--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মোবাইল ফোনৰ অপব্যৱহাৰে কিদৰে বহুতৰে জীৱনলৈ ভয়াৱহ বিপদ মাতি আনিছে সেয়া আৰু নতুন কথা হৈ থকা নাই। অনলাইনত মোবাইল গেম খেলিবলৈ গৈ বহু কিশোৰ-কিশোৰীয়ে আনকি অভিভাৱকৰ একাউণ্টৰ পৰা ধন চুৰি কৰাৰ দৰে ঘটনাও ঘটিছে।এইবাৰ তাতকৈও বেছি ভয়াৱহ ঘটনা এটা ঘটিছে উত্তৰ প্ৰদেশত।

মোবাইল গেম খেলাত বাধা দিয়াৰ বাবেই উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌত এটি ১৬ বছৰীয়া কিশোৰে নিজৰ মাতৃকে হত্যা কৰাৰ ঘটনাই দেশজুৰি জোকাৰণিৰ সৃষ্টি কৰিছে। কিশোৰজনে মাতৃক হত্যা কৰি মৃতদেহটো পেছাদাৰী হত্যাকাৰীৰ দৰেই দুদিন ধৰি লুকুৱাই ৰাখিছিল। 

ঘটনাটো  সংঘটিত হৈছিল সোমবাৰে।ঘটনাৰ দুদিন পিছত আজি হত্যাকাৰী কিশোৰজনক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়।  আৰক্ষীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি সোমবাৰে ৰাতিপুৱা মোবাইল গেম খেলি থকাক লৈ ১৬ বছৰীয়া পুত্ৰৰ সৈতে মাকৰ কাজিয়া হৈছিল। পৰিস্থিতি ইমানেই উত্তপ্ত হৈ পৰিছিল যে কিশোৰজনৰ মনত মাকক শেষ কৰি দিয়াৰ চিন্তাই বাহ লৈছিল।

 খঙত হিতাহিত জ্ঞান হেৰুৱাই কিশোৰ জনে তেওঁৰ দেউতাকৰ অনুজ্ঞাপ্ৰাপ্ত ৰিভলভাৰটো উলিয়াই  তেওঁৰ মাকৰ ওপৰত গুলী চালনা কৰিছিল। গুলীবিদ্ধ হোৱাৰ অলপ পিছতে মাকৰ  মৃত্যু হৈছিল।

মাকক হত্যা কৰিও অকণো বিচলিত হৈ নপৰা কিশোৰজনে হত্যাৰ ঘটনাটো গাপ দিবলৈ  মাকৰ  মৃতদেহটো দুদিনৰ বাবে ঘৰৰ ভিতৰতে  লুকুৱাই ৰাখিছিল।

সোমবাৰৰ পৰা মাকৰ মৃতদেহ লুকুৱাই ৰখা স্থানৰ কাষতে কিশোৰ জনে তেওঁৰ ৯ বছৰীয়া ভনীয়েকৰ সৈতে আছিল।
মাকৰ মৃতদেহৰ পৰা যাতে  দুৰ্গন্ধ ওলাব নোৱাৰে তাৰ বাবে কিশোৰ জনে মৃতদেহত ৰুম ফ্ৰেচনাৰ আৰু পাৰফিউম চটিয়াই দিছিল। কিশোৰ জনৰ ৯ বছৰীয়া  ভগ্নীয়ে এই সকলো কথা  জানিব পাৰিছিল  কিন্তু কিশোৰজনে এইকথা কাৰোৱাক ক’লে  ভনীয়েকৰো অৱস্থা একে হ’ব বুলি ভাবুকি দিছিল৷

কিশোৰ জনৰ  পিতৃয়ে ভাৰতীয়  সেনাবাহিনীত চাকৰি  কৰে।কৰ্মসূত্ৰে তেওঁ পশ্চিমবংগত থাকে। কিশোৰজনে  তেওঁৰ দেউতাকক  মাতৃৰ মৃত্যুৰ বিষয়ে অৱগত কৰিছিল। কিশোৰ জনে মাতৃৰ মৃত্যুৰ ভুৱা  কাহিনী ৰচনা কৰি  দেউতাকক জনাইছিল যে তেওঁলোকৰ ঘৰলৈ এজন ইলেক্ট্ৰিচিয়ান আহিছিল আৰু সেই ইলেক্ট্ৰিচিয়ান জনেই  মাকৰ ওপৰত গুলীয়াই হত্যা কৰিছে৷পিতৃক অৱগত কৰাৰ পিছতে ঘটনাটোৰ বিষয়ে আৰক্ষীয়ে জানিব পাৰে আৰু কিশোৰ জনৰ ঘৰলৈ আহি মৃতদেহটো উদ্ধাৰ কৰে৷

কিশোৰজনে  আৰক্ষীকো ইলেক্ট্ৰিচিয়ান এজনে মাকক হত্যা কৰা বুলি কৈছিল। অৱশ্যে তদন্ত চলাই আৰক্ষীয়ে প্ৰকৃত ঘটনাটোৰ বিষয়ে জানিব পাৰে আৰু মাতৃহন্তা কিশোৰ জনক আটক কৰে৷ আৰক্ষীৰ জেৰাত কিশোৰ জনে মোবাইল গেম খেলিবলৈ নিদিয়াৰ বাবেই মাকক হত্যা কৰাৰ কথা স্বীকাৰ কৰা বুলি  লক্ষ্ণৌ আৰক্ষী থানাৰ জ্যেষ্ঠ আৰক্ষী বিষয়া এছ এম কাছিম আবিদীয়ে সাংবাদিকক জানিবলৈ দিছে৷ 

ঘটনাটোৰ বিষয়ে জানিব পাৰি চুবুৰীয়া লোকসকল হতভম্ব হৈ পৰিছে৷ মোবাইলে গেমে কেনে ভয়াৱহ ক্ষতি সাধিব পাৰে তাৰেই এক শেহতীয়া উদাহৰণ হিচাবে চিহ্নিত হৈছে লক্ষ্ণৌত সংঘটিত হোৱা ঘটনাটো৷

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ