--°C
Loading...
Listen to Article
2 min read
80%
ডি্‌জিটেল ডেস্ক : বিজেপিৰ ‌নিলম্বিত মুখপাত্ৰ নূপুৰ শৰ্মাই জ্বলোৱা জুই নুনুমুওৱাৰ উপক্ৰম ঘ‌টিছে। ভাৰতক ব্যাপক অস্ব‌স্তিৰ সন্মুখীন কৰোঁৱা নূপুৰ শৰ্মাক নিলম্বতি কৰি বিজেপিয়ে পৰিস্থিতি‌ চম্ভালিবলৈ চেষ্টা কৰিছে যদিীও ই সহজে শাম কাটিব যেন লগা নাই। নূপুৰ শৰ্মাৰ মন্তব্যৰ পাছতে কানপুৰত সাম্প্ৰদায়িহক সংঘৰ্ষৰ সূ্ত্ৰপাত ঘটিছিল। তাৰ পাছতে প্ৰফেট মহম্মদ সম্পৰ্কত নূপুৰ শৰ্মাই কৰা মন্তব্যক লৈ জাঙুৰ খাই উঠি‌ছে আৰৱ বিশ্ব। প্ৰফেট মহম্মদ সম্পৰ্কত অতি বিতৰ্কিত মন্তব্য কৰাৰ পাছতে কাটাৰ, কুৱেইট,  ইউএই, পাকিস্তান, মালদ্বীপ, ইণ্ডোনেছিয়া আদিকে ধৰি কমেও ১৫খন ইছলামধৰ্মী দেশৰ ৰোষৰ বলি হৈছে ভাৰত। এনে পৰিস্থিতিত বিজেপিকয়ে তেওঁলোকৰ মুখপাত্ৰসকলক লেকাম লগোৱাৰো ব্যৱস্থা গ্ৰহণ ক‌ৰিছে। কিন্তু এইবাৰ এটা নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে ভাৰত।

এই প্ৰত্যাহ্বান আহিছে বিশ্বত্ৰাস সন্ত্ৰাসবাদী আল কায়দাৰ পৰা। আল কায়দাই প্ৰফেট মহম্মদক অপমান কৰা কাৰ্যৰ পোটক তোলাৰ হুংকাৰ দিছে। সন্ত্ৰাসবাদী সংগঠনটোৱে হুংকাৰ দিছে যে, দেশৰ কেইবাখনো ৰাজ্য তথা মহানগৰত আত্মঘাতী আক্ৰমণ চলাব সন্ত্ৰাসবাদী সংগঠনটোৱে। দিল্লী, মুম্বাই, উত্তৰ প্ৰদেশ, গুজৰাটত আত্মঘাতী আক্ৰমণ চলোৱাৰ হুংকাৰ দিছে সন্ত্ৰাসবাদী সংগঠনটোৱে। ‘প্ৰফেট মহম্মদৰ সন্মান ৰক্ষাৰ যুঁজ’ত এতিঠয়া সন্ত্ৰাসবাদী সংগঠনটো চামিল হ’ব বুলি  হুংকাৰ দিয়াৰ পাছত দেশত চাঞ্চল্যৰ সৃষ্টিি হৈছে। সন্ত্ৰাসবাদী সংগঠনটোৱে ভাবুকিৰ দিছে যে, ‘যিসকলে আমাৰ প্ৰফেট মহম্মদক অপমান কৰিছে তেওঁলোকক আমিঠ হত্যা কৰিম। আমাৰ নিজৰ শৰীৰ আমাৰ সন্তানৰ শৰীৰ সৈতে তেওঁলোককো আমিত উৰুৱাই দিম যিসকলে প্ৰফেট মহম্মদক অপমান কৰাৰ দুঃসাহস কৰিছে। গেৰুৱা সন্ত্ৰাসবাদীসকলে এতিৰয়া তেওঁলোকৰ শেষ পৰিণতৰি বাবে দিল্লী, মুম্বাই, উত্তৰ প্ৰদেশ, গুজৰাটত অপেক্ষা কৰক। এখন পত্ৰযোগে এই ভাবুকিক দিছে সন্ত্ৰাসবাদী সংগঠনটোৱে। এই হুংকাৰৰ পাছতে দেশত এতিে ৈয়া উদ্বেগৰ পৰিস্থিিতৰি সৃষ্টিা হৈছে।

উল্লেখ্য যে, নূপুৰ শৰমাৰ মন্তব্যই শলঠেকত পেলোৱা বিজেপিগয়ে এতিৰয়া তেওঁলোকৰ মুখপাত্ৰসকলৰ বাবে লক্ষ্মণৰেখা আঁকিম দিবলৈ বাধ্য হৈ পৰিছে। তেওঁলোকৰ মুখপাত্ৰসকলক লেকাম লগাই নতুন নীতিআ-নিৰয়ম নিৰ্ধাৰণ কৰিছে বিজেপিাৰয়ে। সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি এতিয়া কেৱল আনুষ্ঠানিক মুখপাত্ৰ আৰু পেনেলিষ্টসকলকহে এতিয়া টিভি বিতৰ্কৰ অংশ লোৱাৰ অনুমতি দিয়া হ’ব। মিডিয়া কোষক এতিয়া টিভি বিতৰ্কৰ বাবে মুখপাত্ৰ নিযুক্তি দিয়াৰ দায়িত্ব দিয়া হৈছে। তদুপৰি যিসকল মুখপাত্ৰই টিভিৰ বিতৰ্কৰ অংশগ্ৰহণ কৰিব তেওঁলোকক কোনো ধৰ্মীয় বিষয়ত মন্তব্য নকৰিবলৈ চৰ্ত বান্ধি  দিকয়া হৈছে।
তেওঁলোকক নিৰ্দেশ দিয়া হৈছে যে, ‘সংযত ভাষা ব্যৱহাৰ কৰিব। কোনো কথাতে উত্তেজিত আৰু নিয়ন্ত্ৰণহীন ৰূপ ধাৰণ নকৰিব। কোনো কাৰণতে দলৰ নীতি আৰু আদৰ্শক উলংঘা নকৰিব।’ কোনোবাই উচতনি দিলেও যাতে সেয়া কৰা নহয় তাৰ বাবেও সকীয়াই দিয়া হৈছে। নতুন নিয়ম অনুসৰি মুখপাত্ৰসকল দলৰ লক্ষ্য-উদ্দেশ্যৰ পৰা বিচলিত হ’ব নোৱাৰিব আৰু কাৰো জালত যাতে ভৰি দিবলগীয়া নহয় তাৰ বাবে অত্যন্ত সতৰ্ক হৈ থাকিব লাগিব। তেওঁলোকে দৰিদ্ৰজনৰ বাবে কৰা কামবোৰৰ বিষয়ে প্ৰচাৰ কৰিবলৈহে শ্ব’বোৰত সাজু থাকিব লাগিব বুলি ও নিগয়ম বান্ধিে দিবয়া হৈছে।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
দেশৰ ১৫ সংখ্যক উপ-ৰাষ্ট্ৰপতি হিচাবে শপত গ্ৰহণ চি পি ৰাধাকৃষ্ণনৰ
'চীনৰ হাতত ভাৰত-ৰাছিয়াক হেৰুৱাই পেলোৱা যেন লাগিছে'- ড’নাল্ড ট্ৰাম্প
আমেৰিকাক পুটিনৰ সকীয়নি ; ভাৰত-চীনক দুৰ্বল কৰাৰ চেষ্টা নকৰিব
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন