--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ভাৰতীয় ডিফেণ্ডাৰ তথা মোহনবাগান ছুপাৰ জায়েন্টছৰ শুভাশিস বসু আৰু ইষ্ট বেংগলৰ ষ্ট্ৰাইকাৰ সৌম্যা গুগুলোথে এ আই এফ এফৰ ক্ৰমে পুৰুষ আৰু মহিলাৰ বৰ্ষশ্রেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰিছে। 

ভুৱনেশ্বৰত শুকুৰবাৰে সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্যনে আয়োজন কৰা পুৰস্কাৰ বিতৰণী অনুষ্ঠানত উভয়কে উক্ত বঁটাৰ বাবে মনোনীত কৰা হয়। শুভাশিসৰ নেতৃত্বতে মোহনবাগানে লীগ উইনাৰ্ছ ট্রফী আৰু আই এছ এল কাপ জয় কৰে। 

২৪খন খেলৰ পৰা ৫৬ পইণ্ট গোটাই টেবুলত শীর্ষ স্থানেৰে আই এছ এল ট্রফী লাভ কৰে মোহনবাগানে। আনহাতে, প্রাক্তন চেম্পিয়ন বেংগালুৰু এফ চিক ফাইনেলত ১-২ গ'লত হৰুৱাই মোহনবাগানে আই এছ এল কাপ জয় কৰে আৰু তেনেদৰেই ডাবল অর্জন কৰে। মুম্বাই চিটি এফ চিৰ পাছত (২০২০-২০২১) দ্বিতীয়টো দল ৰূপে তেনে দৃষ্টি অর্জন কৰে মোহনবাগানে। ইফালে, জামছেদপুৰ এফ চিৰ খালিদ জামিলে একেৰাহে দ্বিতীয়বাৰলৈ পুৰুষৰ বৰ্ষশ্রেষ্ঠ প্রশিক্ষকৰ বঁটা লাভ কৰে। 

আনহাতে, ছুজাতা কৰে মহিলাৰ বৰ্ষশ্রেষ্ঠ প্রশিক্ষকৰ সন্মান অর্জন কৰে। ইফালে, এফ চি গোৱাৰ মিডফিল্ডাৰ ব্ৰিছন ফার্নান্ডোজে উদীয়মান বর্ষশ্রেষ্ঠ পুৰুষ খেলুৱৈৰ বঁটা পোৱাৰ বিপৰীতে মহিলাৰ বৰ্ষশ্রেষ্ঠ উদীয়মান খেলুৱৈ হিচাপে বঁটা  লাভ কৰে শ্রীভূমি এফ চিৰ ১৮ বছৰীয়া ডিফেণ্ডাৰ থৈবিছানা চানুৱে। পুৰুষৰ বৰ্ষশ্রেষ্ঠ গ'লকীপাৰ বঁটা মোহনবাগানৰ বিশাল কেইথে পোৱাৰ বিপৰীতে মহিলাৰ শাখাত সেই সন্মান লাভ কৰে ইষ্ট বেংগলৰ পানথৈ চানুৱে।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত