--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সীমান্ত সুৰক্ষা বাহিনী (বি এছ এফ)ৰ এজন কনিষ্টবলে বুধবাৰে কৰ্তব্যৰ সময়ত পঞ্জাবৰ ফিৰোজপুৰৰ সমীপৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত ভুলবশতঃ অতিক্রম কৰাৰ পাছত তেওঁক পাকিস্তানী সেনাই আটক কৰে। 

জিৰো লাইনৰ সমীপৰ ন' মেন্‌ছ লেণ্ডত শস্য উৎপাদন কৰা ভাৰতীয় কৃষকসকলৰ গতি-বিধি নিৰীক্ষণ কৰিবলৈ চলোৱা দৈনন্দিন তালাচীৰ সময়ত ঘটনাটো সংঘটিত হয়। বি এছ এফৰ ১৮২ সংখ্যক বেটেলিয়নৰ কনিষ্টবল পি কে সিঙে ঘটনাৰ সময়ত ইউনিফর্ম পৰিধান কৰাৰ লগতে সেই সময়ত তেওঁ ছাৰ্ভিচ ৰাইফল লগত ৰাখিছিল। 
এগৰাকী কৃষকক সংগ প্রদান কৰি থকা জোৱানজনে অত্যধিক গৰমৰ বাবে এডাল গছৰ ছাঁত জিৰাবলৈ সীমান্ত ভুলবশতঃ পাৰ হৈ যায় আৰু পাকিস্তানী সেনাই ইয়াক প্রত্যক্ষ কৰি জোৱানজনক আটক কৰে। 

বি এছ এফৰ সূত্ৰসমূহে কয় যে এনে ঘটনা সাধাৰণ আৰু এনে ঘটনাৰ সমাধানৰ বাবে ভাৰত-পাকিস্তানৰ সমাধানৰ মঞ্চ আছে। বি এছ এফৰ জ্যেষ্ঠ বিষয়াসকলে এই ঘটনাৰ পাছত সীমান্তত উপস্থিত হয় আৰু পাকিস্তানী ৰেঞ্জাৰৰ সৈতে এখন ফ্লেগ মিটিং চলি আছে।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ