--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : জম্মু-কাশ্মীৰৰ পেহেলগামত সন্ত্রাসবাদীয়ে চলোৱা নৃশংস আক্ৰমণৰ সময়তে ছট্টিশগড়ত চলি আছে নক্সাল-বিৰোধী সৰ্বকালৰ সৰ্ববৃহৎ অভিযান। ইণ্ডিয়া টুডে'ৰ এক বাতৰি মতে, তিনিখন ৰাজ্যৰ ২০ সহস্রাধিক জোৱানে ছট্টিশগড়ৰ বীজাপুৰত আগুৰি ধৰিছে সহস্রাধিক নক্সালক। ছট্টিশগড়, তেলেংগানা আৰু মহাৰাষ্ট্ৰৰ জোৱানে অংশগ্রহণ কৰা এই অভিযানত ইতিমধ্যে কমেও ৫ নক্সালৰ মৃত্যু হৈছে। 

কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহে ২০২৬ চনৰ ৩১ মাৰ্চৰ ভিতৰত দেশৰ পৰা নক্সালবাদ উৎখাত কৰিব বুলি লোৱা সংকল্পৰ পৰিপ্ৰেক্ষিততে এই অভিযান চলোৱা হৈছে। চোৰাংচোৱাযোগে উক্ত অঞ্চলত মষ্ট ৱান্টেড কমাণ্ডাৰ হিডমা আৰু বেটেলিয়ন মুৰব্বী দেৱকে ধৰি কেইবাজনো শীর্ষ নক্সাল নেতা স্পৰ্শকাতৰ ছট্টিশগড়-তেলেংগানা সীমান্তত থকা কাৰৰেগুট্টা পাহাৰ নিৰাপত্তা বাহিনীয়ে আগুৰি ধৰি নক্সালৰ পলায়নৰ সকলো পথ বন্ধ কৰি দিছে। 

উল্লেখযোগ্য যে কিছুদিনৰ আগতে নক্সালবাদীয়ে এখন জাননী জাৰি কৰিছিল। উক্ত অঞ্চলত আইইডি স্থাপন কৰা হৈছে বুলি কৈ জনসাধাৰণক উক্ত পাহাৰীয়া অঞ্চলত প্ৰৱেশ নকৰিবলৈ জাননীত সতর্ক কৰি দিয়া হৈছিল। নক্সালৰ বিৰুদ্ধে এই বৃহত্তম অভিযানত ডিষ্ট্ৰিক্ট ৰিজার্ভ গার্ড (ডি আৰ জি), বাস্তৰ ফাইটাৰ্ছ, স্পেচিয়েল টাস্ক ফর্ট (এছ টি এফ), ছট্টিশগড় আৰক্ষীৰ সকলো শাখা, চি আৰ পি এফ আৰু কমান্ডো বেটেলিয়ন ফৰ ৰিজলিউট একশ্যন (কৱাৰ) জোৱান জড়িত হৈ আছে। 

আনহাতে, চি আৰ পি এফৰ এজন বিষয়াই জনোৱা মতে, উক্ত অভিযানত চি আৰ পি এফৰ ৫,০০০ জোৱান আছে। বাহিনীয়ে উক্ত অঞ্চলত চাৰিখন হেলিকপ্টাৰ, ছেটেলাইটৰ ফটো আৰু মেপৰ যোগানৰ সৈতে ২০খন ডাঙৰ আৰু সৰু মানৱবিহীন ড্ৰ'নৰ দুটা স্কোৱাড্রন মোতায়েন কৰা হৈছে। চি আৰ পি এফৰ বিষয়াজনৰ মতে, এয়া তেওঁলোকৰ বাহিনীয়ে চলোৱা এই বছৰৰ বৃহত্তম অভিযান। এই অভিযানে বৃহস্পতিবাৰে বিয়লিৰ সময়ছোৱালৈ প্রায় ৬০ ঘণ্টা অতিক্ৰম কৰিছে।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ