--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : জম্মু-কাশ্মীৰৰ পেহেলগামত সন্ত্রাসবাদীয়ে চলোৱা নৃশংস আক্ৰমণৰ সময়তে ছট্টিশগড়ত চলি আছে নক্সাল-বিৰোধী সৰ্বকালৰ সৰ্ববৃহৎ অভিযান। ইণ্ডিয়া টুডে'ৰ এক বাতৰি মতে, তিনিখন ৰাজ্যৰ ২০ সহস্রাধিক জোৱানে ছট্টিশগড়ৰ বীজাপুৰত আগুৰি ধৰিছে সহস্রাধিক নক্সালক। ছট্টিশগড়, তেলেংগানা আৰু মহাৰাষ্ট্ৰৰ জোৱানে অংশগ্রহণ কৰা এই অভিযানত ইতিমধ্যে কমেও ৫ নক্সালৰ মৃত্যু হৈছে। 

কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহে ২০২৬ চনৰ ৩১ মাৰ্চৰ ভিতৰত দেশৰ পৰা নক্সালবাদ উৎখাত কৰিব বুলি লোৱা সংকল্পৰ পৰিপ্ৰেক্ষিততে এই অভিযান চলোৱা হৈছে। চোৰাংচোৱাযোগে উক্ত অঞ্চলত মষ্ট ৱান্টেড কমাণ্ডাৰ হিডমা আৰু বেটেলিয়ন মুৰব্বী দেৱকে ধৰি কেইবাজনো শীর্ষ নক্সাল নেতা স্পৰ্শকাতৰ ছট্টিশগড়-তেলেংগানা সীমান্তত থকা কাৰৰেগুট্টা পাহাৰ নিৰাপত্তা বাহিনীয়ে আগুৰি ধৰি নক্সালৰ পলায়নৰ সকলো পথ বন্ধ কৰি দিছে। 

উল্লেখযোগ্য যে কিছুদিনৰ আগতে নক্সালবাদীয়ে এখন জাননী জাৰি কৰিছিল। উক্ত অঞ্চলত আইইডি স্থাপন কৰা হৈছে বুলি কৈ জনসাধাৰণক উক্ত পাহাৰীয়া অঞ্চলত প্ৰৱেশ নকৰিবলৈ জাননীত সতর্ক কৰি দিয়া হৈছিল। নক্সালৰ বিৰুদ্ধে এই বৃহত্তম অভিযানত ডিষ্ট্ৰিক্ট ৰিজার্ভ গার্ড (ডি আৰ জি), বাস্তৰ ফাইটাৰ্ছ, স্পেচিয়েল টাস্ক ফর্ট (এছ টি এফ), ছট্টিশগড় আৰক্ষীৰ সকলো শাখা, চি আৰ পি এফ আৰু কমান্ডো বেটেলিয়ন ফৰ ৰিজলিউট একশ্যন (কৱাৰ) জোৱান জড়িত হৈ আছে। 

আনহাতে, চি আৰ পি এফৰ এজন বিষয়াই জনোৱা মতে, উক্ত অভিযানত চি আৰ পি এফৰ ৫,০০০ জোৱান আছে। বাহিনীয়ে উক্ত অঞ্চলত চাৰিখন হেলিকপ্টাৰ, ছেটেলাইটৰ ফটো আৰু মেপৰ যোগানৰ সৈতে ২০খন ডাঙৰ আৰু সৰু মানৱবিহীন ড্ৰ'নৰ দুটা স্কোৱাড্রন মোতায়েন কৰা হৈছে। চি আৰ পি এফৰ বিষয়াজনৰ মতে, এয়া তেওঁলোকৰ বাহিনীয়ে চলোৱা এই বছৰৰ বৃহত্তম অভিযান। এই অভিযানে বৃহস্পতিবাৰে বিয়লিৰ সময়ছোৱালৈ প্রায় ৬০ ঘণ্টা অতিক্ৰম কৰিছে।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ