--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় মানুহৰ পাকঘৰত বহুতো বস্তু পোৱা যায়, য’ত নিমখ, চেনি, আদা, নেমুৱে বিশেষ স্থান অধিকাৰ কৰে। অতি সাধাৰণ যেন লগা পাকঘৰত পোৱা কিছুমান বস্তুৱে আমাৰ যথেষ্ট উপকাৰ সাধন কৰে। সকলো মানুহৰ পাকঘৰত আদা থাকেই আৰু আদা আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। ই কেৱল চাহ বা তৰকাৰীৰ সোৱাদ বৃদ্ধি কৰাই নহয় ঔষধ হিচাপেও কাম কৰে। মেদবহুলতা কমোৱাৰ কাম কৰাৰ লগতে হজম শক্তি বৃদ্ধি কৰাত ই অৰিহণা যোগায়। কাহ, চৰ্দি আদিতো আদা ফলপ্ৰসূ। 

আদাত বহুতো পুষ্টিকৰ উপাদান আছে। ইয়াত পোৱা যায় ভিটামিন, জিংক, আইৰণ, কেলচিয়াম আদি যিবোৰ আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। আদা আৰু ক’লা নিমখ খালে মানুহৰ শৰীৰৰ বহুত উপকাৰ হয়। আজিকালি সকলোৱে ওজন কমাব বিচাৰে, এনে অৱস্থাত আদা আৰু ক’লা নিমখ বৰ উপকাৰী। ই যিকোনো স্বাস্থ্যজনিত সমস্যা নিৰাময় কৰাত ফলপ্ৰসূ, যিয়ে গেছৰ পৰা আদি কৰি কফ আদি ৰোগৰ পৰা আঁতৰাই ৰখাৰ কাম কৰে। গতিকে আদা আৰু ক’লা নিমখৰ উপকাৰিতাৰ বিষয়ে জানো আহক।

আদা আৰু ক’লা নিমখৰ উপকাৰিতা
 
১)আদা আৰু ক’লা নিমখ একেলগে সেৱন কৰিলে পেটৰ সমস্যাৰ পৰা সকাহ পোৱা যায়।ই গেছৰ সমস্যা দূৰ কৰাৰ লগতে গেছৰ ফলত হোৱা সমস্যা যেনে পাথৰৰ সমস্যা, অত্যধিক গেছ গঠনৰ ফলত বুকুৰ বিষ দূৰ কৰে।

২)মানুহে আজিকালি ওজন কমাবলৈ বহুত কষ্ট কৰে। এনে অৱস্থাত আদা-নিমখ উপকাৰী হোৱাৰ লগতে ইয়াক খালে শৰীৰৰ বিপাকীয় ক্ৰিয়া বৃদ্ধি পায়, যাৰ বাবে ওজন কমি যায় আৰু আপুনিও পাতল পাতল অনুভৱ কৰিব। যদি আপুনি বহুদিনৰ পৰা ওজন কমাব বিচাৰি আছে কিন্তু পৰা নাই তেন্তে নিশ্চিতভাৱে আদা আৰু ক’লা নিমখৰ মিশ্ৰণ সেৱন কৰক, ই উপকাৰী হ’ব।

৩)আদাত এন্টি এজিং উপাদান পোৱা যায়, যিয়ে ছালত তেজৰ সঞ্চালন উন্নত কৰে। 

৪)আদাই শৰীৰত থকা বিষাক্ত পদাৰ্থ আঁতৰোৱাৰ কাম কৰে আৰু শৰীৰৰ ভিতৰৰ পৰা বিশুদ্ধ কৰে। আৰু ইয়াক গ্ৰহণ কৰি আপুনি মৃত ছালৰ পৰা মুক্তি পাব পাৰে।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ