--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মঙলবাৰৰ দিনটো কাশ্মীৰ উপত্যকাৰ বাবে ভয়ংকৰ আৰু ক'লা দিন আছিল। অনন্তনাগ জিলাৰ পহলগামৰ বেছৰন উপত্যকাৰ ঘাঁহনি পথাৰৰ মনোৰম সৌন্দৰ্যক ম্লান কৰি মৃত্যুৰ কাতৰ ক্ৰন্দন শুনা গৈছিল উপত্যকাটোত। নিষ্ঠুৰ সন্ত্রাসবাদীয়ে এজন এজনকৈ পর্যটকক গুলীয়াই হত্যা কৰিছিল আৰু কেইবাজনকো আহত কৰিছিল। 

পেহেলগামত সন্ত্রাসবাদীৰ এই নির্দয় আক্ৰমণৰ পাছতে দিশহাৰা হোৱা পর্যটকসকলক পার্যমানে সহায় কৰিছিল পেহেলগামৰ স্থানীয় লোকসকলে। 

উদাহৰণ স্বৰূপে ছাজাদ আহমেদ ভাট নামৰ এজন শ্বল ব্যৱসায়ীয়ে সন্ত্রাসবাদীৰ আক্ৰমণৰ পাছত আহত পর্যটকসকলক বোকোচাত উঠাই হস্পিটেললৈ নিয়াৰ ভিডিঅ' ভাইৰেল হৈছিল। 

সন্ত্রাসবাদীৰ গুলীৰ শব্দ শুনাৰ পাছতেই ভাটৰ লগতে বহুকেইজন স্থানীয় লোক বেছৰন উপত্যকালৈ ঢাপলি মেলিছিল আৰু পর্যটকসকলক পার্যমানে সহায় আৰু উদ্ধাৰ কাৰ্যত নিয়োজিত হৈছিল।

পৰ্যটকসকলৰ লগতে থকা ঘোঁৰাচালক আদিল হুছেইনে সন্ত্রাসবাদীৰে যুঁজি নিহত হৈছিল। বেছৰন উপত্যকাৰ শান্ত-সৌম্য পৰিৱেশ গুলীৰ শব্দই বিঘ্নিত কৰাত আতংকিত হৈছে স্থানীয় খাটি খোৱা লোকসকল। সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি স্থানীয় শ্বল ব্যৱসায়ী ছাজাদ ভাটে কয় যে ধৰ্মৰ পূৰ্বে মানৱতাৰ কথা আহে। আৱেগভৰা কণ্ঠেৰে ছাজাদে কয় যে পহলগাম ঘোঁৰাচালক সন্থাৰ সভাপতি আব্দুল ৱাহিদ ৱানে সন্ত্রাসবাদীৰ আক্ৰমণটোৰ বিষয়ত এটা হোৱাটছ এপ গ্ৰুপত মেছেজ দিয়াৰ পাছতেই সকলো স্থানীয় লোক সতর্ক হৈ যায় আৰু তেওঁ ঘটনাস্থলীলৈ ৰাওনা হয়। 

বিয়লি তিনি বজাত ভাট গৈ ঘটনাস্থলীত উপস্থিত হয় আৰু আহতসকলক পানী দিয়ে আৰু যিসকলে খোজকাঢ়িব পৰা নাছিল, তেওঁলোকক বোকোচাত লৈ হস্পিটেললৈ যায়। পর্যটকসকলে কন্দা দেখি তেওঁ নিজৰ আৱেগক ধৰি ৰাখিব নোৱাৰিলে। পর্যটক আহিলেহে তেওঁলোকৰ ঘৰৰ ৰন্ধন চৌকা জ্বলে বুলি আৱেগভৰা মন্তব্য কৰে শ্বল ব্যৱসায়ী ভাটে।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
জুবিন গাৰ্গৰ শেষকৃত্য ক’ত কৰা হ’ব? দিয়া হ’ব নে চৰকাৰী বন্ধ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান