--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় মানুহৰ পাকঘৰত বহুতো বস্তু পোৱা যায়, য’ত নিমখ, চেনি, আদা, নেমুৱে বিশেষ স্থান অধিকাৰ কৰে। অতি সাধাৰণ যেন লগা পাকঘৰত পোৱা কিছুমান বস্তুৱে আমাৰ যথেষ্ট উপকাৰ সাধন কৰে। সকলো মানুহৰ পাকঘৰত আদা থাকেই আৰু আদা আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। ই কেৱল চাহ বা তৰকাৰীৰ সোৱাদ বৃদ্ধি কৰাই নহয় ঔষধ হিচাপেও কাম কৰে। মেদবহুলতা কমোৱাৰ কাম কৰাৰ লগতে হজম শক্তি বৃদ্ধি কৰাত ই অৰিহণা যোগায়। কাহ, চৰ্দি আদিতো আদা ফলপ্ৰসূ। 

আদাত বহুতো পুষ্টিকৰ উপাদান আছে। ইয়াত পোৱা যায় ভিটামিন, জিংক, আইৰণ, কেলচিয়াম আদি যিবোৰ আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। আদা আৰু ক’লা নিমখ খালে মানুহৰ শৰীৰৰ বহুত উপকাৰ হয়। আজিকালি সকলোৱে ওজন কমাব বিচাৰে, এনে অৱস্থাত আদা আৰু ক’লা নিমখ বৰ উপকাৰী। ই যিকোনো স্বাস্থ্যজনিত সমস্যা নিৰাময় কৰাত ফলপ্ৰসূ, যিয়ে গেছৰ পৰা আদি কৰি কফ আদি ৰোগৰ পৰা আঁতৰাই ৰখাৰ কাম কৰে। গতিকে আদা আৰু ক’লা নিমখৰ উপকাৰিতাৰ বিষয়ে জানো আহক।

আদা আৰু ক’লা নিমখৰ উপকাৰিতা
 
১)আদা আৰু ক’লা নিমখ একেলগে সেৱন কৰিলে পেটৰ সমস্যাৰ পৰা সকাহ পোৱা যায়।ই গেছৰ সমস্যা দূৰ কৰাৰ লগতে গেছৰ ফলত হোৱা সমস্যা যেনে পাথৰৰ সমস্যা, অত্যধিক গেছ গঠনৰ ফলত বুকুৰ বিষ দূৰ কৰে।

২)মানুহে আজিকালি ওজন কমাবলৈ বহুত কষ্ট কৰে। এনে অৱস্থাত আদা-নিমখ উপকাৰী হোৱাৰ লগতে ইয়াক খালে শৰীৰৰ বিপাকীয় ক্ৰিয়া বৃদ্ধি পায়, যাৰ বাবে ওজন কমি যায় আৰু আপুনিও পাতল পাতল অনুভৱ কৰিব। যদি আপুনি বহুদিনৰ পৰা ওজন কমাব বিচাৰি আছে কিন্তু পৰা নাই তেন্তে নিশ্চিতভাৱে আদা আৰু ক’লা নিমখৰ মিশ্ৰণ সেৱন কৰক, ই উপকাৰী হ’ব।

৩)আদাত এন্টি এজিং উপাদান পোৱা যায়, যিয়ে ছালত তেজৰ সঞ্চালন উন্নত কৰে। 

৪)আদাই শৰীৰত থকা বিষাক্ত পদাৰ্থ আঁতৰোৱাৰ কাম কৰে আৰু শৰীৰৰ ভিতৰৰ পৰা বিশুদ্ধ কৰে। আৰু ইয়াক গ্ৰহণ কৰি আপুনি মৃত ছালৰ পৰা মুক্তি পাব পাৰে।
 
FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ