখন লৰাই থকা কথাটো দেখাত সাধাৰণ যেন লাগিলেও ই কোনো ৰোগৰ লক্ষণো হ’ব পাৰে। ইয়াৰ এটা কাৰণ হ’ব পাৰে ৰেষ্টলেছ লেগছ চিনড্ৰম, যিটো ১০ শতাংশ মানুহৰ ক্ষেত্ৰত হ’ব পাৰে। এইটো এটা স্বাস্থ্যজনিত সমস্যা যিটো স্নায়ুতন্ত্ৰৰ লগত জড়িত। মহিলা আৰু পুৰুষ উভয়ৰে মাজত এই সমস্যা দেখা দিয়ে। এনে অৱস্থাত এজন ব্যক্তিয়ে বহি বা শুই থকাৰ সময়ত হঠাতে বিষ অনুভৱ কৰে আৰু ভৰি দুখন লৰচৰ কৰি সেই বিষ উপশম কৰিবলৈ চেষ্টা কৰে। এই বেদনাদায়ক অৱস্থাটো বাৰে বাৰে হ’লে ইয়াক ৰেষ্টলেছ লেগছ চিনড্ৰম বোলা হয়। আইৰণৰ অভাৱৰ বাবেও এই সমস্যা হ’ব পাৰে। 

যদিও এই চিনড্ৰমৰ সঠিক কাৰণ কোৱাটো কঠিন কিন্তু কেতিয়াবা ই জেনেটিকো হ’ব পাৰে। বহু সময়ত পিতৃ বা মাতৃৰ ঘৰত এই সমস্যা থাকে যিটো ল’ৰা-ছোৱালীৰ ক্ষেত্ৰত হোৱাৰ সম্ভাৱনা থাকে। এই চিনড্ৰম নিৰাময়ৰ বাবে ফিজিঅ’থেৰাপি চিকিৎসা গ্ৰহণ কৰিব পাৰি। ইয়াৰ উপৰিও পেশীবোৰক ষ্টেজ কৰিও এই চিনড্ৰমটো নিৰাময় কৰিব পাৰি।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ