--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ভাৰতীয় ডিফেণ্ডাৰ তথা মোহনবাগান ছুপাৰ জায়েন্টছৰ শুভাশিস বসু আৰু ইষ্ট বেংগলৰ ষ্ট্ৰাইকাৰ সৌম্যা গুগুলোথে এ আই এফ এফৰ ক্ৰমে পুৰুষ আৰু মহিলাৰ বৰ্ষশ্রেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰিছে। 

ভুৱনেশ্বৰত শুকুৰবাৰে সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্যনে আয়োজন কৰা পুৰস্কাৰ বিতৰণী অনুষ্ঠানত উভয়কে উক্ত বঁটাৰ বাবে মনোনীত কৰা হয়। শুভাশিসৰ নেতৃত্বতে মোহনবাগানে লীগ উইনাৰ্ছ ট্রফী আৰু আই এছ এল কাপ জয় কৰে। 

২৪খন খেলৰ পৰা ৫৬ পইণ্ট গোটাই টেবুলত শীর্ষ স্থানেৰে আই এছ এল ট্রফী লাভ কৰে মোহনবাগানে। আনহাতে, প্রাক্তন চেম্পিয়ন বেংগালুৰু এফ চিক ফাইনেলত ১-২ গ'লত হৰুৱাই মোহনবাগানে আই এছ এল কাপ জয় কৰে আৰু তেনেদৰেই ডাবল অর্জন কৰে। মুম্বাই চিটি এফ চিৰ পাছত (২০২০-২০২১) দ্বিতীয়টো দল ৰূপে তেনে দৃষ্টি অর্জন কৰে মোহনবাগানে। ইফালে, জামছেদপুৰ এফ চিৰ খালিদ জামিলে একেৰাহে দ্বিতীয়বাৰলৈ পুৰুষৰ বৰ্ষশ্রেষ্ঠ প্রশিক্ষকৰ বঁটা লাভ কৰে। 

আনহাতে, ছুজাতা কৰে মহিলাৰ বৰ্ষশ্রেষ্ঠ প্রশিক্ষকৰ সন্মান অর্জন কৰে। ইফালে, এফ চি গোৱাৰ মিডফিল্ডাৰ ব্ৰিছন ফার্নান্ডোজে উদীয়মান বর্ষশ্রেষ্ঠ পুৰুষ খেলুৱৈৰ বঁটা পোৱাৰ বিপৰীতে মহিলাৰ বৰ্ষশ্রেষ্ঠ উদীয়মান খেলুৱৈ হিচাপে বঁটা  লাভ কৰে শ্রীভূমি এফ চিৰ ১৮ বছৰীয়া ডিফেণ্ডাৰ থৈবিছানা চানুৱে। পুৰুষৰ বৰ্ষশ্রেষ্ঠ গ'লকীপাৰ বঁটা মোহনবাগানৰ বিশাল কেইথে পোৱাৰ বিপৰীতে মহিলাৰ শাখাত সেই সন্মান লাভ কৰে ইষ্ট বেংগলৰ পানথৈ চানুৱে।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ