--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মঙলবাৰৰ দিনটো কাশ্মীৰ উপত্যকাৰ বাবে ভয়ংকৰ আৰু ক'লা দিন আছিল। অনন্তনাগ জিলাৰ পহলগামৰ বেছৰন উপত্যকাৰ ঘাঁহনি পথাৰৰ মনোৰম সৌন্দৰ্যক ম্লান কৰি মৃত্যুৰ কাতৰ ক্ৰন্দন শুনা গৈছিল উপত্যকাটোত। নিষ্ঠুৰ সন্ত্রাসবাদীয়ে এজন এজনকৈ পর্যটকক গুলীয়াই হত্যা কৰিছিল আৰু কেইবাজনকো আহত কৰিছিল। 

পেহেলগামত সন্ত্রাসবাদীৰ এই নির্দয় আক্ৰমণৰ পাছতে দিশহাৰা হোৱা পর্যটকসকলক পার্যমানে সহায় কৰিছিল পেহেলগামৰ স্থানীয় লোকসকলে। 

উদাহৰণ স্বৰূপে ছাজাদ আহমেদ ভাট নামৰ এজন শ্বল ব্যৱসায়ীয়ে সন্ত্রাসবাদীৰ আক্ৰমণৰ পাছত আহত পর্যটকসকলক বোকোচাত উঠাই হস্পিটেললৈ নিয়াৰ ভিডিঅ' ভাইৰেল হৈছিল। 

সন্ত্রাসবাদীৰ গুলীৰ শব্দ শুনাৰ পাছতেই ভাটৰ লগতে বহুকেইজন স্থানীয় লোক বেছৰন উপত্যকালৈ ঢাপলি মেলিছিল আৰু পর্যটকসকলক পার্যমানে সহায় আৰু উদ্ধাৰ কাৰ্যত নিয়োজিত হৈছিল।

পৰ্যটকসকলৰ লগতে থকা ঘোঁৰাচালক আদিল হুছেইনে সন্ত্রাসবাদীৰে যুঁজি নিহত হৈছিল। বেছৰন উপত্যকাৰ শান্ত-সৌম্য পৰিৱেশ গুলীৰ শব্দই বিঘ্নিত কৰাত আতংকিত হৈছে স্থানীয় খাটি খোৱা লোকসকল। সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি স্থানীয় শ্বল ব্যৱসায়ী ছাজাদ ভাটে কয় যে ধৰ্মৰ পূৰ্বে মানৱতাৰ কথা আহে। আৱেগভৰা কণ্ঠেৰে ছাজাদে কয় যে পহলগাম ঘোঁৰাচালক সন্থাৰ সভাপতি আব্দুল ৱাহিদ ৱানে সন্ত্রাসবাদীৰ আক্ৰমণটোৰ বিষয়ত এটা হোৱাটছ এপ গ্ৰুপত মেছেজ দিয়াৰ পাছতেই সকলো স্থানীয় লোক সতর্ক হৈ যায় আৰু তেওঁ ঘটনাস্থলীলৈ ৰাওনা হয়। 

বিয়লি তিনি বজাত ভাট গৈ ঘটনাস্থলীত উপস্থিত হয় আৰু আহতসকলক পানী দিয়ে আৰু যিসকলে খোজকাঢ়িব পৰা নাছিল, তেওঁলোকক বোকোচাত লৈ হস্পিটেললৈ যায়। পর্যটকসকলে কন্দা দেখি তেওঁ নিজৰ আৱেগক ধৰি ৰাখিব নোৱাৰিলে। পর্যটক আহিলেহে তেওঁলোকৰ ঘৰৰ ৰন্ধন চৌকা জ্বলে বুলি আৱেগভৰা মন্তব্য কৰে শ্বল ব্যৱসায়ী ভাটে।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ