--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আই পি এল ২০২৫ৰ আন এখন গুৰুত্বপূৰ্ণ খেলত মুম্বাই ইণ্ডিয়ানছৰ দলে ঘৰুৱা ক্ষেত্ৰত ৰাজস্থান ৰয়েলছক ১০০ ৰানত পৰাস্ত কৰে। এই মেচখনত পুনৰবাৰ মুম্বাইৰ হৈ ইনিংছ মুকলি কৰি ৰোহিত শৰ্মাই এক উজ্জ্বল ইনিংছ খেলিলে। এই খেলখনত ৰোহিতে ৩৬টা বলত ৫৩ ৰান সংগ্ৰহ কৰে। যাৰ বাবে ৰোহিতে আই পি এলৰ ইতিহাসত এক বৃহৎ অভিলেখ ভংগ কৰিছে।


মুম্বাই ইণ্ডিয়ানছৰ হৈ খেলি ৰোহিতে ৬ হাজাৰ ৰান সংগ্ৰহ কৰা প্ৰথমজন বেটছমেন হিচাপে পৰিগণিত হয়। মুম্বাইৰ হৈ ২৩১ সংখ্যক ইনিংছ খেলি এই অভিলেখ গঢ়িবলৈ সক্ষম হয় ৰোহিত শৰ্মাই। মুম্বাইৰ হৈ তেওঁৰ কেইবাটাও অভিলেখ আছে, য’ত আছে সৰ্বাধিক ছয় কৰা আৰু সৰ্বাধিক ‘প্লেয়াৰ অৱ দ্য মেচ’ বঁটা লাভ কৰা। ইয়াৰ উপৰিও তেওঁ নিজৰ অধিনায়কত্বত দলটোৰ হৈ ৫টা আই পি এল খিতাপ দখল কৰিছে। লীগৰ ইতিহাসত এটা দলৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহ কৰা বেটছমেনৰ তালিকাত এতিয়া যোগদান কৰিছে ৰোহিত শৰ্মাই। এই তালিকাত তেওঁ বিৰাট কোহলীৰ দৰে কিংবদন্তি খেলুৱৈৰ সৈতে নিজৰ নাম পঞ্জীয়ন কৰিছে। সুৰেশ ৰাইনা আৰু এম এছ ধোনীৰ দৰে কিংবদন্তিকো এৰি থৈ গৈছে।


মুম্বাইৰ হৈ শীৰ্ষ ৰান সংগ্ৰহকাৰী :

ৰোহিত শৰ্মাঃ ২৩১খন মেচ, ৬,০২৪ ৰান
কিৰন পোলাৰ্ড : ২১১ মেচ, ৩,৯১৫ ৰান
সূৰ্যকুমাৰ যাদৱঃ ১০১ মেচ, ৩,৩৭৭ ৰান

আই পি এলৰ এটা দলৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহ কৰা বেটছমেন:

বিৰাট কোহলীঃ ৮,৪৪৭ ৰান (ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু)
ৰোহিত শৰ্মাঃ ৬,০২৪ ৰান (মুম্বাই ইণ্ডিয়ানছ)
সুৰেশ ৰাইনাঃ ৫,৫২৯ ৰান (চেন্নাই ছুপাৰ কিংছ)
এম এছ ধোনীঃ ৫,২৬৯ ৰান (চেন্নাই ছুপাৰ কিংছ)

মেচখনৰ কথা ক’বলৈ গ’লে মুম্বাইয়ে আৰআৰক ২১৮ ৰানৰ লক্ষ্য দিছিল। ৰোহিত শৰ্মা আৰু ৰিয়ান ৰিকেল্টনে ৩৮ বলত ৬১ ৰান সংগ্ৰহ কৰি প্ৰথম উইকেটৰ বাবে ১১৬ ৰান সংগ্ৰহ কৰে। ১৩ অভাৰৰ চতুৰ্থ বলত আউট হৈছিল ৰোহিত শৰ্মা। তেওঁ ৩৬টা বলত ৫৩ ৰান সংগ্ৰহ কৰে, য’ত ৯টা চাৰিটাও আছিল। সূৰ্যকুমাৰ যাদৱ আৰু হাৰ্দিক পাণ্ডিয়াইও উজ্জ্বল বেটিং কৰে। দুয়োজনে ২৩টা বলত ৪৮-৪৮ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে। ইয়াৰ উত্তৰত ৰাজস্থান মাত্ৰ ১১৭ ৰানত অল আউট হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
নতুন দিল্লীত কর্মসংস্থানৰ ভুৱা চক্ৰ উৎখাত, এয়াৰলাইন্‌ত নিযুক্তিৰ দিছিল প্রলোভন
গভীৰ সংকটত ইণ্ডিয়ান চুপাৰ লীগ
সাৱধান! অচিনাকি নম্বৰৰ পৰা আপোনালৈও আহে নেকি ফোন ? পৰিব পাৰে বিপদত
মিচিং ভাষাত সহস্রধিক ছাত্ৰ-ছাত্ৰীয়ে পৰিবেশন কৰে সুধাকণ্ঠৰ কালজয়ী গীত 'মানুহে মানুহৰ বাবে'
আজি ব্ৰহ্মপুত্ৰৰ ওপৰত উৰিব ৰাফেল-তেজস, 'মায়াবিনী...'ৰ সুৰত ভাৰতীয় সেনাৰ বৃহৎ এয়াৰ শ্ব' 'সূৰ্যকিৰণ'
নিশা ধিঙত সংঘটিত হ'ল এক ভয়ংকৰ পথ দুৰ্ঘটনা ; তীব্ৰবেগত মৰা খুন্দাত জ্বলিল এলট্ৰ’জ বাহন
জুবিন গাৰ্গৰ পিছে পিছে বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাও গুচি গ'ল উভতি নহাৰ বাটেৰে
কচু শাকৰ চমৎকাৰী উপকাৰিতাৰ কথা জানিলে আচৰিত হ'ব আপুনি
মহাকাশলৈ প্ৰেৰণ CMS-03 (GSAT-7R), শত্ৰুৰ প্ৰতিটো খোজৰ ওপৰতে ৰাখিব চকু
কাটিগড়াত শহুৰেকৰ ঘৰত জোঁৱাইক বিহপান কৰোৱাৰ গুৰুতৰ অভিযোগ! হাস্পতালত মৃত্যু জোঁৱাই বিমল দাসৰ
বৰপেটাত NHM কৰ্মচাৰীৰ তিনিদিনিয়া অৱস্থান ধৰ্মঘট আৰু কৰ্মবিৰতি
পতঞ্জলি বিশ্ববিদ্যালয় সমাৱৰ্তনঃ মুখ্য অতিথি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু
উদুলি-মুদুলি মাজুলীৰ মঞ্চই মঞ্চই কাইলৈৰ পৰা হ'ব ৰাসলীলা, ৬ নৱেম্বৰত মাজুলীত স্থানীয় বন্ধ ঘোষণা প্রশাসনৰ
বটলিফ ফেক্টৰীয়ে পুনৰ ক্ৰয় কৰিব কেঁচা চাহপাত, ডুমডুমাত বিভাগীয় কর্তৃপক্ষৰে বৈঠকৰ পাছত সিদ্ধান্ত