--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিয়া হোৱাৰ দুমাহ  হৈছেহে৷এই দুমাহতে পত্নীৰ অত্যাচাৰত  সম্বামীৰ অৱস্থা হৈ পৰিছিল কাহিল৷ কেৱল অত্যাচাৰতে ক্ষান্ত নাথাকি পত্নীয়ে স্বামীক হত্যাৰ অপচেষ্টাও চলায়। পশ্চিমবংগৰ মালদাৰ মহিশ্বাথানী গ্ৰাম পঞ্চায়ত এলেকাত সংঘটিত হৈছে এই  চাঞ্চল্যকৰ ঘটনাটো। 

আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি মহিশ্বাথানী গ্ৰাম পঞ্চায়ত ৰাহুত গাঁৱৰ বাসিন্দা আয়াতুল শ্বেখে দুমাহ আগতে ইংৰাজী বজাৰৰ নৰহট্ট গ্ৰাম পঞ্চায়তৰ সাতঘৰীয়া গাঁৱৰ বাসিন্দা আজমীৰা খাতুনৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল।  কেইদিনমান আগতে, আয়াতুলে কৰ্মসূত্ৰে থকা  ভিন্ন ৰাজ্যৰ পৰা ৰাউত গাঁৱৰ ঘৰলৈ আহিছিল। ঘৰলৈ উভতি অহাৰ পিছৰে পৰা তেওঁ পত্নীৰ অত্যাচাৰৰ বলি হ’বলগীয়া হয়৷

আয়াতুল শ্বেইখে এই প্ৰসংগত কয়, ’মই বাহিৰৰ দেশৰ পৰা ঘৰলৈ উভতি অহাৰ এসপ্তাহ হ'ল। মোক সদায় পত্নীয়ে খাদ্যৰ সৈতে নিচাযুক্ত দ্ৰৱ্য খুৱাই শুৱাই ৰখাৰ চেষ্টা কৰিছিল৷ যিকোনো বস্তু খোৱাৰ পিছতে মোৰ নিচা লাগিছিল আৰু একেথিৰে এঠাইতে বহি ৰৈছিলো৷  এই বিষয়ে  মই মোৰ নৱবিবাহিতা পত্নী আজমিৰা খাতুনক বহু বাৰ  সুধিছিলো। 

কিন্তু তেওঁ কোনো উত্তৰ দিয়া নাছিল’। সোমবাৰে নিশা, আজমিৰাই তেওঁৰ স্বামীৰ ওপৰত নিৰ্মমভাৱে অত্যাচাৰ চলায়।মহিলাগৰাকীয়ে প্ৰথমে তেওঁৰ স্বামীৰ  খনত অন্তৰ্বাসেৰে  সোপা দিছিল৷। তাৰ পিছত স্বামীৰ হাত, ভৰি আদিও  বান্ধি পেলায়৷ তাৰ পিছতে আজমিৰাই ফোন কৰি স্বামীক হত্যা কৰিবলৈ  কাৰোবাক মাতে । আজমিৰাই গোটেই ঘটনাটো ভিডিঅ' ৰেকৰ্ডিঙো কৰে বুলি জানিব পৰা গৈছে। অন্তৰ্বাসেৰে মুখত সোপা দিয়া আয়াতুলৰ ডিঙিৰ পৰা গেঙনিৰ দৰে শব্দ ওলাবলৈ ধৰে৷ সেই গেঙনি শুনি তেওঁলোকৰ কোঠাৰ কাষতে থকা আয়াতুলৰ বৃদ্ধ মাক- দেউতাক বিচনাৰ পৰা উঠি আহে আৰু পুত্ৰক হাত-ভৰি বন্ধা অৱস্থাত উদ্ধাৰ কৰে৷

আয়াতুলৰ পিতৃ-মাতৃৰ  চিঞৰ-বাখৰ শুনি চুবুৰীয়া বহুলোক সেই স্থানত উপস্থিত হয় আৰু আয়াতুলক বন্দী অৱস্থাৰ পৰা উদ্ধাৰ কৰে৷ উত্তেজিত হৈ পৰা লোকসকলে আজমিৰাক প্ৰহাৰ কৰিবলৈ উদ্যত হয় যদিও আৰক্ষী উপস্থিত হোৱাত তেওঁ ৰক্ষা পৰে৷

পুৰণি মালদা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই প্ৰকাশ কৰা অনুসৰি মহিলাগৰাকীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে৷ তেওঁ মানসিকভাৱে বিকাৰগ্ৰস্ত হ’ব পাৰে অথবা তেওঁৰ বিবাহ বহিৰ্ভূত সম্পৰ্ক থাকিব পাৰে বুলি আৰক্ষীয়ে সন্দেহ কৰিছে।আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে৷

 



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ