--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আই পি এল ২০২৫ৰ আন এখন গুৰুত্বপূৰ্ণ খেলত মুম্বাই ইণ্ডিয়ানছৰ দলে ঘৰুৱা ক্ষেত্ৰত ৰাজস্থান ৰয়েলছক ১০০ ৰানত পৰাস্ত কৰে। এই মেচখনত পুনৰবাৰ মুম্বাইৰ হৈ ইনিংছ মুকলি কৰি ৰোহিত শৰ্মাই এক উজ্জ্বল ইনিংছ খেলিলে। এই খেলখনত ৰোহিতে ৩৬টা বলত ৫৩ ৰান সংগ্ৰহ কৰে। যাৰ বাবে ৰোহিতে আই পি এলৰ ইতিহাসত এক বৃহৎ অভিলেখ ভংগ কৰিছে।


মুম্বাই ইণ্ডিয়ানছৰ হৈ খেলি ৰোহিতে ৬ হাজাৰ ৰান সংগ্ৰহ কৰা প্ৰথমজন বেটছমেন হিচাপে পৰিগণিত হয়। মুম্বাইৰ হৈ ২৩১ সংখ্যক ইনিংছ খেলি এই অভিলেখ গঢ়িবলৈ সক্ষম হয় ৰোহিত শৰ্মাই। মুম্বাইৰ হৈ তেওঁৰ কেইবাটাও অভিলেখ আছে, য’ত আছে সৰ্বাধিক ছয় কৰা আৰু সৰ্বাধিক ‘প্লেয়াৰ অৱ দ্য মেচ’ বঁটা লাভ কৰা। ইয়াৰ উপৰিও তেওঁ নিজৰ অধিনায়কত্বত দলটোৰ হৈ ৫টা আই পি এল খিতাপ দখল কৰিছে। লীগৰ ইতিহাসত এটা দলৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহ কৰা বেটছমেনৰ তালিকাত এতিয়া যোগদান কৰিছে ৰোহিত শৰ্মাই। এই তালিকাত তেওঁ বিৰাট কোহলীৰ দৰে কিংবদন্তি খেলুৱৈৰ সৈতে নিজৰ নাম পঞ্জীয়ন কৰিছে। সুৰেশ ৰাইনা আৰু এম এছ ধোনীৰ দৰে কিংবদন্তিকো এৰি থৈ গৈছে।


মুম্বাইৰ হৈ শীৰ্ষ ৰান সংগ্ৰহকাৰী :

ৰোহিত শৰ্মাঃ ২৩১খন মেচ, ৬,০২৪ ৰান
কিৰন পোলাৰ্ড : ২১১ মেচ, ৩,৯১৫ ৰান
সূৰ্যকুমাৰ যাদৱঃ ১০১ মেচ, ৩,৩৭৭ ৰান

আই পি এলৰ এটা দলৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহ কৰা বেটছমেন:

বিৰাট কোহলীঃ ৮,৪৪৭ ৰান (ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু)
ৰোহিত শৰ্মাঃ ৬,০২৪ ৰান (মুম্বাই ইণ্ডিয়ানছ)
সুৰেশ ৰাইনাঃ ৫,৫২৯ ৰান (চেন্নাই ছুপাৰ কিংছ)
এম এছ ধোনীঃ ৫,২৬৯ ৰান (চেন্নাই ছুপাৰ কিংছ)

মেচখনৰ কথা ক’বলৈ গ’লে মুম্বাইয়ে আৰআৰক ২১৮ ৰানৰ লক্ষ্য দিছিল। ৰোহিত শৰ্মা আৰু ৰিয়ান ৰিকেল্টনে ৩৮ বলত ৬১ ৰান সংগ্ৰহ কৰি প্ৰথম উইকেটৰ বাবে ১১৬ ৰান সংগ্ৰহ কৰে। ১৩ অভাৰৰ চতুৰ্থ বলত আউট হৈছিল ৰোহিত শৰ্মা। তেওঁ ৩৬টা বলত ৫৩ ৰান সংগ্ৰহ কৰে, য’ত ৯টা চাৰিটাও আছিল। সূৰ্যকুমাৰ যাদৱ আৰু হাৰ্দিক পাণ্ডিয়াইও উজ্জ্বল বেটিং কৰে। দুয়োজনে ২৩টা বলত ৪৮-৪৮ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে। ইয়াৰ উত্তৰত ৰাজস্থান মাত্ৰ ১১৭ ৰানত অল আউট হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ